✅নিৰ্বাচনী ফলাফলৰ পিছত অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া
✅কংগ্ৰেছে আগতীয়াকৈ অলপ আনন্দ কৰিছিল মোৰ ক’ব লগা নাই
✅অহা নিৰ্বাচনত আৰু দুগুণ উৎসাহেৰে প্ৰধানমন্ত্ৰীক ভোট দিব দেশৰ জনতাই
বিশেষ বাৰ্তা, ৩ ডিচেম্বৰঃ দেশৰ পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ আগতে ছেমিফাইনেল হিচাপে বিবেচিত ৰাজস্থান, মধ্যপ্ৰদেশ, তেলেংগানা আৰু ছত্তিশগড়ৰ আজি নিৰ্বাচনী ফলাফল ঘোষণা কৰা হয়। ফলাফলত দুখন কংগ্ৰেছ শাসিত ৰাজ্য ক্ৰমে ৰাজস্থান আৰু ছত্তিশগড় বিজেপিৰ দখললৈ অহাৰ লগতে মধ্যপ্ৰদেশত পুনৰ চলিল বিজেপিৰ যাদু। এই ফলাফলৰ পিছতে মত ব্যক্ত কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি ৰাইজে আস্থা দেখুৱাইছে। ছেমিফাইনেল সংবাদ মাধ্যমৰেহে সৃষ্টি, ২০২৪লৈ বেছি দিন নাই। ৪খন ৰাজ্যৰ জনতাক শিৰণত কৰি ধন্যবাদ জনাইছোঁ। এই ফলাফলে এটা স্পষ্ট কৰিলে যে সমগ্ৰ দেশৰ ৰাইজৰ মৰম স্নেহ মোদীজীৰ লগত আছে । অহা নিৰ্বাচনত আৰু দুগুণ উৎসাহেৰে প্ৰধানমন্ত্ৰীক ভোট দিব দেশৰ জনতাই। ইফালে তেলেংগানাত বিজেপি পৰাস্ত হোৱাৰ সন্দৰ্ভত ড০ শৰ্মাৰ মন্তব্য- দক্ষিণত বন্ধ হল কিন্তু পূব-পশ্চিম আৰু উত্তৰত খোল খালে। কেতিয়াবা আকৌ দক্ষিণতো খোল খাব। কংগ্ৰেছে কৰা স্ফূৰ্তি সন্দৰ্ভত ড০ শৰ্মাৰ মত- কংগ্ৰেছে আগতীয়াকৈ অলপ আনন্দ কৰিছিল মোৰ ক’ব লগা নাই। উল্লেখ্য যে ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত দেশত ঘোষণা হব লোকসভা নিৰ্বাচনৰ দিন ।
#বাৰ্তা ডেস্ক