নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনৰ সময়ছোৱাৰ দৰমহা নলয়ঃ ৰাহি হ’ব ২ কোটি টকা

নিয়মীয়া বাৰ্তা, ৮ মে’ : নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ শিলঘাটত অৱস্থিত অসম সমবায় মৰাপাট কলটোত কর্মৰত প্রায় এহেজাৰ বিষয়া–কর্মচাৰী আৰু শ্রমিকে নলয় লকডাউনৰ সময়ৰ ৪২–৪৩ দিনৰ দৰমহা৷

যিহেতু মিলটোৰ অর্থনৈতিক অৱস্থা খুবেই বেয়া সেয়েহে মিলটোক জীয়াই ৰখাৰ স্বার্থতেই মিলটোৰ বিষয়া–কর্মচাৰী আৰু শ্রমিকসকলে এই সিদ্ধান্ত গ্রহণ কৰে৷ ইয়াৰ ফলত প্রায় দুই কোটি টকাৰ খৰচ ৰাহি হ’ব৷ এই কথা সদৰী কৰিছে মিলটোৰ পৰিচালন সঞ্চালক গুণমণি গগৈয়ে৷

মৰাপাট উদ্যোগ ‘অসম সমবায় মৰাপাট কল’ত বৃহস্পিতবাৰৰে পৰা পূর্ণগতিত আৰম্ভ হৈছে উৎপাদন প্রক্রিয়া৷ কলটোৰ প্রৱেশ পথত ব্যৱস্থা কৰা হৈছে ছেনিটাইজাৰ৷ দীর্ঘদিন ধৰি বন্ধ হৈ থকা মৰাপাট কলটোৰ যন্ত্রাংশসমূহ যোৱা দুদিন ধৰি প্রয়োজনীয় মেৰামতিৰে কার্যক্ষম কৰি আজিৰে পৰা তিনিটাকৈ ছিফ্টত পূর্ণ গতিত আৰম্ভ উৎপাদনৰ কাম–কাজ৷ প্রায় ৯ কোটি টকা লোকচানত চলি থকা ৰাজ্যৰ সমবায় খণ্ডৰ একমাত্র উদ্যোগ অসম সমবায় মৰাপাট কলটোৰ চেয়াৰমেন, স্থানীয় বিধায়ক তথা মন্ত্রী কেশৱ মহন্ত আৰু ভাইচ চেয়াৰমেন পলাশ বৰাই তেওঁলোকৰ আঢ়ৈ বছৰীয়া কার্যকালৰ মাহেকীয়া পাৰিশ্রমিক ২৭ লাখ টকা উদ্যোগটোৰ স্বার্থত ত্যাগ কৰা বুলি পৰিচালন সঞ্চালকগৰাকীয়ে জানিব দিয়ে৷ ৰাজ্যৰ একমাত্র মৰাপাট উদ্যোগ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলটোত ৯৯ শতাংশ অংশ আছে ৰাজ্য চৰকাৰৰ ।

You might also like