নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহু আক্রমণৰ পিছতো বিশ্বদৰবাৰত উদ্ভাসিত ভাৰতীয় সংস্কৃতি

লোকমন্থনৰ সভাত মুখ্যমন্ত্রী ড০ শর্মা

নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ ‘ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ মূল আধাৰ হৈছে জ্ঞানৰ অন্বেষণ৷ সনাতন সভ্যতা আৰু সংস্কৃতিয়ে জ্ঞান আৰু প্রজ্ঞাৰ সাধনাৰে আগুৱাই যোৱাৰ বাবে প্রেৰণা যোগাই আহিছে৷ আমাৰ লোক–সংস্কৃতিয়ে মার্গদর্শন প্রদান কৰি শক্তিশালীভাৱে জীয়াই থকাৰ বাবে অনুপ্রাণিত কৰি আহিছে৷ বিজ্ঞানসন্মত এই লোক–সংস্কৃতিৰ ধাৰাটোৱে আজিও বিশ্ব মানৱক প্রভাৱিত কৰি আহিছে৷’ আগন্তুক বর্ষত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ‘লোকমন্থন’ৰ প্রস্তুতি সন্দর্ভত পর্যালোচনা কৰাৰ উদ্দেশ্যে মঙলবাৰে শ্রীশ্রীমাধৱদেৱ আন্তঃৰাষ্ট্রীয় প্রেক্ষাগৃহত অনুষ্ঠিত এক সভাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এইদৰে কয়৷

মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ভাৰতীয় সভ্যতা আৰু সংস্কৃতি এক বোঁৱতী সুঁতি৷ বহু লোক–সংস্কৃতিৰ আধাৰ হৈছে ভাৰতবর্ষ৷ এই লোক–সংস্কৃতিৰ প্রৱাহৰ মাজেৰে একত্রিত ভাৰতবর্ষৰ শক্তিশালী দিশ উদ্ভাসিত হৈ আহিছে৷ ৰাজনৈতিক ভাৰতবর্ষতকৈও সাংস্কৃতিক ভাৰতবর্ষই আমাক একত্রিতভাৱে আগুৱাই যোৱাৰ বাবে মানসিকভাৱে সন্তুলিত কৰি আহিছে আৰু সেইবাবেই আমাৰ সাংস্কৃতিক জীৱনশৈলীয়ে বিশ্ব মানৱক পথ প্রদর্শন কৰিবলৈ সক্ষম হৈছে৷ সনাতন দর্শনৰ বাবে ভাৰতবর্ষ এখন ধর্মনিৰপেক্ষ ৰাষ্ট্র বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে সনাতন দর্শন আৰু লোক–সংস্কৃতিৰ সত্তাই আমাক উজ্জীৱিত কৰি আহিছে৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে পোন্ধৰ শতিকাতে সনাতন দর্শনৰ গূঢ়ার্থ আৰু এক ভাৰতীয়ৰ সত্তাক আমাৰ মাজত প্রতিপন্ন কৰি থৈ গৈছে বুলিও তেওঁ কয়৷ লোক–সংস্কৃতিক আধাৰ হিচাপে লৈ গুৱাহাটীত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া লোকমন্থনে আমাৰ বর্ণাঢ়্য সাংস্কৃতিক জীৱনধাৰাক আৰু অধিক শক্তিশালী কৰি তুলিব বুলি উল্লেখ কৰি

মুখ্যমন্ত্রী ড০ শর্মাই কয় যে উত্তৰ–পূর্বাঞ্চল বিভিন্ন ভাষা–ভাষী, জনগোষ্ঠীৰ মিলনভূমি৷ প্রতিটো জাতি–জনগোষ্ঠীৰে নিজস্ব লোক–সংস্কৃতি আছে আৰু ইয়াৰ আধাৰতে আমাৰ সমন্বয়, সাংস্কৃতিক বান্ধোনে আমাক সামাজিক প্রাণী হিচাপে দৃঢ়তাৰে আগুৱাই যোৱাৰ বাবে প্রেৰণা যোগাই আহিছে৷ তেওঁ কয় যে গাঁওসমূহত লোক–সংস্কৃতিয়ে সমাজ জীৱনক উজ্জীৱিত কৰি আহিছে৷ সংস্কৃতিয়ে আমাৰ সামাজিক জীৱনধাৰাৰ সোঁতটোক নিয়ন্ত্রিত কৰে৷ আমাৰ পৰম্পৰাগত বিশ্বাস আৰু লোক–সংস্কৃতি বিজ্ঞানসন্মত ভেটিৰ ওপৰত নির্মিত হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আমাৰ লোক–সংস্কৃতিৰ ওপৰত বহুবাৰ আক্রমণ হোৱা সত্ত্বেও পাঁচ হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতা আৰু সংস্কৃতি আজিও বিশ্বদৰবাৰত সমুজ্জ্বল ৰূপত উদ্ভাষিত হৈ আহিছে৷ তেওঁ কয় যে ভাৰতীয় লোক–সংস্কৃতিৰ জীৱনধাৰাই উদাৰতা আৰু সহনশীলতাৰ শিক্ষা প্রদান কৰি আহিছে৷

গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া লোকমন্থনৰ জৰিয়তে আমি নতুন জ্ঞান আহৰণ কৰিবলৈ সক্ষম হ’ম বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই এই মন্থনৰ জৰিয়তে লোক–সংস্কৃতিক সংৰক্ষণ আৰু বিকাশাই তোলাৰ বাবে যি পাৰিপার্িশ্বকতা লাভ কৰা যাব, তাৰ আধাৰত আমাৰ সাংস্কৃতিক জীৱনশৈলীক আৰু অধিক বিকাশাই তুলিব লাগিব বুলি কয়৷ শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননী গোপাল মহন্তই আদৰণী ভাষণ দিয়া আজিৰ এই সভাত সাংস্কৃতিক মন্ত্রী বিমল বৰা, প্রাঞ্জন প্রভাৰ ৰাষ্ট্রীয় আহ্বায়ক নন্দ কুমাৰেও ভাষণ প্রদান কৰে৷ উল্লেখ্য যে ২০২২ চনৰ ১৮, ১৯ আৰু ২০ ফেব্রুৱাৰীত তিনিদিনীয়া কার্যসূচীৰে গুৱাহাটীত লোকমন্থন অনুষ্ঠিত হ’ব৷ এই লোকমন্থনত বৌদ্ধিক আৰু সাংস্কৃতিক দিশৰ বহুসংখ্যক গৱেষক পণ্ডিতে অংশগ্রহণ কৰিব৷ আজিৰ এই অনুষ্ঠানতে মুখ্যমন্ত্রীয়ে এটা ৱেবছাইটো মুকলি কৰে৷

You might also like