নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়ান গেমছৰ ফাইনেলত লাভলীনা

বিশেষ বাৰ্তা, ৩ অক্টোবৰ : ২০২৩ চনৰ এছিয়ান গেমছত ভাৰতৰ উৎকৃষ্ট প্ৰদৰ্শন অব্যাহত আছে। এছিয়ান গেমছৰ দশম দিনটোত বক্সাৰ প্ৰীতি পানৱাৰে ব্ৰঞ্জৰ পদক লাভ কৰি দেশখনক ৬২সংখ্যক পদক প্ৰদান কৰে। তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁয়েও ফাইনেলত প্ৰৱেশ কৰিছে। লাভলীনাই অন্ততঃ ব্ৰঞ্জৰ পদক নিশ্চিত কৰিছে। এছিয়ান গেমছৰ ৫৪ কেজি ছেমি ফাইনেল মেচত বৰ্তমানৰ ফ্লাইৱেট চেম্পিয়ন চীনৰ চাং ইউয়ানৰ হাতত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক লাভ কৰি সন্তুষ্ট হ’বলগীয়া হৈছিল ভাৰতীয় বক্সাৰ প্ৰীতি পানৱাৰে। ইয়াৰ লগতে পেৰিছ অলিম্পিকৰ টিকট লাভৰ পৰাও বঞ্চিত হৈছিল। প্রথম তিনি মিনিটত প্রীতিয়ে ভাল প্রদর্শন কৰি ঘোচা নিক্ষেপ কৰিছিল যদিও পাছত ছন্দ বজাই ৰাখিব পৰা নাছিল৷ চীনা খেলুৱৈগৰাকীয়ে প্ৰচণ্ড আক্ৰমণাত্মকতা প্ৰদৰ্শন কৰি তেওঁক কোনো সুযোগ নিদিলে। প্ৰথম ৰাউণ্ডত পাঁচজন বিচাৰকৰ ভিতৰত চাৰিজন বিচাৰকে চীনা খেলুৱৈগৰাকীৰ সপক্ষে ৰায় দিয়ে। দ্বিতীয় ৰাউণ্ডত প্ৰীতিয়ে নিজৰ ডিফেন্স ভাঙিবলৈ চেষ্টা কৰে। প্ৰীতিৰ মূৰৰ পিছফালে আঘাত কৰাৰ বাবেও ইউয়ানে এটা সতৰ্কবাণী লাভ কৰিছিল। অৱশ্যে শেষৰ তিনি মিনিটত ৰক্ষণাত্মকভাৱে খেলি চীনে জয়লাভ কৰে। ইফালে আজি ফাইলনেল প্ৰৱেশ কৰি লাভলীনাই পেৰিছ অলিম্পিকলৈও যোগ্যতা অৰ্জন কৰে।

You might also like