নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মীয়মান বান্ধৰ ওপৰেৰে বাগৰিছে পানী

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ:  গেৰুকামুখত এন এইচ পি চিয়ে নিৰ্মাণ কৰি থকা ২০০০ মেগাৱাট ক্ষমতা সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য যিমানেই ক্ষিপ্ৰ গতিত আগবাঢ়িছে ইমানেই প্ৰকল্পটোৰ নামনি অংশৰ ৰাইজৰ মাজত শংকিত হৈ পৰিছে । প্ৰকল্পটোৰ নিৰ্মাণ ইতিমধ্যে প্ৰায় ৯০ শতাংশ সম্পূৰ্ণ হ’ল যদিও প্ৰকল্পটো সম্পূৰ্ণৰূপে সুৰক্ষিত কৰিব পৰা নাই নিৰ্মাতা সংস্হা এন এইচ পি চিয়ে ৷ শেহতীয়াভাৱে অৰুণাচল পাহাৰত হৈ থকা মুলষুধাৰ বৰষুণ হোৱাত সোৱণশিৰি নদীৰ ওফন্দি উঠিছে আৰু নদী জলপৃষ্ঠ বৃদ্ধি পোৱাত প্ৰকল্পটো নিৰ্মীয়মা বান্ধৰ ওপৰেৰে বাগৰিছে পানী। প্ৰকল্পটোৰ নিৰ্মীয়মা বান্ধৰ পৰা তীব্ৰ গতিত পানী বৈ আছে আৰু উক্ত পানীয়ে প্ৰকল্পটোৰ নামনি অংশৰ নৈৰ পৰীয়া ৰাইজক আতংকিত কৰি তুলিছে ৷

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাতা সংস্হা এন এইচ পি চিয়ে চৰম স্বেচ্ছাচাৰীভাৱে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে । আধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰাৰ বুলি  এনে এইচ পি চিয়ে যিমানেই দাবী নকৰক কিয়  প্ৰকৃতিৰ ৰুষ্ট বাধা দি ৰাখিব পৰা নাই  নিৰ্মাণ কাৰি সংস্হা এন এইচ পি চিয়ে। কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, অসমৰ বান্ধ বিৰোধী দল-সংগঠন আৰু এন এইচ পি চিৰ মাজত অনুষ্ঠিত বৈঠক আৰু বৈঠকৰ সিদ্ধান্ত অংগুস্থ প্ৰদৰ্শন  এন এইচ পি চিয়ে বান্ধৰ নিৰ্মাণ কাৰ্য দ্ৰুত গতিত আগুৱাই নিছে ৷ আধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰাৰ বুলি  এনে এইচ পি চিয়ে যিমানেই দাবী নকৰক কিয়  প্ৰকৃতিৰ ৰুষ্ট বাধা দি ৰাখিব পৰা নাই  নিৰ্মাণকাৰী সংন্থা  এন এইচ পি চিয়ে।

কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, অসমৰ বান্ধ বিৰোধী দল-সংগঠন আৰু এন এইচ পি চিৰ মাজত অনুষ্ঠিত ত্ৰিপাশি বৈঠক আৰু বৈঠকৰ সিদ্ধান্ত অংগুস্থ প্ৰদৰ্শন  এন এইচ পি চিয়ে বান্ধৰ নিৰ্মাণ কাৰ্য দ্ৰুত গতিত আগুৱাই নিছে ৷ বান্ধৰ পৰা হুৰা হুৰে পানী ধল ববলৈ ধৰাত এতিয়া এন এইচ পি চিৰ সকলো কাম কাজ স্তব্ধ হৈ পৰা লগতে নৈপৰীয়া জনতাৰ শংকিত হৈ পৰিছে। ইফালে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কৰ্তৃপক্ষই কয় য়ে সোৱণশিৰি নদীয়েদি আগৰ দৰে  পানী আহি আছে আৰু একেদৰে বৈ আছে। ইয়াক লৈ কোনো ভয়ৰৰ কাৰণ নাই।

You might also like