নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাৰ পাটগাঁৱত প্ৰৱঞ্চনাৰে লটাৰী টিকট বিক্ৰী

🔹 দুই যুৱকক উত্তম-মধ্যম ৰাইজৰ

নিয়মীয়া বাৰ্তা, ২৯ ছেপ্টেম্বৰ : শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত বালিপৰাৰ পাটগাঁৱত আজি প্ৰৱঞ্চনাৰে লটাৰী টিকট বিক্ৰী কৰিবলৈ অহা দুই যুৱকক ৰাইজে আবদ্ধ কৰি উত্তম-মধ্যম শোধায় । জানিব পৰা মতে, আজি দিনৰ ১২:৩০ মান বজাত লটাৰী খেলৰ বিভিন্ন টিকট লৈ দুজন যুৱকে পাটগাঁৱত প্ৰৱেশ কৰে । টিকট ক্ৰয় কৰিবলৈ বিভিন্ন প্ৰলোভন দি একাংশ লোকক টিকটো বিক্ৰী কৰে । বিষয়টো গাঁওখনৰ সচেতন ৰাইজৰ দৃষ্টিগোচৰ হোৱাত ৰাইজে যুৱক দুজনক সন্দেহবশতঃ সোধা-পোছা কৰাত যুৱক দুজনে সঠিককৈ লটাৰী বিষয়ত জনাব নোৱাৰাত প্ৰৱঞ্চনাৰ জাল পেলোৱাটো স্পষ্ট হৈ পৰে । ইয়াতে খৰ্গহস্ত হৈ একাংশ লোকে যুৱক দুজনক উত্তম-মধ্যম শোধাই বহু সময় আবদ্ধ কৰি ৰাখে । যুৱক দুজনৰ নাম বিতু আলী আৰু নজৰুল আলী। ৰাইজে ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষীক খবৰ দিয়ে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like