নিয়মীয়া বাৰ্তা, ২৯ এপ্রিলঃ ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে ঘোষণা কৰা লকডাউনৰ ব্যাপক প্রভাৱ পৰিলক্ষিত হৈছে ৰাজ্যৰ অর্থনীতিত ৷ যোৱা ২৪ মার্চৰ মাজনিশাৰ পৰা বলৱৎ হোৱাকৈ ঘোষণা কৰা লকডাউনৰ সময়ছোৱাত ৰাজ্যৰ কল–কাৰখানা, সৰু–বৰ উদ্যোগ, হোটেল–ৰেষ্টুৰেণ্ট আদি সম্পূর্ণৰূপে বন্ধ হৈ পৰিছে ৷ ইয়াৰ ফলত এই খণ্ডসমূহ ব্যাপক লোকচানৰ সন্মুখীন হৈছে ৷ বিশেষকৈ হোটেল আৰু ৰেষ্টুৰেণ্ট ব্যৱসায়ৰ লগতে পর্যটন খণ্ডত লকডাউনৰ সর্বাধিক প্রভাৱ পৰিছে ৷ তদুপৰি আগন্তুক সময়ত বহু লোক কর্মহীন হৈ পৰিব বুলিও আশংকা কৰা হৈছে৷ বিশেষকৈ ব্যক্তিগত প্রতিষ্ঠানসমূহত কর্মৰত লোকে চাকৰি হেৰুওৱাৰ পূর্ণ সম্ভাৱনাই দেখা দিছে ৷ ইতিমধ্যে কিছু কিছু ক্ষেত্রত আশংকা কৰা মতেই চাকৰি হেৰুওৱা ঘটনাৰ তথ্য পোহৰলৈ আহিছে৷ নাগৰিকত্ব সংশোধনী আইন (কা)বিৰোধী আন্দোলনৰ পাছত মূৰ তুলি উঠিবলৈ সক্ষম হোৱাৰ পূর্বেই হোটেল আৰু ৰেষ্টুৰেণ্টৰ ব্যৱসায়ত লকডাউনে অত্যধিক প্রভাৱ পেলাইছে৷ সম্প্রতি লকডাউনৰ বাবে ৰাজ্যৰ হোটেলসমূহ বন্ধ ৰাখিব লগা হোৱা বাবে বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে৷ হোটেল আৰু ৰেষ্টুৰেণ্ট সংস্থা, অসমে প্রকাশ কৰা অনুসৰি মার্চ, এপ্রিল আৰু মে’ মাহত ৰাজ্যৰ হোটেল উদ্যোগে ২৮ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব বুলি আশংকা প্রকাশ কৰিছে৷ এই সন্দর্ভত সংস্থাৰ সম্পাদক অনুপম বৰাই কয় যে ৰাজ্যত সৰু–বৰ প্রায় ২,৬৫০খন হোটেল আছে ৷ ইয়াত প্রায় ৫০ হাজাৰ কর্মচাৰী নিয়োজিত হৈ আছে ৷ তদুপৰি ৰেষ্টুৰেণ্ট, প্রস্তুত খাদ্য যোগানকাৰী হিচাপেও প্রায় ৫ লাখ মানুহ এই উদ্যোগটোৰ সৈতে জড়িত হৈ আছে ৷
‘কা’বিৰোধী আন্দোলনৰ সময়ত ৪৫ দিনত হোটেল ব্যৱসায়ীসকলে প্রায় ৯ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছিল বুলি উল্লেখ কৰি তেওঁ কয়– ‘২২ মার্চত ঘোষণা কৰা জনতাৰ কার্ফিউৰ পৰাই হোটেলসমূহ বন্ধ হৈছে৷ মার্চ, এপ্রিলত লকডাউন অব্যাহত আছে ৷ মে’ মাহতো হয়তো হোটেলসমূহ বন্ধ থাকিব৷ সেয়েহে এই তিনি মাহত হোটেলসমূহে প্রায় ২৮ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব৷’ ইফালে লকডাউনৰ বাবে পর্যটন উদ্যোগৰ বৃহৎ ক্ষতিৰ সময়ত ট্যুৰ অপাৰেটৰসকল গভীৰ সমস্যাত পৰিছে ৷ ট্যুৰ অপাৰেটৰ এছ’চিয়েচন, অসমে সদৰী কৰা অনুসৰি পর্যটক অহাৰ এই সময়ছোৱাতে লকডাউন ঘোষণা কৰাৰ বাবে বাতিল কৰিবলগীয়া হৈছে আগতীয়া বুুকিং৷ ক’ৰোনা ভাইৰাছৰ আতংকই সৃষ্টি কৰা পৰিৱেশৰ ফলত এই ট্যুৰ অপাৰেটৰসকলৰ প্রায় ৩ হাজাৰ ট্যুৰ পেকেজৰ আগতীয়া বুকিং বাতিল কৰিব লগা হৈছে ৷ ইয়াৰ মূল্য হ’ব ২১০ কোটি টকা ৷ সমান্তৰালভাৱে পর্যটন উদ্যোগৰ এই লোকচানৰ ফলত এতিয়া কর্মহীন হৈ পৰিছে লাখ লাখ লোক ৷ ঘৰত বহিয়েই ট্যুৰ অপাৰেটৰসকলে দৰমহা দিবলগীয়া হৈছে কর্মচাৰীক ৷ এছ’চিয়েচনৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে প্রকাশ কৰা অনুসৰি অসমৰ পর্যটন খণ্ডৰ সৈতে প্রত্যক্ষভাৱে জড়িত হৈ আছে প্রায় ২ লাখ লোক৷ এই ২ লাখ লোকে বর্তমান কোনো কাম নোহোৱাকৈ ঘৰতেই বহি থাকিব লগা হৈছে৷ তদুপৰি ট্যুৰ অপাৰেটৰসকলৰ সৈতে জড়িত গাড়ীচালক, গাড়ীৰ মালিককে ধৰি আনুষংগিকভাৱে জড়িত সেৱাৰ সৈতে প্রায় ৫ লাখ লোকে কাম কৰি আছে৷ ইয়াৰ পৰিপ্রেক্ষিতত এই লোকসকল বর্তমান কর্মহীন হৈ পৰিছে ৷
এই সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি দাসে কয়– ‘‘কা’বিৰোধী আন্দোলনৰ বাবে ডিচেম্বৰৰ পৰাই পর্যটন খণ্ডত লোকচান হৈ আহিছে৷ জানুৱাৰীলৈকে ইয়াৰ প্রভাৱ আছিল৷ ফেব্রুৱাৰীৰ পৰা কিছু পৰিমাণে উদ্যোগটো মূৰ তুলি উঠিছিল যদিও মার্চৰ পৰা বিশ্বজুৰি ক’ৰোনাৰ আতংকই বিৰাজ কৰিবলৈ আৰম্ভ কৰে৷ সচৰাচৰ অক্টোবৰৰ পৰা এপ্রিললৈকে ৰাজ্য তথা উত্তৰ–পূর্বাঞ্চললৈ পর্যটক আহে৷ গতিকে পুনৰ অক্টোবৰলৈ চাৰি–পাঁচ মাহ পর্যটকৰ বাবে আমি অপেক্ষা কৰিব লাগিব৷ সেই সময়লৈকে পৰিস্থিতি কিমান স্বাভাৱিক হ’ব, সেয়াও এতিয়াই অনুমান কৰাটো কঠিন৷ যাৰ বাবে ট্যুৰ অপাৰেটৰসকলৰ ভৱিষ্যৎ একপ্রকাৰ অন্ধকাৰ হৈ পৰিছে৷’ একেদৰে এছ’চিয়েচনৰ যুটীয়া সম্পাদক পুৰুষোত্তম দাসে কয় যে অসম তথা উত্তৰ–পূর্বাঞ্চললৈ আগমন ঘটা বিদেশী পর্যটকৰ অধিকাংশই হ’ল আমেৰিকা, জার্মানী, স্পেইন আৰু ইটালীৰ ৷ অক্টোবৰ মাহৰ পৰাই বিদেশী পর্যটক অসমলৈ আহিবলৈ আৰম্ভ কৰে৷ গতিকে এই দেশসমূহত ক’ৰোনাই সংহাৰী ৰূপ লোৱাৰ ফলত আগন্তুক সময়ত পর্যটকৰ সংখ্যা হ্রাস পোৱাটো স্বাভাৱিক৷ আনহাতে, লকডাউনৰ পৰিপ্রেক্ষিতত অর্থনৈতিকভাৱে ক্ষতিগ্রস্ত হৈছে ৰাজ্যৰ অন্যতম পুৰণি উদ্যোগ চাহ উদ্যোগ৷ লকডাউনৰ বাবে চাহ বাগিচাসমূহৰ কাম বন্ধ কৰিবলগীয়া হোৱা বাবে এই উদ্যোগটোৱে লোকচানৰ সন্মুখীন হৈছে ১২শ কোটি টকাৰ৷ নর্থ–ইষ্টার্ন টী এছ’চিয়েচনৰ তথ্য অনুসৰি চাহ উদ্যোগে যোৱা ২৩ মার্চৰ পৰা ১৪ এপ্রিললৈ প্রায় ১২শ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে৷
লকডাউনৰ সময়ত নষ্ট হৈছে ৮০ নিযুত কিলোগ্রাম চাহপাত৷ আগন্তুক সময়ত এই লোকচানৰ পৰিমাণ অধিক বৃদ্ধি হোৱাৰ আশংকা আছে৷ ১৫ এপ্রিলৰ পৰা ৫০ শতাংশ কর্মচাৰীৰে চাহ বাগানসমূহৰ কাম আৰম্ভ হৈছে যদিও চাহপাতৰ নিলাম তথা পৰিবহণকে ধৰি বিভিন্ন ক্ষেত্রত সমস্যাৰ সন্মুখীন হৈছে বুলি সদৰী কৰিছে এছ’চিয়েচনৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে৷ অৱশ্যে আজি চাহ উদ্যোগৰ বাবে কিছু সকাহৰ বাতৰি আহিছে৷ তেওঁ প্রকাশ কৰা মতে, আজিৰ নিলামত প্রতি কিলোগ্রাম চাহপাতৰ মূল্য বিগত বর্ষৰ তুলনাত ৩০ টকা অধিক লাভ কৰা হৈছে৷ ইপিনে ৰাজ্যৰ কৃষিখণ্ডও লকডাউনৰ বাবে ব্যাপক লোকচানৰ সন্মুখীন হৈছে৷ পথাৰত উৎপাদিত শাক–পাচলি বিক্রী কৰিব নোৱাৰা বাবে কেইবাকোটি টকাৰ শাক–পাচলি নষ্ট হোৱাৰো তথ্য পোহৰলৈ আহিছে৷ কৃষি বিভাগৰ তথ্য অনুসৰি লকডাউনৰ সময়ছোৱাত প্রায় ৪০ কোটি টকা মূল্যৰ শাক–পাচলি নষ্ট হৈছে৷ আনহাতে, লকডাউনৰ পাছত নির্মাণখণ্ড, সেৱাখণ্ডকে ধৰি বিভিন্ন খণ্ডত প্রায় ২০ লাখ নতুন নিবনুৱাৰ সৃষ্টি হ’ব বুলি আশংকা প্রকাশ কৰিছে অসম ৰাজ্যিক সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ মমিনুল আৱালে৷ এই সন্দর্ভত তেওঁ কয়– ‘নির্মাণ, সেৱাখণ্ডকে ধৰি বিভিন্ন খণ্ডত শ্রমিকে কাম কৰি আছে৷ লকডাউনৰ পাছত ইয়াৰে এটা অংশৰ কাম হয়তো নাথাকিব৷ কিয়নো লকডাউন প্রত্যাহাৰ হ’লেও শীঘ্রে আগৰ স্বাভাৱিক পৰিস্থিতি ঘূৰি নাহিব৷ সেয়েহে নতুনকৈ ২০ লাখ নিবনুৱা সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে৷ কিন্তু এই লোকসকলক নিয়োজিত কৰাৰো উপায় আছে৷ অসমত কণী, গাখীৰ, দাইল, মাংসকে ধৰি বিভিন্ন খাদ্য–সামগ্রী বাহিৰৰ পৰা আমদানি কৰিব লগা হয় ৷
ইয়াৰ পৰিপ্রেক্ষিতত এই খাদ্য–সামগ্রীসমূহ অসমতে উৎপাদন কৰাৰ কথা চিন্তা–চর্চা কৰিব পাৰে কৃষি বিভাগে৷ সেই অনুসৰি ব্যৱস্থা আৰু আঁচনি গ্রহণ কৰিলে নতুন নিবনুুৱাসকলক সংস্থাপিত কৰিব পৰা যাব৷ একেদৰে বিভিন্ন চৰকাৰী কার্যালয়, হাস্পতাল আদিত আচবাব, পর্দা আদি প্রয়োজন হয়৷ চৰকাৰে এই কার্যালয়সমূহক লক্ষ্য কৰি লৈ ইয়াৰ বাবে প্রয়োজনীয় আচবাব, পর্দা আদি স্থানীয়ভাৱে উৎপাদনৰ কথা ভাবিব পাৰে৷ যাৰ জৰিয়তে আন একাংশ লোক এনে কামত জড়িত হৈ নিজকে নিয়োজিত কৰিব পাৰিব৷’ সমান্তৰালভাৱে চীন, জাপান আদি দেশৰ পৰা ভাৰতত বিনিয়োগৰ বাবে একাংশ প্রতিষ্ঠানে প্রকাশ কৰা আগ্রহৰ সুযোগ দেশে ল’ব লাগে বুলিও তেওঁ উল্লেখ কৰে৷ এই উদ্যোগসমূহ প্রতিষ্ঠা হ’লে পুনৰ আন একাংশ লোক সংস্থাপিত হ’ব৷ লকডাউনৰ ফলত ৰাজ্যৰ অর্থনৈতিক খণ্ডৰ ওপৰত পৰা প্রভাৱ সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰিছে এফ আই চি চি আইৰ উত্তৰ–পূব উপদেষ্টা পৰিষদৰ সঞ্চালক বিশ্বজিৎ চক্রৱর্তীয়ে৷ তেওঁ কয় যে লকডাউনৰ সময়ছোৱাত কোম্পানী, ফেক্টৰী আদি সম্পূর্ণ বন্ধ হৈ পৰিছে৷ পর্যটন, হোটেল, ৰেষ্টুৰেণ্ট, নির্মাণখণ্ড আদিত অত্যধিক প্রভাৱ পৰিব৷ তৎসত্ত্বেও লকডাউনৰ বাবে অসমত আন ৰাজ্যৰ তুলনাত অর্থনৈতিক প্রভাৱ কিছু পৰিমাণে কম হ’ব বুলি উল্লেখ কৰি তেওঁ কয়– ‘অসমত ইয়াৰ প্রভাৱ কমকৈ পৰাৰ সম্ভাৱনা আছে৷ প্রথম কথা ক’ৰোনাৰ সংক্রমণৰ হাৰ অসমত যথেষ্ট কম আৰু অসমৰ অর্থনীতি ৰপ্তানিৰ ওপৰত নির্ভৰ নকৰে বৰঞ্চ আমি আমদানিহে কৰোঁ৷ অর্থনৈতিক জোৰা মাৰিবৰ বাবে চৰকাৰে ইতিমধ্যে পেট্র’ল–ডিজেলৰ মূল্য বৃদ্ধি কৰিছে৷ কাৰণ জি এছ টিৰ সংগ্রহো বর্তমান বন্ধ হৈ আছে৷ আশা ৰাখিছোঁ লাহে লাহে পৰিস্থিতি সুস্থিৰ হ’লে চৰকাৰে নতুনকৈ আৰোপ কৰা কৰ পুনৰীক্ষণ কৰিব৷ লকডাউনৰ পাছত সামগ্রীসমূহৰ অত্যধিক দাম বঢ়াৰো সম্ভাৱনা কম৷ কিয়নো মূল্যবৃদ্ধি বজাৰৰ চাহিদাৰ ওপৰত নির্ভৰশালী৷ মানুহৰ হাতত পইচা নাথাকিলে কিনাৰ ক্ষমতা নাথাকিব৷ যদি কোম্পানীসমূহে দাম বৃদ্ধি কৰে বজাৰত বস্তু বিক্রী নহ’ব৷ গতিকে দাম সোনকালে বৃদ্ধি কৰাৰ সম্ভাৱনা কম ৷’
চি আই আইৰ উত্তৰ–পূব পৰিষদৰ সহঃ অধ্যক্ষ অভিজিৎ বৰুৱাই এই সন্দর্ভত কয় যে লকডাউনৰ প্রভাৱ নিশ্চয় পৰিব৷ কিয়নো এমাহতকৈও অধিক কাল কোনো কাম হোৱা নাই৷ লকডাউনো হয়তো পৰৱর্তী সময়ত পর্যায়ক্রমেহে প্রত্যাহাৰ কৰা হ’ব৷ গতিকে সৰু সৰু বহু ব্যৱসায় বন্ধ হৈ যোৱাৰ সম্ভাৱনাই অধিক৷ ইফালে, লকডাউনৰ ফলত ব্যাপক অর্থনৈতিক প্রভাৱৰ আশংকা কৰিছে ইণ্ডিয়ান চেম্বার্ছ অৱ কমার্চৰ উত্তৰ–পূব শাখাই৷ ইতিমধ্যে এক প্রাৰম্ভিক জৰীপো সম্পন্ন কৰিছে উত্তৰ–পূব শাখাই৷ আজি সংবাদ মাধ্যমৰ আগত ইণ্ডিয়ান চেম্বার্ছ অৱ কমার্চৰ উত্তৰ–পূব শাখাৰ আঞ্চলিক সঞ্চালক ঈশান্ত সভাপণ্ডিতে কয় যে সামগ্রিকভাৱে লকডাউনৰ সময়ত ৰাজ্যৰ ২০–২২ হাজাৰ কোটি টকা লোকচান হৈছে৷ মধ্যমীয়া, সূক্ষ্ম আৰু ক্ষুদ্র উদ্যোগৰ লগতে কৃষিখণ্ড ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰি তেওঁ কয়– ‘সামগ্রিকভাৱে উত্তৰ–পূর্বাঞ্চলত ৫০,০০০ কোটি টকাৰ লোকচান হৈছে৷ কৃষিৰ লগতে মধ্যমীয়া, সূক্ষ্ম আৰু ক্ষুদ্র উদ্যোগখণ্ড, হস্ততাঁতখণ্ডৰ ক্ষতি হৈছে৷ ভৱিষ্যতে নিবনুৱাৰ সংখ্যা বাঢ়িব৷ এই সময়ত কৃষিখণ্ডক আমি সুৰক্ষিত কৰিব লাগিব৷ ক’ল্ড ষ্টোৰেজত বর্তমান সময়ত সর্বাধিক গুৰুত্ব প্রদান কৰিব লাগিব৷’ একে সময়তে সভাপণ্ডিতে এয়া থলুৱা উদ্যোগত গুৰুত্ব দিয়াৰ সময় বুলিও উল্লেখ কৰে ৷