বিদ্যুৎ চুৰিত বছৰি ১২০০ কোটিৰ লোকচান শক্তি বিভাগৰঃ ৩ কোম্পানীৰ অধ্যক্ষ পদৰ পৰা পিপাৰছেনিয়াক অপসাৰণ
নিয়মীয়া বাৰ্তা, ১৩ জুনঃ প্রতিবছৰে অভাৱনীয় লোকচানৰ সন্মুখীন হৈ আহিছে ৰাজ্যৰ শক্তিখণ্ড৷ উৎপাদন বৃদ্ধি দূৰৰ কথা, ক্রয় কৰা বিদ্যুৎ যোগানৰ ক্ষেত্রত চলি অহা নানা বেমেজালিৰ বাবে ইতিমধ্যে শক্তি খণ্ডৰ ওপৰত ক্রমাৎ যেন আস্থা হেৰুৱাই পেলাইছে সাধাৰণ ৰাইজে৷ ইয়াৰ মাজতে শেহতীয়াকৈ বিভাগটোৰ একাংশ বৰমূৰীয়াৰ প্রত্যক্ষ সহযোগত ৰাজ্যত সংঘটিত হৈছে বৃহৎ পৰিমাণৰ বিদ্যুৎ চুৰিৰ ঘটনা৷ ফলত প্রতিমাহতে শক্তি বিভাগে এশ কোটি টকা লোকচান ভৰিবলগীয়া হৈছে৷
এনে লোকচান তথা বিদ্যুৎ চুৰিৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই শনিবাৰে ৰাজ্য চৰকাৰে তৎকালে কার্যকৰী হোৱাকৈ বিভাগটোৰ তিনিটা কোম্পানী ক্রমে এ পি ডি চি এল, এ পি জি চি এল আৰু এ ই জি চি এল অধ্যক্ষৰ দায়িত্বত থকা বিনোদ কুমাৰ পিপাৰছেনিয়াক অপসাৰণ কৰে৷
আনহাতে প্রতিষ্ঠান তিনিটা চলাই নিয়াৰ বাবে সাময়িকভাৱে দায়িত্ব অর্পণ কৰা হৈছে মুখ্য সচিব জিষ্ণু বৰুৱাক৷
মন কৰিবলগীয়া যে শক্তি বিভাগৰ তিনিটা প্রতিষ্ঠান ক্রমে অসম শক্তি বিতৰণ কোম্পানী (এ পি ডি চি এল), অসম শক্তি উৎপাদন কোম্পানী (এ পি জি চি এল) আৰু অসম বিদ্যুৎ গ্রিড কর্প’ৰেচন লিমিটেড (এ ই জি চি এল)ৰ জৰিয়তে চলি থকা বিভাগটোৱে বছৰি লোকচান ভৰিবলগীয়া হৈছে ১,২০০ কোটি টকাৰ৷ বিভাগটোৱে সন্মুখীন হোৱা এনে লোকচানৰ কথা কালি মুকলিকৈ প্রকাশ কৰিছিল শক্তিমন্ত্রী বিমল বৰাই৷
মন্ত্রী বৰাই কালি ইয়াকো স্পষ্ট কৰিছিল যে বিভাগটোৰে একাংশ বিষয়া–কর্মচাৰী বিদ্যুৎ চুৰি ঘটনাত জড়িত থকাৰ ফলতেই বিভাগটোৱে সন্মুখীন হৈ আহিছে লোকচানৰ৷ মন কৰিবলগীয়া যে অলপতে মন্ত্রী বৰাই চলোৱা অভিযানত গুৱাহাটীৰ দুটাকৈ প্রতিষ্ঠানৰ বিদ্যুৎ চুৰি ধৰা পেলাবলৈ সক্ষম হৈছিল৷ বৰাগাঁৱৰ মেছার্ছ শিৱ এলয় ষ্টীল প্রাইভেট লিমিটেড আৰু ফটাশিলৰ মেছার্ছ জয়ছোৱাল এলয় প্রাইভেট লিমিটেডে যোৱা ৬ মাহত প্রায় ২,৭০০ মেগাৱাট বিদ্যুৎ চুৰি কৰিছে৷ ইয়াৰ ফলত বিভাগটোৱে আনুমানিক ৭৫ লাখৰ পৰা এক কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে৷
কার্যতঃ একাংশৰ ভিতৰত ধনী মানুহে যে বিদ্যুৎ চুৰি কৰি থকাৰ ফলত ৰাজ্যত বিদ্যুৎ সংকটে দেখা দিছে, সেয়াও ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ পৰিতাপৰ বিষয়টো হ’ল যে মহানগৰীৰ পল্টনবজাৰস্থিত বিজুলী ভৱনৰ পৰা মাত্র ১০ কিলোমিটাৰ দূৰত্বত এনেদৰে মুকলিকৈ বিদ্যুৎ চুৰিৰ ঘটনা যদি সংঘটিত হৈ থাকে, তেন্তে ৰাজ্যৰ অন্য প্রান্তত বিদ্যুৎ চুৰিয়ে কি পর্যায় পাইছেগৈ, সেয়া সহজে অনুমেয়৷
ইতিমধ্যে বিদ্যুৎ চুৰি ঘটনা সন্দর্ভত এ পি ডি চি এলৰ মুখ্য প্রবন্ধক (এণ্টিথেফ্ট)শুভ্রজ্যোতি হাজৰিকা আৰু মুখ্য প্রবন্ধক (বাণিজ্যিক, ই ই) দীপক কুমাৰ দাসৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰা হৈছে৷ বিদ্যুৎ চুৰি ঘটনা সন্দর্ভত দুজনকৈ মুখ্য প্রবন্ধকক নিলম্বনৰ পাছতেই আজি ৰাজ্য চৰকাৰে অধ্যক্ষ বিনোদ কুমাৰ পিপাৰছেনিয়াকো অপসাৰণৰ সিদ্ধান্ত লয়৷ উল্লেখ্য যে যোৱা দীর্ঘসময় ধৰি শক্তি বিভাগৰ তিনিওটা কোম্পানীৰ অধ্যক্ষৰ দায়িত্বত থকা বিনোদ কুমাৰ পিপাৰছেনিয়াই এ পি ডি চি এলে সন্মুখীন হৈ অহা লোকচানৰ জোৰা মৰাৰ বাবে কেইবাবাৰো বিদ্যুতৰ মাচুল বৃদ্ধিৰ বাবে সিদ্ধান্ত লৈছিল৷ বিদ্যুতৰ মাচুল বৃদ্ধিৰে লোকচান পূৰাবলৈ প্রচেষ্টা চলোৱা অধ্যক্ষ পিপাৰছেনিয়াই কিন্তু বিদ্যুৎ চুৰিৰ ঘটনা সন্দর্ভত বিগত পাঁচ বছৰে কোনো পদক্ষেপেই গ্রহণ নকৰিলে৷ ইয়াৰ বিপৰীতে তেওঁৰে সহযোগী তথা তলতীয়া বিষয়াৰ সহযোগত একাংশ ব্যৱসায়ীয়ে মুকলিকৈ বিদ্যুৎ চুৰি কৰি চলাই থাকিল লুণ্ঠন৷
শেহতীয়াকৈ উত্থাপিত অভিযোগ অনুসৰি বিভিন্ন কাৰিকৰী পন্থাৰে মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্রান্তত একাংশ উদ্যোগে প্রতিমাহে বৃহৎ পৰিমাণৰ বিদ্যুৎ চুৰি কৰি আহিছে৷ শক্তি বিভাগৰ নজৰত এই বিদ্যুৎ চুৰিৰ ঘটনা ধৰা পৰে যদিও ধনৰ লেনদেনৰ জৰিয়তে একাংশ বিষয়াই এইক্ষেত্রত চকুমুদা কুলিৰ ভাও ধৰি অহাৰ গুৰুতৰ অভিযোগ উঠিছে৷ ফলত প্রতিমাহে ১০০ কোটি টকা আৰু বছৰি ১,২০০ কোটি টকাকৈ লোকচানৰ সন্মুখীন হৈ আহিছে শক্তি বিভাগ৷
খোদ শক্তি বিভাগৰে এক সূত্রই প্রকাশ কৰা অনুসৰি অধ্যক্ষ বিনোদ কুমাৰ পিপাৰছেনিয়াৰ অকর্মণ্যতা আৰু একাংশ বিষয়াৰ ধন লুণ্ঠনৰ অভিপ্রায়ৰ বাবে বিদ্যুতৰ মাচুল আদায়ৰ ক্ষেত্রতো সংঘটিত হৈ আহিছে বৃহৎ অনিয়ম৷ প্রতিমাহে ১০০ৰ পৰা ১৫০ কোটি টকাৰ বিল অনাদায় হৈ আছে৷ মন কৰিবলগীয়া যে শক্তিখণ্ডত চলি থকা এনে বৃহৎ লোকচানৰ বিষয়টো শেহতীয়াকৈ ধৰা পৰিছিল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অলপতে অনুষ্ঠিত কৰা বিভাগটোৰ এক পর্যালোচনা বৈঠকত৷ এই বৈঠকতে মুখ্যমন্ত্রী ড০ শর্মাই শক্তি বিভাগৰ বিত্তীয় অনিয়ম আৰু বিদ্যুৎ চুৰি ঘটনা সন্দর্ভত ক্ষিপ্রতাৰে ব্যৱস্থা ল’বলৈ কঠোৰ নির্দেশ দিয়াৰ লগতে যিসকল বিষয়াই ইচ্ছাকৃতভাৱে সমগ্র বিভাগটোক লোকচানৰ দিশলৈ ঠেলি দিছে, সেই বিষয়াসকলক অনতিপলমে অপসাৰণ কৰিবলৈ নির্দেশ দিছিল৷
তদুপৰি এজন অৱসৰপ্রাপ্ত আই পি এছ বিষয়াৰ জৰিয়তে বিদ্যুৎ চুৰি ঘটনাৰ সমগ্র দিশ তদন্তৰো নির্দেশ দিছিল৷ মুখ্যমন্ত্রী ড০ শর্মাৰ এই নির্দেশৰ পাছতেই তৎপৰ হৈ পৰা শক্তিমন্ত্রী বিমল বৰাই কালি মুকলিকৈ শক্তি বিভাগৰ বিষয়াসকলক নিয়ন্ত্রিত হ’বলৈ আহ্বান জনোৱাৰ লগতে বিদ্যুৎ চুৰিৰ ঘটনাৰ ক্ষেত্রত শূন্য সহনশীলতা নীতি অৱলম্বন কৰিবলৈ নির্দেশ দিয়ে৷ কালি দুজনকৈ শীর্ষ বিষয়াক নিলম্বনৰ পাছত আজি ৰাজ্য চৰকাৰে অধ্যক্ষ পিপাৰছেনিয়াক অপসাৰণ কৰি এই দিশত চৰকাৰৰ কঠোৰ স্থিতি পুনৰ স্পষ্ট কৰি দিয়ে৷