ঢকুৱাখনাত এখন ফুটবল খেলত দেখা গ’ল ৰাইজৰ পাৰ ভগা উছাহ
🔹 অসমত ফুটবল -ক লৈ যেন ঘূৰি আহিছে অতীতৰ উন্মাদনা
নিয়মীয়া বার্তা, ৭ জুন : ৰাজ্যত কমা নাই ফুটবলৰ জনপ্ৰিয়তা। গ্ৰামাঞ্চলত এতিয়াও অব্যাহত আছে ফুটবলৰ উন্মাদনা। অসমৰ ফুটবলক লৈ যেন ঘূৰি আহিছে অতীতৰ উন্মাদনা। ঢকুৱাখনাত কালি অনুষ্ঠিত হোৱা এখন ফুটবল খেলত দেখা গ’ল যেন ইয়াৰেই প্ৰতিচ্ছবি। শনিবাৰে ঢকুৱাখনাৰ মাতমৰাত নৱনিৰ্মিত বিষ্টুৰাম দলে ক্ৰীড়া ক্ষেত্ৰত অনুষ্ঠিত হোৱা অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগৰ প্রথমখন ছেমি ফাইনেল মেচত দেখা গ’ল ৰাইজৰ পাৰ ভগা উছাহ। প্ৰচণ্ড গৰমকো নেওচি দুপৰীয়া ভাগত খেলপথাৰত ভিৰ কৰিলেহি হাজাৰ হাজাৰ ক্ৰীড়াপ্ৰেমীয়ে। ফুটবল খেল চাবলৈ ওলাই আহিল আনকি বৃহত্তৰ অঞ্চলটোৰ জীয়ৰী-বোৱাৰীও। ফুটবল নহয় যেন এক মহাৰণহে।
বিয়লি ২.৩০ বজাৰ লগে লগে খেলুৱৈৰ দুভৰিৰ ছন্দত প্ৰাণ পাই উঠিল সেউজীয়া ক্ৰীড়াংগন।হাজাৰ হাজাৰ দৰ্শকৰ সন্মুখত জীপাল হৈ উঠিল এসময়ৰ বান বিধ্বস্ত ঢকুৱাখনাৰ মাতমৰাৰ বিষ্টুৰাম দলে ক্ৰীড়া ক্ষেত্ৰ।
উল্লেখ্য যে অসম ফুটবল সন্থাৰ উদ্যোগত আৰু ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ আতিথ্যত কালিৰে পৰা মাতমৰাস্থিত বিষ্টুৰাম দলে ক্ৰীড়া ক্ষেত্ৰত অনুষ্ঠিত হৈছে অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্যায়ৰ খেল। কালি অনুষ্ঠিত হোৱা প্ৰথমখন ছেমি ফাইনেলত ৰণত নামে ছয়গাঁও ফুটবল ক্লাব বনাম ইউনাইটেড চিৰাংডোৱাৰ ফুটবল ক্লাব। উত্তেজনাপূৰ্ণ খেলখনত ছয়গাওঁ ফুটবল ক্লাবে ইউনাইটেড চিৰাংডোৱাৰ ফুটবল ক্লাবক ২-১ গ’লত পৰাজিত কৰে। আজি অনুষ্ঠিত হ’ব লগা দ্বিতীয়খন ছেমি ফাইনেলত প্রতিদ্বন্দ্বিতা আগবঢ়াব বঙাইগাঁও ইলেভেন ষ্টাৰ ফুটবল ক্লাব বনাম গ্রীনভেলী ফুটবল ক্লাব, গুৱাহাটীয়ে। এই দুয়োখন খেলৰ বিজয়ী দল দুটিয়ে ১০ জুনত ফাইনেল খেলিব মাতমৰাৰ বিষ্ণুৰাম দলে ক্রীড়া ক্ষেত্রত।
ইফালে, প্ৰতিযোগিতাখনলৈ ৰাইজৰ এনে সঁহাৰিত উৎফুল্লিত হৈ পৰিছে অসম ফুটবল সন্থাৰ লগতে ঢকুৱাখনা জিলা ক্ৰীড়া সন্থা। ফুটবল খেললৈ ৰাইজৰ এই ব্যাপক উছাহ দেখি প্ৰতিজন ক্ৰীড়াপ্ৰেমীৰে আশা- অসম ফুটবললৈ উভতি আহক অতীতৰ সোণালী দিনবোৰ।
প্ৰেৰক পুলকজ্যোতি বৰা