নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ নগৰবেৰাত জঘন্য কাণ্ড। প্ৰেমৰ ছলনাৰ প্ৰেমিকৰ নিকৃষ্ট কাণ্ড। বিয়াৰ প্ৰলোভনেৰে প্ৰথমে বলপূৰ্বক ধৰ্ষণ আৰু পাছলৈ অন্তঃসত্ত্বা হয় প্ৰেমিকা। প্ৰেমিক ছানিদুলৰ এই জঘন্য কাণ্ড। সন্তানৰ দায়িত্ব লোৱাৰ পৰিবৰ্তে পলায়নহে কৰে লম্পট ছানিদুলে। অৱশেষত ভুক্তভোগীয়ে ন্যায় বিচাৰি নগৰবেৰা থানাত এজাহাৰ দাখিল কৰে।এজাহাৰৰ ভিত্তিত নগৰবেৰা আৰক্ষীয়ে আটক কৰি লম্পট ছানিদুলক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস