নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ অৱশেষত আৰক্ষীৰ জালত পৰিল লাভ জেহাদ কাণ্ডৰ মূল নায়ক জাহিদুল কাজী ওৰফে লাকী শর্মা৷ কালি নিশা সর্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া অঞ্জন বড়োৰ নেতৃত্বত চলা এক অভিযানত আৰক্ষীৰ জালত পৰিল পলাতক হৈ থকা জাহিদুল কাজী ওৰফে জাহিদুল ইছলাম ওৰফে লাকী শর্মা৷ লাভ জেহাদৰ ঘটনাৰ সৈতে জডিত জাহিদুল কাজী ওৰফে লাকী শর্মাক নিশাই গ্রেপ্তাৰ কৰে আৰক্ষীয়ে৷ সর্থেবাৰী আৰক্ষী থানাৰ অন্তর্ভুক্ত দুই নং বেচিমাৰীৰ জাহিদুল কাজীয়ে লাকী শর্মা বুলি চিনাকি দি জামুগুৰিহাটৰ এগৰাকী ১৪ বছৰীয়া কিশোৰীৰ সৈতে ছলনাৰে প্রেমৰ সম্পর্ক গঢ়ি তোলে৷ পৰৱর্তী সময়ত কিশোৰীগৰাকীক অপহৰণ কৰিছিল৷ জামুগুৰিহাটত এক্সকেভেটৰ চালক হিচাপে কাম কৰি থকা জাহিদুলে যোৱা মার্চ মাহতে কিশোৰীগৰাকীক অপহৰণ কৰি আনি বেচিমাৰীত উপস্থিত হোৱাৰ পাছতে লাকী শর্মা বুলি ভাবি থকা যুৱকজনক মুছলমান বুলি জানিব পাৰে দুর্ভগীয়া কিশোৰীগৰাকীয়ে৷ সেই তেতিয়াৰ পৰা নানা নির্যাতনৰ সন্মুখীন হ’ব লগা হোৱা কিশোৰীগৰাকীয়ে অৱশেষত জাহিদুলৰ ঘৰৰ পৰা সোমবাৰে পুৱতিনিশা পলায়ন কৰি গহিয়া গাঁৱৰ এজন লোকৰ ঘৰত আশ্রয় লৈছিল৷ এই ঘটনাৰ পাছতে সর্থেবাৰীত তুমুল উত্তেজনা সৃৃষ্টি হৈছিল৷ পাছত সর্থেবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কিশোৰীগৰাকীক উদ্ধাৰ কৰিছিল৷ ইপিনে কিশোৰীগৰাকীৰ অপহৰণৰ পাছতে জামুগুৰিহাট আৰক্ষী থানাত ৰুজু হোৱা ১৬/২০২০ নম্বৰ আৰু ৩৬৫ ধাৰাত ৰুজু কৰা গোচৰমর্মে জাহিদুলক সর্থেবাৰী আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷