🔹 ৩০ মার্চত আনুষ্ঠানিকভাৱে প্রদান কৰিব ৰাজ্যপালে
🔹‘অসম বৈভৱ’-‘অসম সৌৰভ’-‘অসম গৌৰৱ’ বঁটাপ্রাপকৰ নাম ঘোষণা মুখ্যমন্ত্ৰীৰ
বিশেষ বাৰ্তা, ১০ মার্চ : ৰাজ্য চৰকাৰৰ অসামৰিক সন্মান ‘অসম বৈভৱ’–‘অসম সৌৰভ’–‘অসম গৌৰৱ’ বঁটা–২০২৪ প্রাপকসকলৰ নামৰ তালিকাত অনুমোদন জনাইছে কেবিনেটে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কেবিনেট বৈঠকৰ অন্তত এখন সংবাদ মেলযোগে এই বিষয়ে সদৰী কৰে৷ তেওঁ প্রকাশ কৰা মতে, প্রতিৰক্ষা শিতানত সর্বোচ্চ অসামৰিক সন্মান আগবঢ়োৱা হৈছে লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্রাপ্ত) ৰাণা প্রতাপ কলিতালৈ৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কেবিনেটে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱপ্রাপকসকলৰ নাম চূড়ান্ত কৰে৷ অহা ৩০ মার্চত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই বঁটাপ্রাপকসকলক আনুষ্ঠানিকভাৱে এই স্বীকৃতি প্রদান কৰিব৷ ২০২৪ বর্ষৰ বাবে অসম বৈভৱ বঁটা লাভ কৰিছে লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্রাপ্ত) ৰাণা প্রতাপ কলিতাই৷ সেইদৰে অসম সৌৰভ বঁটাৰ বাবে টাটা কনচালটেঞ্চী ছার্ভিচৰ প্রাক্তন অধ্যক্ষ ড০ সুব্রমণিয়ন ৰামাডোৰাই, ভাটনগৰ বঁটাপ্রাপক ড০ বাপ্পী পাল, ড০ পূৰবী শইকীয়া, বিশিষ্ট কণ্ঠশিল্পী দ্বীপেন বৰুৱা, ভ্রাম্যমাণ থিয়েটাৰৰ পৰিচিত বিশিষ্ট নাট্যকাৰ–পৰিচালক হেমন্ত দত্ত আৰু ভাৰতীয় মহিলা ক্রিকেট দলত স্থান লাভ কৰা উমা ছেত্রীয়ে৷ মুখ্যমন্ত্রী ড০ শর্মাই অসম গৌৰৱ বঁটাপ্রাপকসকলৰ নামো ঘোষণা কৰে৷ সেই অনুসৰি ২০২৪ বর্ষৰ বাবে অসম গৌৰৱ বঁটাৰ বাবে মনোনীত হৈছে শগুন সংৰক্ষণৰ ক্ষেত্রত অনবদ্য অৰিহণা আগবঢ়োৱা লখিমপুৰৰ ফুলেশ্বৰী দত্ত, বিশ্বৰ ৬৪খন ৰাষ্ট্র বাইকেৰে ভ্রমণ কৰা মীনাক্ষি দাস, আইএছএলত স্থান লাভ কৰা পার্থিৱ সুন্দৰ গগৈ, ধুবুৰীৰ টেৰাকোটা শিল্পৰ পৰিচিত শিল্পী ধীৰেন্দ্র নাথ পাল, সর্থেবাৰীৰ কাঁহশিল্পৰ শিল্পী হৰিদাস দাস, কার্বি আংলঙৰ মাঞ্জাত কেন্দ্রীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীর্ণ হোৱা ছাত্র–ছাত্রীক বিনামূলীয়াকৈ অধ্যয়নৰ সুবিধা দিয়া বিনং টেৰণ, মৎস্য পালনেৰে নতুন প্রজন্মক উৎসাহিত কৰা শ্রীভূমি জিলাৰ নজৰুল হক, কৃষি আৰু সংলগ্ণ ক্ষেত্রত সফলতা অর্জন কৰা যোৰহাটৰ বিশ্বজিৎ কলিতা, বড়ো জনগোষ্ঠীয় কলা–সংস্কৃতিৰ পৰিচিত নাম কোকৰাঝাৰৰ বৰলাংফা নার্জাৰী, চাহ জনগোষ্ঠীৰ লোক–সংস্কৃতিৰ শিল্পী ডিব্রুগড়ৰ ৰাম চাচনি, ষ্টার্টআপেৰে উদ্ভাসিত হৈ পৰা শিৱসাগৰৰ উপমন্যু বৰকটকী আৰু ডেভিদ প্রতিম গগৈ৷ তদুপৰি প্রথমবাৰলৈ ৰাজ্য চৰকাৰে তিনিটা অনুষ্ঠানলৈও অসম গৌৰৱ বঁটা আগবঢ়োৱা বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্রী ড০ শর্মাই৷ এই অনুষ্ঠানকেইটা হৈছে– ইক’ টুৰিজম খণ্ডৰ কলিয়াবৰৰ ‘ছোৰান এহেম’, হলৌ বান্দৰ সংৰক্ষণৰ হকে কাম কৰি থকা তিনিচুকীয়াৰ বাৰেকুৰি গাঁৱৰ ইক’ ডেভেলপমেণ্ট ছ’চাইটী আৰু নগাঁৱত হস্তী–মানৱৰ সংঘাত নিৰাময়ৰ হকে নেপিয়াৰ গছ ৰোপণেৰে অনবদ্য অৰিহণা আগবঢ়োৱা বেচৰকাৰী সংস্থা হাতীবন্ধু৷ উল্লেখ্য যে অসম বৈভৱ বঁটাত নগদ ৫ লাখ টকাৰ লগতে বঁটাপ্রাপকসকলৰ চিকিৎসাৰ সমস্ত দায়িত্ব ৰাজ্য চৰকাৰে বহন কৰে৷ সেইদৰে অসম সৌৰভ বঁটা আৰু অসম গৌৰৱ বঁটাত থাকে ক্রমে নগদ ৪ লাখ আৰু ৩ লাখ টকা৷