নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ উত্থাপন হলেই গোচৰ ৰুজু কৰা হবঃ মন্ত্ৰী ৰঞ্জিত দাস

বার্তা বুৰো, ১৪ জুনঃ তেজপুৰত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠক ৰ পিছত গ্ৰামোন্নয়ন আৰু যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসে কালি নিশাই মৰিগাঁৱত উপস্থিত হোৱাৰ পিছত আজি চৰকাৰৰ উন্নয়নমূলক আঁচনি কিদৰে ৰূপায়ণ হৈ আছে সেয়া বুজ লৈ। আজি অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা আৰু সাধাৰণ প্ৰশাসন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিধায়ক ৰমাকান্ত দেউৰী , মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলিয়া সহ অন্যান্য উচ্চ পৰ্য্যায়ৰ বিষয়াসকলৰ সৈতে মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত পুৱা ৯.৩০ বজাত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। সভাত মন্ত্ৰী গৰাকীয়ে এক দেশ এক ৰেচন কাৰ্ড, ৰেচন কাৰ্ডৰ লগত আধাৰ সংযোগ, ধান ক্ৰয় সম্পৰ্কীয় আদি বিভিন্ন দিশৰ পৰ্যালোচনা কৰাৰ লগতে দলবাৰীত থকা ধান ক্ৰয় কেন্দ্ৰও পৰিদৰ্শন কৰে । আনহাতে মন্ত্ৰী গৰাকীয়ে আজি মৰিগাঁও জিলাৰ জালুগুটি পঞ্চায়ত কাৰ্যলয় ত উপস্থিত হৈ জিলা পৰিসদৰ মুখ্য কাৰ্যবাহী বিষয়া খিতিশ চন্দ্ৰ পেগু, কপিলী উন্নয়ন খণ্ড বিষয়া সীমাৰাণী য়েইন , পঞ্চায়ত সভাপতি , ৱাৰ্ড মেম্বাৰ আদিৰ সৈতে পোনপটীয়া বাৰ্তালাপ কৰি অভাৱ অভিযোগৰ বুজ লৈ।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like