নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংগীতা-অনৌস্কাৰ গীতত মোহাচ্ছন্ন লণ্ডনৰ প্ৰৱাসী অসমীয়া

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ জুলাইঃ যুক্তৰাজ্য অসম সাহিত্য সভাৰ ২৬সংখ্যক বাৰ্ষিক অধিৱেশনখন যোৱা ২০ জুলাইত লণ্ডনৰ কিংছ লেংলী নামৰ চহৰখনত অনুষ্ঠিত হয়। যুক্তৰাজ্য অসম সাহিত্য সভাৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠানত ৰাজ্যৰ বিশিষ্ট সংগীতশিল্পী ড° সংগীতা কাকতি আৰু তেওঁৰ কন্যা অনৌস্কা বৰুৱায়ো অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত কেইবাটাও জনপ্ৰিয় গীতেৰে ড° সংগীতা কাকতিয়ে উপস্থিত প্ৰবাসী অসমীয়া দৰ্শকক আপ্লুত কৰে। ড° অপৰ্ণা বুজৰবৰুৱাৰ ৰাগপ্ৰধান গীত ‘ঝিৰ ঝিৰ ঝি’ শীৰ্ষক গীতেৰে অনুষ্ঠানৰ আৰম্ভণি কৰা ড° সংগীতা কাকতিৰ কণ্ঠত প্ৰাণ পাই উঠে সংগীতসূৰ্য ড° ভূপেন হাজৰিকাৰ কেইবাটাও কালজয়ী গীত। এৰাবাটৰ সুৰ বোলছবিৰ জনকপুৰৰ জানকীয়ে মিচিকিয়াই হাঁহে, ৰ’দ পুৱাবৰ কাৰণে মাতিবানো কাক আদি জনপ্ৰিয় গীত পৰিৱেশনৰে ড° কাকতিয়ে সুৰৰ মূৰ্চনা তোলে। ইয়াৰ লগতে শিল্পীগৰাকীয়ে ঝুমুৰ, গোৱালপৰীয়া লোকগীত, বিহুসুৰীয়া আদি গীতৰেও দৰ্শকক মোহিত কৰে। প্ৰবাসী অসমীয়াৰ সমৱেত সংগীতেৰে আৰম্ভ হোৱা সাংস্কৃতিক সন্ধিয়াত ড° সংগীতা কাকতিৰ কন্যা অনৌস্কা বৰুৱাই ৰজাঘৰীয়া চালি নৃত্য পৰিৱেশন কৰে। অনুষ্ঠানত কন্যা অনৌস্কাৰ সৈতে ড° কাকতিয়ে পল ৰবচনৰ কালজয়ী গীত ‘অল্ড মেন ৰিভাৰ’ শীৰ্ষক গীত আৰু সেই গীতৰ আধাৰত ড° ভূপেন হাজৰিকাৰ কালজয়ী সৃষ্টি বিস্তীৰ্ণ পাৰৰে গীতটো পৰিৱেশন কৰে। উল্লেখ্য যে, শেহতীয়াভাৱে ড° সংগীতা কাকতি আৰু অনৌস্কা বৰুৱাই ফিলিপাইন ইউনিভাৰ্ছিটি অৱ মিউজিক, মালয়েছিয়াৰ টাৱাও আন্তৰ্জাতিক সাংস্কৃতিক মহোৎসৱ, থাইলেণ্ডৰ মহাচাৰাখাম বিশ্ববিদ্যালয় আৰু কালাচিন কলেজ অৱ ড্ৰামাটিক আৰ্টতো অনুষ্ঠান পৰিবেশন কৰিছিল। ইপিনে, যুক্তৰাজ্য অসম সাহিত্য সভাৰ উক্ত অনুষ্ঠানত কণ কণ মইনাই গীত-কবিতা পৰিৱেশন কৰাৰ লগতে কেইবাগৰাকী প্ৰবাসী অসমীয়া শিল্পীয়ে স্ব-ৰচিত গীতো পৰিৱেশন কৰে। সভাত যুক্তৰাজ্য অসম সাহিত্য সভাৰ নৱগঠিত কাৰ্যকৰী সমিতিৰ বিষয়-ববীয়াই শপতগ্ৰহণ আৰু কাৰ্যভাৰ গ্ৰহণ কৰে।

You might also like