নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ হ’ব নেকি লক ডাউন!

নিয়মীয়া বাৰ্তা, ১২জুনঃ দেশজুৰি ভয়াৱহভাৱে বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্ৰমণ। দেশজুৰি প্ৰায় ৩ লাখ লোক আক্ৰান্ত হৈছে COVID-19। প্ৰাণ হেৰুৱাইছে প্ৰায় ৮ হাজাৰ লোকে।

১জুনৰ দেশজুৰি UNLOCK 1.0 ঘোষণা কৰাৰ পাছতে দ্ৰুতগতিত বৃদ্ধি হৈছে সংক্ৰমণ। স্তব্ধ হৈ পৰা ব্যৱসায়-বাণিজ্য, দোকান-পোহাৰ খোলাৰ লগে লগে সামাজিক দূৰত্ব নমনাকৈ একাংশ লোক ওলাই অহা পৰিলক্ষিত হৈছে। বহিঃৰাজ্যৰ পৰা অহা লোকসকলক কোৱাৰেণ্টাইনত ৰখাৰ বাবে স্থাপন কৰা চেণ্টাৰসমূহতো একাংশলোকে ভংগ কৰিছে কোৱাৰেণ্টাইনৰ নীতি-নিয়ম।

আনহাতে ৰাজ্যতো বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। বৰ্তমানলৈ ৩,৪৩০জন লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে ৭জনকৈ লোকৰ। আক্ৰান্তসকলৰ ভিতৰত সুস্থ হৈ ঘৰলৈ গৈছে ১,৪৩২জন লোক। ১,৯৮৯জন লোকৰ শৰীৰত এতিয়াও সক্ৰিয় হৈ আছে কভিড-১৯।

মহানগৰীতো বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্ত। ট্ৰেভেল হিষ্ট্ৰী নোহোৱাকৈ আক্ৰান্ত হৈছে ১২-১৩জন লোক। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণক পূৰ্বতকৈ অধিক সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে। মহানগৰীত বৃদ্ধি পোৱা গণ সংক্ৰমণে অধিক আতংকৰ সৃষ্টি কৰিছে। গতিকে সকলোৱে বিচৰিছে পুনৰ হওঁক লক ডাউন। নিজকে সুৰক্ষিত কৰি থাকিবলৈ হ’লে ঘৰতখনেই অন্যতম। গণ সংক্ৰমণ ৰোধৰ বাবে প্ৰতিজন লোকেই পুনৰ এবাৰ লক ডাউনৰ পোষকতা কৰিছে।

You might also like