🔹 টীয়কৰ জ্যোতি প্রতাপ জ্ঞানমার্গ বিদ্যালয়ত বক্তৃতানুষ্ঠানত দিগন্ত বিশ্ব শর্মা
বিশেষ বার্তা, ৯ অক্টোবৰ : ‘শিক্ষকে শিকাইছোঁ বুলি কোৱা কথাষাৰেই সকলো মাটি কৰি পেলাইছে৷ প্রকৃত শিক্ষক সকলোৰে হূদয়ত থিতাপি লৈ থকা ভগৱান কৃষ্ণ৷ তেওঁ সকলোৰে হূদয়ত থাকি অজ্ঞানতা নাশ কৰে৷ শিক্ষকে মাথোঁ ইংগিত প্রদান কৰে৷’ – এই মন্তব্য বিশিষ্ট লেখক তথা সাহিত্য অকাডেমি অনুবাদ বঁটাপ্রাপক দিগন্ত বিশ্ব শর্মাৰ৷ দেওবাৰে টীয়কৰ কলিয়াপানীস্থিত বিনামূলীয়া ব্যক্তিগত খণ্ডৰ বিদ্যালয় জ্যোতি প্রতাপ জ্ঞানমার্গ বিদ্যালয়ে আয়োজন কৰা এক বিশেষ বক্তৃতানুষ্ঠানত অংশ লৈ কেতবোৰ তত্ত্বগধুৰ মন্তব্যৰে শতাধিক শিক্ষক, অভিভাৱকক অভিভূত কৰে৷ উক্ত বক্তৃতানুষ্ঠানত ‘আদর্শ শিক্ষক আৰু আদর্শ অভিভাৱক’ শীর্ষক বিষয়ত ভাষণ দিয়ে বিশিষ্ট বক্তাগৰাকীয়ে৷ সমাজৰ আদর্শ শিক্ষক সন্দর্ভত তেওঁ স্বামী বিবেকানন্দৰ উদ্ধৃতিৰে কয়– পৃথিৱীৰ আটাইতকৈ কঠিন কামটোৱেই হৈছে নিজক পৰিৱর্তন কৰা আৰু আটাইতকৈ সহজ কামটোৱেই হৈছে আনক অভিযোগ দিয়া৷ এগৰাকী আদর্শ শিক্ষক হ’বলৈ প্রগতিৰ প্রতি অভীপ্সা হ’ব লাগিব৷ যিহেতু জ্ঞান অর্জন কৰিব নোৱাৰি, জ্ঞানৰ উন্মেষ ঘটাব লাগিব৷ ছাত্র–ছাত্রীয়ে নিজকে পৰিপূর্ণ কৰিব পৰা পথ দেখুৱাই দিয়ে শিক্ষকে৷ বর্তমানৰ পৰিৱেশ আৰু পৰিস্থিতিত আধুনিক মানুহে ভগৱান আৰু আধ্যাত্মিকতাক নির্বাসন দিছে৷ তেনে ক্ষেত্রত এগৰাকী আদর্শ শিক্ষকে তেওঁৰ সমস্ত কর্ম অর্পণ কৰিব লাগিব নিঃস্বার্থভাৱে, লগতে উদাহৰণ, দৃষ্টান্ত আৰু উপস্থিতিৰ প্রেম ভাবৰ জৰিয়তে সমর্পিত কৰিব লাগিব৷ ভাষণ প্রসংগত এগৰাকী আদর্শ শিক্ষকৰ কথা ক’বলৈ গৈ তেওঁ কয় – এগৰাকী শিক্ষক সহিষ্ণু হ’লেই নহ’ব, উপলব্ধি কৰিবও পাৰিব লাগিব৷ একেদৰে এগৰাকী আদর্শ অভিভাৱক সন্দর্ভতো সাৰগর্ভ ভাষণ দিয়ে বিশিষ্ট লেখকগৰাকীয়ে৷ প্রতিগৰাকী পিতৃ অথবা মাতৃয়েই যশোদা হ’ব লাগিব বুলি কৈ তেওঁ কয় – মানৱ জনম কেতিয়াও কেৱল জৈৱিক প্রক্রিয়া নহয়৷ ভগৱান কৃষ্ণক যেনেদৰে মাতৃ যশোদাই কৰা শাসনৰ সমান্তৰালভাৱে স্নেহৰ শিকলিৰে বান্ধি ৰাখিছিল৷ ইয়াৰ উপৰি সন্তানক আধ্যাত্মিক চিন্তা–চেতনা তথা জ্ঞানেৰে জাগ্রত কৰি তোলাটো এগৰাকী আদর্শ অভিভাৱকৰ দায়িত্ব বুলি অভিহিত কৰে তেওঁ৷ ইপিনে, সমাজৰ আর্থিকভাৱে অনগ্রসৰ পৰিয়ালৰ শিশুসকলক এখন আন্তঃৰাষ্ট্রীয় পর্যায়ৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় পৰিৱেশেৰে বিনামূলীয়াকৈ শিক্ষাদান কৰাৰ লক্ষ্যৰে প্রতিষ্ঠা কৰা জ্যোতি প্রতাপ জ্ঞানমার্গ বিদ্যালয়ৰ পৰিৱেশ, লক্ষ্য আৰু আদর্শ দেখি অভিভূত হৈ পৰে তেওঁ৷ শূন্যত আৰম্ভ কৰি আজিৰ তাৰিখত বিশিষ্ট উদ্যোগপতিৰূপে পৰিচিত বিদ্যালয়খনৰ স্বত্বাধিকাৰ প্রতাপ শইকীয়াৰ বদান্যতাক প্রশংসা কৰি তেওঁ কয় – প্রতিটো কর্মৰ লগত ভগৱান কৃষ্ণ থাকিব লাগিব৷ সমস্ত কর্ম ভগৱান কৃষ্ণৰ চৰণত সমর্পণ কৰক৷ আমি নিমিত্ত মাত্র৷ কাৰণ, ভগৱান কৃষ্ণই আপোনাৰ জৰিয়তে মাথোঁ এই সেৱা আগবঢ়াইছে৷ অনুষ্ঠানত শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যাপক ড০ ভাৰত বৰা, জাঁজী হেমনাথ শর্মা মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত উপাধ্যক্ষ চন্দন দত্তকে মুখ্য কৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷