জীয়াই থকালৈকে জাতীয়তাবাদী আদৰ্শৰে ৰাজনীতি কৰি যামঃ লুৰিণজ্যোতি গগৈ
নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰঃ “মই জীয়াই থকালৈকে জাতীয়তাবাদী আদৰ্শৰে ৰাজনীতি কৰি যাম৷ জাতীয়তাবাদী আদৰ্শক বাদ দি কেতিয়াও বিজেপি, কংগ্ৰেছ, অগপ, আপ ক’লৈকো নাযাও। সময়ে সময়ে বিভিন্ন দলত যোগদান কৰিম বুলি কৰা প্ৰচাৰসমূহ কেৱল উদ্দেশ্যপ্ৰণোদিতহে। ৰাইজ আপোনালোক বিভ্ৰান্ত নহ’ব, মই স্পষ্ট ভাষাৰে কৈছোঁ সদায় জাতীয়তাবাদী চিন্তাধাৰাৰে আগবাঢ়ি ৰাজনীতি কৰি যাম৷” এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ৷
আজি বজালী জিলাৰ ভৱানীপুৰত এক অনুষ্ঠানত উপস্থিত হৈ সময়ে সময়ে নেতা গৰাকীয়ে অন্য দলত যোগদান কৰিব ওলাই থকা খবৰ সম্পৰ্কত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি স্পষ্ট কৰি গগৈয়ে কয় যে অসমৰ মানুহৰ বাবে জাতীয়তাবাদী চিন্তাৰে সদায় কাম কৰি যাম, সদায় মাত মাতি যাম৷ ৰাজনীতি কৰিছোঁ জনতাৰ কাৰণে সৰ্বসাধাৰণ জনগনৰ কাৰণে নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে ৰাজনীতি কৰা নাই বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে দেশৰ বাবে,দহৰ বাবে, নিজৰ জাতিৰ বাবে ৰাজনীতি কৰিব আহিছোঁ৷ এই ৰাজনীতি জনতাৰ বাবে, সমাজৰ বাবে, অসমৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে, অসমীয়া মানুহক এটি ভাল বাটৰ সন্ধান দিবৰ বাবে ৰাজনীতি কৰিছোঁ বুলি নিজৰ মত ব্যক্ত কৰে৷
আনহাতে আছু সম্পৰ্কত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত জাতীয়তাবাদী নেতাগৰাকীয়ে কয় যে আছুত নৱ প্ৰজন্মই সুবিধা পাব লাগে৷ কাৰো নাম উল্লেখ নকৰাকৈ গগৈয়ে কয় যে আছু কৰাৰ সাংবিধানিক বয়সৰ সীমা হৈছে ৪০ বছৰ বয়স৷ আছুৰ সাংবিধানিক বয়স মই ৩৫ বছৰ বিচাৰিছিলো কিন্তু সৰ্ব সন্মত সিদ্ধান্ত মৰ্মে ৪০ বছৰ বয়স নিৰূপন কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ আৰু কয় আছু মোৰ মাতৃ সংগঠন৷ এই সংগঠনটোৰ বিৰুদ্ধে কোনো নীতিবাচক কথা ক’ব নিবিচাৰোঁ বা এই মূহুৰ্তত নীতিবাচক কথা কবলৈ মই প্ৰস্তুত নহয়। সকলোৰে এটা নিৰ্দিষ্ট সময় থাকে নিৰ্দিষ্ট বয়স থাকে, ছাত্ৰৰ এটা নিৰ্দিষ্ট সময় থাকে, শিশু এটাৰো নিৰ্দিষ্ট সময় থাকে৷ মানুহৰ কিমান বয়সলৈ শৈশৱ থাকিব, মানুহৰ কিমান বয়সলৈ যৌবন থাকিব সকলোবোৰ এটা নিৰ্দিষ্ট সময়লৈকে নিৰূপন হৈ থাকে৷ একেদৰে আছু কৰাৰো এটা নিৰ্দিষ্ট বয়স আছে, আছু এটা ছাত্ৰৰ অনুষ্ঠান৷ গতিকে নিৰ্দিষ্ট সময়ত ওলাই আহিম বুলি কৈ মই ওলাই আহিছিলো বুলি মন্তব্য কৰি গগৈয়ে আৰু কয় আছুৰ মঞ্চখন সদায় ভাল নেতা সৃষ্টি কৰা এখন উৰ্বৰা ভুমি হৈ থকাটো বিচাৰোঁ। নতুন প্ৰজন্মৰ যিসকল উপযুক্ত ছাত্ৰ-ছাত্ৰী তেওঁলোকক দায়িত্ব দিব লাগে। কিয়নো আছুৰ ক্ষেত্ৰখন উঠি অহা প্ৰজন্মৰ ভাল নেতা হোৱাৰ থলী৷ কেবল মাথোঁ ৰাজনৈতিক নেতা নহয়, সাংস্কৃতিক, সামাজিক, সাহিত্য, অৰ্থনৈতিক দিশত শক্তিশালী নেতা হোৱাৰ দিশত এখন উৰ্বৰা ভুমি বা প্লেটফৰ্ম হৈ থাকিব লাগে৷ নতুন প্ৰজন্মৰ প্ৰতিজনে সুযোগ পাব লাগে বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় লুৰিণজ্যোতি গগৈয়ে।
উল্লেখ্য যে বিভিন্ন সময়ত আছুৰ একাংশ নেতাই নিজৰ পদবী খামুচি ধৰি ৰখা বুলি অভিযোগ উত্থাপিত হৈ অহাৰ সময়তেই প্ৰাক্তন আছু নেতাজনে কৰা এই মন্তব্যই অনাগত দিনত যথেষ্ট তাৎপৰ্য বহন কৰিব।