চাপৰত প্ৰেম আৰু বিবাহৰ ছলনাৰে যুৱতীক ধৰ্ষণঃ নিৰ্লিপ্ত ভূমিকা ছদ্মৱেশী প্ৰেমিকৰ
নিয়মীয়া বাৰ্তা, ৩ মাৰ্চঃ ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত হলদিবাৰী গাঁৱৰ যুবতী এগৰাকীক প্ৰথমে প্ৰেম পিছত বিয়াৰ প্ৰলোভন দি শাৰীৰিক সম্পর্ক কৰে। প্ৰেম আৰু বিবাহৰ ছলনাৰে হলদিবাৰীৰ দুখীয়া পৰিয়ালৰ যুৱতীক চাপৰ থানাৰ অন্তৰ্গত ঘুনিমাৰীৰ ছাইফুল ইছলাম নামৰ এইজন লম্পটে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে । ইপিনে যুৱতীগৰাকীক বিয়াৰ প্ৰলোভন দি ধৰ্ষণ কৰাৰ পিছত বিবাহ নকৰাৰ বাবে যুৱতীগৰাকীয়ে আইনৰ দ্বাৰস্থ হোৱা বুলি জানিব পাৰি ছদ্মবেশী প্ৰেমিক ছাইফুল আৰু তেওঁৰ পৰিয়ালৰ লোকে ছলনাৰে যুৱতীগৰাকীক বিয়া কৰাৰ পদক্ষেপ গ্রহণ কৰে । কিন্তু যুৱতীগৰাকীৰ পৰিয়ালে প্ৰেমিক ছাইফুলৰ পৰিয়ালৰ ছলনাৰ বিষয়ে জানিব পাৰি বিয়া দিবলৈ অমান্তি হৈ যোৱা ২৬ ফেব্ৰুৱাৰীত চাপৰ থানাত এখন এজাহাৰ দাখিল কৰে যদিও চাপৰ আৰক্ষীয়ে এজাহাৰখন পঞ্জীয়নভুক্ত কৰাৰ বিপৰীতে ধৰ্ষণকাৰীৰ পক্ষ লৈ ওকালতি কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰা দেখা যায় । ভুক্তভোগী যুৱতীগৰাকীক ন্যায় দিয়াৰ পৰিৱৰ্তে ছদ্মৱেশী ধৰ্ষণকাৰী প্ৰেমিকক ৰক্ষণাবেক্ষণ দিয়া বুলি আৰক্ষীৰ বিৰুদ্ধে অভিযোগৰ আঙুলি ভুক্তভোগী পৰিয়ালৰ । উল্লেখ্য যে ভুক্তভোগীয়ে দাখিল কৰা গোচৰৰ ভিত্তিত আটক কৰা এইজন ধৰ্ষণকাৰী লম্পট প্ৰেমিকক এৰি দিয়াৰ লগতে এতিয়ালৈকে গোচৰটো পঞ্জীয়ন নকৰাৰ আঁৰৰ ৰহস্য কি সেয়া হৈ পৰিছে এক নুবুজা সাঁথৰ ।
প্ৰেৰক আতিকুল হুছেইন