নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনি বছৰীয়া প্ৰেম, তিনি বছৰ পূৰ্বে বিবাহ, ছেকেণ্ডত ধূলিসাৎ জীৱনৰ স্বপ্ন !

নিয়মীয়া বাৰ্তা, ১৪মাৰ্চঃ ডিব্ৰুগড়ত যোৱানিশা সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডই সমগ্ৰ ৰাজ্য কঁপাই তুলিছে।স্বয়ং এগৰাকী আৰক্ষী জোৱানে নিজ পত্নীক শূন্য দূৰত্বৰ পৰা নিজ শোৱনি কোঠাতে ছাৰ্ভিচ কাৰ্বাইনেৰে গুলীয়াই হত্যা কৰা ঘটনাই সকলোতে ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।জানিব পৰা মতে আৰক্ষী কনিষ্টবল বিকী চেতিয়াই(৩৬) কালি মাজনিশা নিজ পত্নী জয়শ্ৰী চেতিয়াক (২৯) নিজৰ ছাৰ্ভিচ কাৰ্বাইন বন্দুকেৰে গুলীয়াই হত্যা কৰে। কালি মাজনিশা প্ৰায় ১ বজাত সংঘটিত হয় উক্ত ভয়াৱহ ঘটনটো। উন্মাদ আৰক্ষী কনিষ্টবল বিকিয়ে শূন্য দূৰত্বৰ পৰা গুলী কৰাত পত্নী জয়শ্ৰী চেতিয়াৰ দেহৰ বুকুত এটা গুলী আৰু ডিঙিত এটা গুলী লাগি ওলাই যায়।ডিব্ৰুগড় সদৰ থানাৰ পৰা ৫০ গজ দূৰত্বৰ চৰকাৰী আৱাসত সংঘটিত ঘটনাত নিশাৰ নিৰ্জনতা ভেদ কৰি আকস্মিক গুলীৰ শব্দত প্ৰতিৱেশীসকল সাৰ পাই ঘটনা দেখি কিংকৰ্তব্যবিমূঢ় হৈ পৰে।স্থানীয় আন আন আৱাসী আৰক্ষীসকলৰ পৰা জানিব পৰা মতে কালি নিশাৰ ভাগত পতি-পত্নী দুয়ো অকলশৰে আছিল।সন্ধিয়া ভাগৰে পৰা কাজিয়াৰ সূত্ৰপাত হৈছিল যদিও দুয়ো এবাৰ ওলাই গৈছিল।পৰৱৰ্তী সময়ত বিকি চেতিয়া অকলশৰে নিশা নিজৰ মটৰচাইকেলৰে ওলাই গৈছিল যদিও কলৈ গৈছিল সেয়া আৱাসীসকলে জনা নাছিল।কিন্তু নিশা হঠাৎ প্ৰায় এক বজাত দুটাকৈ গুলীৰ শব্দ শুনি সকলো আতংকিত হৈ পৰে আৰু নিজ নিজ আৱাসৰ পৰা ওলাই আহি দেখে যে আৰক্ষী কনিষ্টবল বিকি চেতিয়াৰ আৱাসৰ মজিয়াত তেজৰ নৈ বৈছে আৰু ৰক্তাক্ত শৰীৰে পত্নী বিছনাত ঢলি পৰি থকাৰ বিপৰীতে উদ্যত মাৰণাস্ত্ৰ লৈ বিকি কাষতে থিয় হৈ থকা দেখি সকলো আতংকিত হৈ আৰক্ষীক খবৰ দিয়ে।লগে লগে এক বৃহৎ আৰক্ষীৰ দল উপস্থিত হৈ বিকি চেতিয়াক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনাস্থলীৰ পৰা কাৰ্বাইন, দুটা খালী কাৰ্টুজ জব্দ কৰি তেজৰ দোঙাত পৰি থকা জয়শ্ৰীক অসম মেডিকেললৈ প্ৰেৰণ কৰে যদিও ইতিমধ্যেই জয়শ্ৰীৰ মৃত্যু ঘটিছিল।ঘটনাৰ সন্দৰ্ভত আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰাই সাংবাদিকক জানিবলৈ দিয়া অনুসৰি কালি নিশা আৰক্ষীৰ নিৱেশত সংঘটিত হত্যাকাণ্ডৰ সৈতে জৰিত কনিষ্টবল বিকি চেতিয়াক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনাস্থলীৰ পৰা দুটা খালী কাৰ্টিজ উদ্ধাৰ কৰা হৈছে।মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি কিবা আৰু আঘাত আছে নেকি সেয়াও চোৱা হব আৰু আজি আদালতত হাজিৰ কৰাৰ পাছত সোধ-পোছ কৰি তদন্ত কৰা হব।সকলো আইনৰ মতেই কৰা হব বুলি আৰক্ষী অধীক্ষক মিশ্ৰাই সদৰী কৰে।আনহাতে এই লোমহৰ্ষক ঘটনা সংঘটিত হোৱাৰ পাছতে এক উত্তাল পৰিস্থিতিৰ সৃষ্টি হয় ডিব্ৰুগড় সদৰ থানাত।মৃত্যু হোৱা জয়শ্ৰীৰ পৰিয়ালৰ লোকে ডিব্ৰুগড় সদৰ থানাৰ চৌহদত হত্যাকাৰী বিকিৰ ফাঁচিৰ দাবীত বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।উল্লেখযোগ্য যে ডিব্ৰুগড় সদৰ থানাৰ কাষতে  থকা আৰক্ষী নিৱাসত বিকি চেতিয়াৰ তিনি মহীয়া অন্তঃসত্ত্বা পত্নী জয়শ্ৰীক কাৰ্বাইন বন্দুকেৰে দুই জাঁই গুলীৰে হত্যা কৰাত জয়শ্ৰীৰ পৰিয়াল আৰু প্ৰতিবাদী ৰাইজে ইয়াৰ উচিত ন্যায় দাবী কৰাৰ লগতে বিকিৰ ফাঁচিৰ দাবী জনায়।ডিব্ৰুগড় বিদেশী ন্যায়াধিকৰণৰ এগৰাকী সদস্যৰ দেহৰক্ষী হিচাপে কৰ্মৰত বিকিক নিশাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।জানিব পৰা মতে নিশাই আৰক্ষীয়ে কনিষ্টবল বিকীৰ চৰকাৰী আৱাসটো ছীল কৰি দিয়ে।ঘটনা সন্দৰ্ভত ইতিমধ্যে জয়শ্ৰীৰ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে।তিনি বছৰীয়া প্ৰেম-ভালপোৱাৰ পিছত বিগত চাৰি বছৰ পূৰ্বে দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল। চাবুৱাৰ ডঙ্গৰচুকৰ নিবাসী চতুকন চেতিয়া আৰু কৃষ্ণামণি চেতিয়াৰ তৃতীয়া কন্যা জয়শ্ৰীৰ হত্যাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।বিকিৰ ফাঁচিৰ দাবীত পুৱাৰে পৰা বিয়লি পৰ্যন্ত ডিব্ৰুগড় সদৰ থানা চৌহদত এক উত্তেজনাময় পৰিস্থিতি হয়।ৰাইজে আৰক্ষীয়ে বিকিক ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ কৰিছে।পুৱাৰে পৰা দুপৰীয়া পৰ্যন্ত উচ্চপদস্থ আৰক্ষী বিষয়া ঘটনা স্থলীত উপস্থিত নোহোৱাত পৰিৱেশ অধিক উতপ্ত হৈ পৰে।অৱশেষত ডিব্ৰুগড় আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰ,অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ৰাইজক আস্বস্ত কৰে।এজন আৰক্ষী জোৱানে কেনেদৰে নিজৰ চাৰ্ভিচ কাৰ্বাইন কৰ্তব্য সমাপনৰ পাছত নিজ গৃহত ৰাখি পত্নীক হত্যা কৰিলে তাক লৈও বহু প্ৰশ্ন উৎথাপন হৈছে।কোনো কাৰণতে যাতে হত্যাকাৰী বিকী সাৰি যাব নোৱাৰে তাৰ বাবে সকলোৱে দাবী উৎথাপন কৰিছে।আৰক্ষীয়ে ইতিমধ্যে ভাৰতীয় দণ্ড বিধি আইনৰ ৩০২ ধাৰা আৰু ২৭(১)অস্ত্ৰ আইনৰ অধীনত ডিব্ৰুগড় সদৰ থানাত১৬১/২০২২ গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে।

প্ৰেৰক বিভাস দুৱৰা।

You might also like