নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি দুসপ্তাহলৈ চতুর্থ পর্যায়ৰ লকডাউন ঘোষণাৰ সম্ভাৱনা

নিয়মীয়া বাৰ্তা, ১৭ মেঃ ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণ দেশত ক্রমাৎ ভয়াৱহভাৱে বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত লকডাউন পুনৰ বৃদ্ধি পোৱাটো প্রায় নিশ্চিত হৈছে৷ কেইদিনমান পূর্বে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্রীসকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিঙত কৰা আলোচনাত ৬ খনকৈ ৰাজ্যৰ মুখ্যমন্ত্রীয়ে লকডাউন বৃদ্ধিৰ পোষকতা কৰিছিল৷

মহাৰাষ্ট্র, পঞ্জাব, পশ্চিমবংগ, তেলেংগানা, বিহাৰ আৰু উত্তৰ প্রদেশে দেশত লকডাউন বৃদ্ধিৰ প্রস্তাৱ আগবঢ়াইছিল৷ ইফালে কালি অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালেও লকডাউন বৃদ্ধিৰ পৰামর্শ আগবঢ়ায়৷ সাম্প্রতিক সময়ত ক’ৰোনা ভাইৰাছ মহামাৰীৰ প্রকোপৰ দিশলৈ চাই কেন্দ্রীয় গৃহ মন্ত্রালয়ে চতুর্থ পর্যায়ৰ লকডাউন বৃদ্ধিৰ বাবে সাজু হৈছে৷

গৃহ মন্ত্রালয়ৰ সূত্র মতে, আজি দেশত দুসপ্তাহ বা তাতকৈ অধিক সময়ৰ বাবে পুনৰ লকডাউন ঘোষণা কৰাৰ পূর্ণ সম্ভাৱনা আছে৷

অৱশ্যে এই লকডাউন পূর্বৰ লকডাউনতকৈ কিছু পৃথক হ’ব বুলি ইংগিত পোৱা গৈছে৷ নতুন নির্দেশনাৰ জৰিয়তে গৃহ মন্ত্রালয়ে এই লকডাউন দেশজুৰি বলৱৎ কৰিব৷

সূত্র অনুসৰি দেশৰ গ্রীন জ’নত লকডাউন কিছু শিথিল কৰি অটোৰিক্সা, বাছ আৰু কেব চলোৱাৰ অনুমতি দিয়াৰ চিন্তা–চর্চা চলিছে৷ ই–কমার্চ ব্যৱস্থাও সকলো জিলাতে পুনৰ আৰম্ভ কৰাৰ সম্ভাৱনা আছে৷ কার্যালয় আৰু উদ্যোগ প্রতিষ্ঠানসমূহত কর্মশক্তি ৩৩ শতাংশৰ পৰা ৫০ শতাংশলৈ বৃদ্ধি পাব পাৰে৷ অৱশ্যে ৰেড জ’ন আৰু কনটেইনমেণ্ট জ’নত কঠোৰভাৱে বলৱৎ হ’ব লকডাউনৰ নির্দেশনাৱলী৷

You might also like