নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দলীয় নেতৃত্বৰ বিপৰীতে আছু সদস্যক লৈহে ব্যস্ত লুৰিণ

🔹 অজাপৰ সভাপতিৰ বিৰুদ্ধে পুনৰ বিস্ফোৰণ দুলু আহমেদৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ নৱেম্বৰ : বিৰোধী ঐক্যমঞ্চৰ অন্যতম অংশীদাৰ দল অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে উত্থাপন হৈছে একনায়কত্ববাদৰ গুৰুতৰ অভিযোগ৷ এই অভিযোগ উত্থাপন কৰিছে অজাপৰে উপ–সভাপতি দুলু আহমেদে৷ সভাপতি গগৈৰ কাম–কাজত ক্ষুণ্ণ হৈ ইতিমধ্যে আহমেদে উপ–সভাপতি পদ ত্যাগ কৰাৰ লগতে ধুবুৰী জিলাৰ তত্ত্বাৱধায়কৰ দায়িত্বকে ধৰি সকলো বিষয়বাব ত্যাগ কৰি সম্প্রতি কেৱল দলটোৰ সাধাৰণ সদস্যহে হৈ আছে৷ এই সন্দর্ভত আহমেদে সংবাদ মাধ্যমৰ আগত বিস্ফোৰণ ঘটাই কয় যে দলৰ সভাপতিকে ধৰি কোনো নেতা জিলা বা সমষ্টিলৈ গ’লে সংশ্লিষ্ট জিলা সমিতি, সমষ্টি সমিতি, জিলাৰ সভাপতি, মহিলা, যুৱককে ধৰি দলটোৰ ভগ্নী সংগঠনক অৱগত কৰিব লাগে ৷ কিন্তু সভাপতি লুৰিণজ্যোতি গগৈয়ে ৰঙিয়াত দলীয় কর্মীৰ পৰিয়ালৰ বিবাহ অনুষ্ঠানলৈ আহোঁতে দলৰ কাকোৱেই অৱগত নকৰিলে ৷ লুৰিণজ্যোতি গগৈয়ে কেৱল আছুৰ সদস্য এজনকহে খবৰ দিলে ৷ সেই আছুৰ সদস্যজনেহে বিভিন্নজনক লুৰিণজ্যোতি গগৈৰ আগমনৰ খবৰ বিলালে ৷ অথচ সেই আছুৰ সদস্যজন অজাপৰ সদস্যও নহয় ৷ সভাপতিৰ এনে কার্যৰ বাবে দলৰ তৃণমূল কর্মীৰ ওচৰত তেওঁ জবাবদিহি হ’বলগীয়া হৈছে ৷ জিলা কমিটীৰ পৰা আৰম্ভ কৰি তৃণমূল কর্মীয়ে তাকে লৈ তেওঁক নানান প্রশ্ণ কৰিছে ৷ দুল আহমেদে আৰু কয় যে যদি লুৰিণজ্যোতি গগৈয়ে আছুৰ দ্বাৰাই দলৰ কাম চলাব বিচাৰিছে, চলাওক৷ এই প্রসংগতে তেওঁ আৰু কয় যে সমষ্টি পুনৰ নির্ধাৰণৰ পিছত পূর্বৰ হাজো বিধানসভা সমষ্টিৰ ৭০ হাজাৰ ভোট নতুন ৰঙিয়া সমষ্টিত অন্তর্ভুক্ত হৈছে৷ ইয়াৰ বাবে তেওঁ এতিয়া ৰঙিয়া সমষ্টিত তৎপৰ হৈ আছে৷ পৰিস্থিতি যিয়েই নহওক কিয়, আসন্ন বিধানসভা নির্বাচনত তেওঁ ৰঙিয়া সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা আগবঢ়াবই বুলি মন্তব্য কৰে৷ আনহাতে, দুলু আহমেদে অসমৰ ইণ্ডিয়া জোঁটত বিজেপিৰ এজেণ্ট থকা বুলিও গুৰুতৰ অভিযোগ কৰি কয় যে নগাঁও জিলাৰ পৰাই এজন এজেণ্ট সোমাই আছে৷ ইপিনে, অজাপৰ সভাপতি–উপ সভাপতিৰ মাজত হোৱা সংঘাত তথা মতবিৰোধত প্রতিক্রিয়া ব্যক্ত কৰি জ্যেষ্ঠ বিজেপি বিধায়ক প্রশান্ত ফুকনে কয় যে অজাপৰ আয়ুস আৰু তিনি মাহৰ পৰা চাৰে তিনি মাহ আছে৷ তাৰ পিছত দলটো মৰি হাড়ত বন গজিব৷ এই ঘটনা বিৰোধী ঐক্যমঞ্চৰ ভাঙোনৰ আৰম্ভণি বুলিও তেওঁ ব্যক্ত কৰে৷

You might also like