নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২ আগষ্টত কলাক্ষেত্রত লাভলীনাক বিপুল সম্বর্ধনা

নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ টকিঅ’ অলিম্পিকত পদক জয়েৰে ৰাজ্যৰ ক্রীড়া ইতিহাসত সোণালী অধ্যায়ৰ সূচনা কৰা অসম কন্যা লাভলীনা বৰগোহাঁই অহা ১২ আগষ্টত গৃহভূমি অসমলৈ আহিব৷ বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱৰ পৰা দেশলৈ ঐতিহাসিক ব্রঞ্জৰ পদক কঢ়িয়াই সোমবাৰে সন্ধিয়া নতুন দিল্লীত উপস্থিত হোৱা উদীয়মান বক্সাৰগৰাকীয়ে ১২ আগষ্টৰ পুৱা ৯ বজাত বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিব৷

অলিম্পিকত পদক জয়েৰে ৰাজ্যবাসীক গর্বিত কৰা খেলুৱৈগৰাকীক বিমানবন্দৰতে আদৰণি জনাব ৰাজ্য চৰকাৰ আৰু বিভিন্ন দল–সংগঠনে৷ ৰাজ্য চৰকাৰৰ ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত লাভলীনাক বিমানবন্দৰৰ পৰা গুৱাহাটীৰ মাজমজিয়াৰে হোটেল তাজ ভিভাণ্টালৈ আদৰি অনা হ’ব৷ ইয়াতে কিছু সময় তেওঁ বিশ্রাম ল’ব৷ ক্রীড়ামন্ত্রী বিমল বৰাই সোমবাৰে সংবাদ মাধ্যমক এই কথা জানিবলৈ দিয়ে৷

তেওঁ কয় যে অলিম্পিকত পদক জয়েৰে ৰাজ্যবাসীক ধন্য কৰা লাভলীনাক ব্যাপক উলহ–মালহেৰে আদৰি অনাৰ ইচ্ছা আছিল যদিও ক’ভিড প্রট’কলৰ বাবে সেয়া সম্ভৱ নহ’ব৷ তথাপি ৰাজ্য চৰকাৰে অসমক বিশ্বৰ মানচিত্রত উজলোৱা ক্রীড়াবিদগৰাকীক আদৰিবলৈ ব্যাপক প্রস্তুতি চলাইছে৷ ১২ আগষ্টৰ বিয়লি ৩ বজাত লাভলীনাক শংকৰদেৱ কলাক্ষেত্রৰ প্রেক্ষাগৃহত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিপুলভাৱে সম্বর্ধনা জ্ঞাপন কৰা হ’ব৷ এই অনুষ্ঠানত তাৰকা খেলুৱৈগৰাকীক ৰাজ্য চৰকাৰে পূর্বে ঘোষণা কৰা অনুসৰি পুৰস্কাৰ আগবঢ়াব বুলিও ক্রীড়ামন্ত্রী বিমল বৰাই জানিবলৈ দিয়ে৷ অৱশ্যে চাকৰিৰ ক্ষেত্রত লাভলীনাৰ মতামত লৈহে চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিব৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ টকিঅ’ অলিম্পিকৰ ছেমিফাইনেললৈ উন্নীত হৈ দেশলৈ ব্রঞ্জৰ পদক কঢ়িয়াই অনা গোলাঘাটৰ জীয়ৰী তথা দেশৰ সম্ভাৱনাময় যুৱ তাৰকাগৰাকীয়ে ১২ আগষ্টত গুৱাহাটীৰ পৰা গোলাঘাটৰ নিজ গৃহলৈ যোৱাৰ কথা আছিল যদিও তেওঁৰ ভ্রমণসূচীৰ সালসলনি ঘটোৱা হৈছে৷ এই অনুসৰি লাভলীনাই ১২ আগষ্টত অসম চৰকাৰৰ সম্বর্ধনা গ্রহণ কৰি ১৩ আগষ্টত পুনৰ দিল্লীলৈ উভতি যাব৷ ইয়াৰ পাছতে তেওঁ ১৫ আগষ্টত নতুন দিল্লীৰ লালকিল্লাত অনুষ্ঠিত হ’বলগীয়া স্বাধীনতা দিৱসৰ কার্যসূচীত অংশ ল’ব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে টকিঅ’ অলিম্পিকত দেশক প্রতিনিধিত্ব কৰা খেলুৱৈসকলক স্বাধীনতা দিৱসৰ কার্যসূচীলৈ আমন্ত্রণ জনাইছে৷

স্বাধীনতা দিৱসৰ পেৰেডত উপস্থিত থকাৰ পাছত লাভলীনাসহ ভাৰতীয় দলটোৱে বিয়লি ৪ বজাত ৰাষ্ট্রপতি ভৱনত ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দক সাক্ষাৎ কৰিব৷ একেদৰে ১৬ আগষ্টৰ পুৱা ১১ বজাত তেওঁলোকে প্রধানমন্ত্রীৰ কার্যালয়ত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে মত বিনিময়ত অংশ ল’ব৷

ইফালে, স্বদেশত উপস্থিত হোৱাৰ পাছতে অসম কন্যা লাভলীনাই সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ টকিঅ’ৰ ভুল শুধৰাই পেৰিছ অলিম্পিকত স্বর্ণ জয়ৰ লক্ষ্যৰে এতিয়াৰে পৰা কঠোৰ অনুশীলনত মনোনিৱেশ কৰিব৷ ‘টকিঅ’ত ব্রঞ্জ জয়ৰ পাছৰে পৰা সমগ্র দেশবাসীৰ পৰা মই অজস্র শুভকামনা আৰু মৰম–চেনেহ লাভ কৰিছোঁ৷ ইয়াৰ বাবে সকলোৰে ওচৰত মই কৃতজ্ঞ৷ দেশলৈ উভতি অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ৷ ২০২৪ৰ পেৰিছ অলিম্পিকত মই স্বর্ণ জয় কৰিব বিচাৰোঁ৷ এতিয়াৰে পৰা মই নিজৰ দুর্বলতাসমূহ আঁতৰাই বিশ্বৰ যিকোনো প্রতিদ্বন্দ্বীৰে যুঁজিব পৰাকৈ নিজকে সাজু কৰি তুলিম৷’ বিমানবন্দৰত সাংবাদিকৰ আগত অসমৰ উদীয়মান বক্সাৰগৰাকীয়ে এইদৰে কয়৷

ইফালে, কোৱার্টাৰ ফাইনেলত চাইনিজ টাইপেৰ শক্তিশালী প্রতিদ্বন্দ্বী নিয়ান–চিন চেনৰ বিৰুদ্ধে জয় সাব্যস্ত কৰাৰ মুহূর্তটো টকি্অ’ অলিম্পিকৰ সর্বশ্রেষ্ঠ মুহূর্ত বুলি লাভলীনাই উল্লেখ কৰে৷ তেওঁ লগতে কয় যে পূর্বে চাৰিবাৰকৈ পৰাজয়ৰ সন্মুখীন হোৱা চিন চেনক অলিম্পিকৰ ৰিঙত পৰাস্ত কৰাটো তেওঁৰ কেৰিয়াৰৰ অন্যতম স্মৰণীয় মুহূর্ত হৈ ৰ’ব৷  

You might also like