নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ অনলাইন প্ৰক্ৰিয়াৰে ৰাজ্যৰ আন স্থানৰ লগতে শিৱসাগৰতো প্ৰৱঞ্চকৰ দলে ভয়ংকৰ ৰূপত পেলাইছে প্ৰৱঞ্চনাৰ জাল৷ মাজুলি, যোৰহাট অদিকে ধৰি বিভিন্ন স্থানত ইজনৰ পিছত সিজন নিৰীহ ব্যক্তিক কৌশলেৰে নিজৰ জালত বন্দী কৰি লক্ষ্য লক্ষ্য টকা লুটি নিয়াৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তেই এইবাৰ শিৱসাগৰৰ এটা পৰিয়ালকো অনুৰূপ ধৰণে অন লাইন প্ৰক্ৰিয়াৰে নিজৰ জালত বন্দী কৰি মাত্ৰ তিনি ঘন্টাৰ ভিতৰতেই সৰকাই নিলে ৬০ হাজাৰকৈ টকা ৷ ই ৰিস্কা চলাই সযতনে সাঁচি ৰখা ৬০ হাজাৰকৈ টকা মুহূৰ্ততে হেৰুৱাই দিক বিদিক হেৰুওৱা নিতুমণি ফুকন নামৰ মহিলাগৰাকীয়ে ইতিমধ্যে জয়সাগৰ আৰক্ষী চকী আৰু শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ ওচৰত এই সন্দৰ্ভদ লিখিত অভিযোগ দাখিল কৰিছে যদিও বাতৰি লিখা পৰলৈকে কূখ্যাত চক্ৰটোৰ কোনো সন্ধান লাভ কৰা নাই ৷ প্ৰাপ্ত বাতৰি মতে জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত মেটেকা আমগুৰি গাঁৱৰ নিবাসী নিতুমণি ফুকন নামৰ মহিলাগৰাকীৰ মবাইললৈ যোৱা ১৪ আগষ্টৰ বিয়লিৰ ভাগত এটা অচিনাক্ত নম্বৰৰ পৰা ফোন আহিছিল। ৮৪০৬০০২২২১ আৰু ৯০৩৮৪০৯৫৪৭ নম্বৰৰ পৰা নিজকে এল এণ্ড টি ফাইনেঞ্চ কোম্পানীৰ গুৱাহাটীস্থিত বামুণীমৈদামৰ কাৰ্য্যালয়ৰ বুলি চিনাকী দিয়া ব্যক্তি গৰাকীয়ে নিতুমণি ফুকনৰ স্বামীক আজিৰ ভিতৰত যদিহে ফাইনেস্ন কোম্পানীটোক মুঠ ৫৯৬২৯ টকা অন লাইনযোগে পেমেন্ট কৰে তেন্তে কোম্পানীটোত আদায় দিব লগা থকা নিতুমণি ফুকনৰ স্বামীৰ ঋনৰ এক লাখ ত্ৰিশ হাজাৰ টকা সম্পুৰ্ণৰূপে ক্ষমা কৰি দিয়া হব ৷ইয়াৰোপৰি এঘন্টাৰ ভিতৰতেই আদায় দিয়া হব সম্পুৰ্ণ ঋণ পৰিশোধ কৰা আপত্তি বিহীন প্ৰমাণ পত্ৰ ৷স্মৰ্তব্য যে, বিগত বহু বছৰ ধৰি নিতুমণি ফুকনৰ পৰিয়ালটোৱে এল এণ্ড টি ফাইনেস্নৰ সৈতে ঋণৰ আদাণ প্ৰদাণ কৰি থকাৰ লগতে কিছু দিনৰ পুৰ্বে প্ৰতিস্থানটোৰ পৰা মুঠ এক লাখ ত্ৰিশ হাজাৰ টকাৰ ঋণো লৈছিল ৷যাৰ বাবে নিতুমণি ফুকনে লগে লগেই স্থানীয় শাখাৰ কৰ্মচাৰীৰ সৈতে এই সন্দৰ্ভদ যোগাযোগ কৰি গুৱাহাটী কাৰ্য্যালয়ৰ পৰা ফোন যোগে বৰ্ণনা কৰা সমস্ত তথ্য বিৱৰি কোৱাৰ লগতে দুয়োটা নম্বৰ পৰীক্ষা কৰিবলৈ দিয়ে ৷শাখাটোৰ স্থানীয় এজেন্ট গৰাকীয়েও সকলো দিশ পৰীক্ষা কৰি এইয়া এল এণ্ড টি ফাইনেস্ন কোম্পানীৰ মানুহ বুলিয়েই ব্যক্ত কৰে ৷আন নালাগে ভূৱা চক্ৰটোৱে নিজকে সত্যতা প্ৰতিপন্ন কৰিবৰ বাবে নিতুমনি ফুকনলৈ পুৰ্বতে ঋন আৱেদনৰ সময়ত এল এণ্ড টিৰ শিৱসাগৰ শাখাত জমা দিয়া নথিৰ লগতে কিস্তি পৰিশোধ কৰাও নথি সমুহও ৱাটৰ্চ এপ যোগে প্ৰেৰণ কৰে ৷ যাৰ পৰিপ্ৰেক্ষিত্বত ঋণ মাফ আৰু লগে লগেই এন অ চি প্ৰমাণ পত্ৰ লাভৰ আশাত নিতুমনিৰ পৰিয়ালে দুষ্ট চক্ৰটোৱে প্ৰেৰণ কৰা ৫০১০০৬৩৪০১৭৯৩৬ নম্বৰৰ একাউন্টত গুগল পেযোগে মুঠ ৫৯৬২৯ টকা জমা দিয়ে৷ স্বাধীনতা দিৱসত কোম্পানীৰ বিশেষ অফাৰ বুলি উক্ত একাউন্ট নম্বৰত ধন জমা দিয়াৰ পিছতেই পৰিয়ালটোৱে পুৰ্বতে যোগাযোগ কৰা নম্বৰৰ সৈতে যোগা যোগৰ চেষ্টা চলাই এন অ চি বিচৰাত চাৰ্ভাৰ ডাউন, কাৰ্য্যালয় বন্ধ ইত্যাদি বিভিন্ন অজুহাত দেখুৱাই পৰৱৰ্তী সময়ত ফোন ৰিচিভ কৰাৰ পৰা বিৰত থাকে ৷লগে লগেই এইয়া প্ৰৱঞ্চকৰ জাল বুলি গম পাই স্থানীয় জয়সাগৰ আৰক্ষী চকী আৰু জিলা আৰক্ষী অধীক্ষকক সমস্ত তথ্য সহ অভিযোগ লিখিত আকাৰে দাখিল ৷আনহাতে দুৰ্ভগীয়া পৰিয়ালটোৱে বিভিন্ন প্ৰক্ৰিয়াৰে চলোৱা অনুসন্ধান কালত ধন জমা দিয়া উল্লেখিত একাউন্ট নম্বৰৰ গৰাকীৰ নাম ৰিপন নাথ বুলি জানিব পৰাৰ লগতে ফোন নম্বৰৰ গৰাকীৰ নাম ঋষিকেশ দাস বুলি জানিব পাৰে ৷ইফালে শিৱসাগৰস্থিত প্ৰকৃত এল এণ্ড টি ফাইনেস্ন কোম্পানীক ঋণ আৱেদনৰ সময়ত দাখিল কৰা গোপনীয় নথিৰ হুবহু ভূৱা চক্ৰটোৱে যোগাযোগৰ সময়ত ৱাটৰ্চ এপ যোগে নিতুমণি ফুকনৰ পৰিয়াললৈ প্ৰেৰণ কৰাৰ ঘটনাই নতুন ৰহস্যৰ সৃষ্টি কৰিছে ৷যাৰ বাবে এই দুষ্ট প্ৰৱঞ্চক চক্ৰটোৰ সৈতে প্ৰকৃত এল এণ্ড টি কোম্পানীৰ কোনো বিষয়া- কৰ্মচাৰী জড়িত থকাতো স্পষ্ট হৈ পৰিছে ৷সচেতন মহলে এই ক্ষেত্ৰত শিৱসাগৰ আৰক্ষীৰ চাইবাৰ শাখাক নিখুঁত অনুসন্ধানেৰে প্ৰৱঞ্চক চক্ৰটোক পুলিয়ে পোঁখাই উৎখাত কৰিবলৈ দাবী জনাইছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান