নিয়মীয়া বাৰ্ত ২৪মেঃ এফালে ক’ৰোনা মহামাৰীৰ সন্ত্ৰাস আৰু আনফালে দীঘলীয়া লকডাউন।যাৰ বাবে কিছুমান বিশেষ বৃত্তিত নিয়োজিত লোকৰ জীৱিকালৈ আহি পৰিছে প্ৰত্যাহ্বান। এয়া পৰম্পৰাগত কৃষ্টি চৰ্চা কৰিয়েই চলি থকা লোক হওক নতুবা ক্ষুদ্ৰ বৃত্তিত নিয়োজিত লোকেই হওক।লক্ষণীয় যে লকডাউনৰ ফলত ক্ষৌৰকৰ্মী অথবা নাপিত সকলৰ অৱস্থা হৈ পৰিছে তথৈবচ।কাৰণ লক ডাউন শিথিল হৈছে যদিও আজি পৰ্যন্ত খোলাৰ অনুমতি নাই চেলুনৰ।একেদৰে পূজা পাৰ্বণ কিম্বা অন্যান্য মাংগলিক অনুষ্ঠান সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰাত দৰঙৰ ওজাপালি শিল্পী সকলৰ সন্মুখত আহি পৰিছে প্ৰত্যাহ্বান।বিশেষকৈ জেঠ মাহত দৰঙৰ নামঘৰ -মন্দিৰ সমুহৰ গোসাই কাজত ওজাপালি একপ্ৰকাৰৰ অভিন্ন।কিন্তু লোক সংস্কৃতিৰ চৰ্চা কৰিয়েই জীৱন নিওৱা এই চহা শিল্পী সকলৰ সন্মুখত আহি পৰিল প্ৰত্যাহ্বান।আৰু এনে ধৰণৰ পৰম্পৰাগত বৃত্তিত নিয়োজিত ব্যক্তি সকলৰ ওচৰত লকডাউনৰ সময়তে থিয় দিছে ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া।ছিপাঝাৰ বিধান সভা সমষ্টি এলেকাৰ ব্যাসৰ ওজাপালি আৰু সুকনানি ওজাপালি শিল্পী সকলৰ লগত ক্ষৌৰকৰ্মী সকলক সামৰি বিধায়ক গৰাকীয়ে গ্ৰহণ কৰে সাহাৰ্য প্ৰদানৰ এক বিশেষ অনুষ্ঠান।ছিপাঝাৰৰ সাংস্কৃতিক কৰ্মী দিলীপ নাথ,গোপাল ডেকা তথা দলীয় কৰ্মী জিতু বৰুৱা,নয়নযণি কোৱৰ আদিৰ সহযোগত তালিকা প্ৰস্তুত কৰি বিধায়ক নিজেই থিয় দিলে এই সকলৰ ওচৰত।দূৰ্যোগ আৰু সংকটৰ সময়ত নিজ হাতে তুলি দিয়ে খাদ্য সামগ্ৰীৰ একোটিকৈ টোপোলাৰ লগতে একোখনকৈ মাস্ক।লকডাউনৰ ফলত এনেদৰে বিধায়কে প্ৰকাশ কৰা বদন্যতাই স্বাভাৱিকতে শিল্পী আৰু ক্ষৌৰকৰ্মী সকলক অনুপ্ৰাণিত কৰি তোলে।
যদিও এয়া যৎ কিঞ্ছিত তথাপিও দুৰ্যোগৰ সময়ত তেওঁলোকৰ ওচৰত থিয় দি বিধায়ক গৰাকীয়ে প্ৰকাশ কৰা বদন্যতাক মুকলিকৈয়ে শলাগ ললে কেইবাগৰাকীও শিল্পী -ক্ষৌৰকৰ্মীয়ে।আনকি বিধায়কে খাদ্য সামগ্ৰীৰ টোপোলা তুলি দি নিজেও প্ৰকাশ কৰিলে কিঞ্ছিত হলেও এনে বৃত্তিৰ লগত জড়িত সকলৰ প্ৰতি তেওঁৰ সদায় শ্ৰদ্ধা আছে।উল্লেখযোগ্য যে ছিপাঝাৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত এই কাৰ্যসূচীত ৬৭০ গৰাকী ওজাপালি আৰু ১৭০ গৰাকী ক্ষৌৰকৰ্মীক সামৰি লোৱা হয় যদিও সামাজিক ব্যৱধান আৰু লক ডাউনৰ বাবে বিধায়ক গৰাকীয়ে নিজে কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পিছত শিল্পী সকলক ঘৰে ঘৰে গৈ প্ৰদান কৰা হয় সাহায্য।অনুষ্ঠানত দৰং জিলা পৰিষদৰ সভাপতি ধীৰেণ ডেকা, ছিপাঝাৰ বি জে পি মণ্ডল সভাপতি জিতু বৰুৱা, বুলি বৰুৱা, জ্যেষ্ঠ কৰ্মী অমুল্য দাস,ছিপাঝাৰ সাহিত্য সভাৰ সভাপতি চন্দ্ৰ কান্ত নাথ, উপ সভাপতি হৰেণ ডেকা, সম্পাদক দুলাল চন্দ্ৰ ডেকা,সাহিত্য সেৱী দেৱজিৎ নাথ, আদিউপস্থিত থাকি বিধায়কৰ প্ৰয়াসৰ শলাগ লয়।