নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লুৰিণ-অখিল সংঘাত! দৃশ্যপট সলনি হ’ব পাৰে বিজেপিবিৰোধী মিত্ৰজোঁটৰ

নিয়মীয়া বাৰ্তা, ৩ মাৰ্চঃ বিধানসভা নিৰ্বাচনৰ তাৰিখ চূড়ান্ত হোৱাৰ পিছত নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ মাজত। কিন্তু এনে সময়তে বিজেপিবিৰোধী দলৰ মিত্ৰজোঁট বিশেষকৈ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মাজত মিলি অহা নাই সামঞ্জস্য।

কালি অখিল গগৈয়ে কাৰাগাৰৰ পৰা লিখা চিঠিয়ে আৰু তাৰ পিছত ক্ৰমান্বয়ে হোৱা পৰিস্থিতিয়ে তাকেই প্ৰমাণ কৰিছে। কালি অখিল গগৈয়ে বিজেপিৰ বিৰুদ্ধে উমৈহতীয়া প্ৰাৰ্থী থিয় কৰোৱাবৰ বাবে ৰাজনৈতিক দলসমূহলৈ আহ্বান জনোৱাৰ লগতে এআইইউডিএফক সাম্প্ৰদায়িক দল বুলি উল্লেখ কৰিছিল।

অখিল গগৈৰ উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ বিষয়ত কংগ্ৰেছ দলেও সমৰ্থন কৰে। দেৱব্ৰত শইকীয়াই আজি সাংবাদিকৰ আগত এই সমৰ্থনৰ কথা উল্লেখ কৰে। কিন্তু লুৰিণজ্যোতি গগৈয়ে জাতীয়তাবাদী দলে কেতিয়াও ৰাষ্ট্ৰীয় দলৰ সৈতে একলগ নহয় বুলি নিজৰ স্থিতি প্ৰকাশ কৰে।

এনে ঘটনাপ্ৰৱাহৰ মাজতে আজি ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা ড০ হীৰেন গোহাঁয়ে অব্যাহতি লয়। এই ঘটনাক্ৰমৰ পৰা এটা কথা স্পষ্ট হৈছে যে বিজেপিবিৰোধী মিত্ৰজোঁটৰ মাজত এতিয়াও মিত্ৰতা প্ৰসংগত স্থিতি সবল নহয়।

কিয়নো দেৱব্ৰত শইকীয়াই অখিল গগৈৰ উমৈহতীয়া প্ৰাৰ্থীৰ প্ৰস্তাৱক সন্মতি জনালেও তেওঁৰ হাতত এআইইউডিএফৰ প্ৰতি অখিল গগৈৰ মনোভাবৰ কোনো উত্তৰ নাই। আনহাতে, লুৰিণজ্যোতি গগৈৰ স্থিতিয়ে স্পষ্ট কৰিছে অখিল গগৈৰ উমৈহতীয়া প্ৰাৰ্থীৰ প্ৰস্তাৱত সন্মতি দিবলৈ গৈ ৰাষ্ট্ৰীয়তাবাদী দলৰে চামিল হোৱাটো জাতীয়তাবাদী শিবিৰৰ বাবে অসম্ভৱ।

এনে অৱস্থাত বিৰোধী মিত্ৰজোঁটৰ এই দ্বন্দ্বই কি ৰূপ লয় তাক আজিয়েই ক’ব পৰা নাযায় যদিও বিজেপি বিৰোধী মিত্ৰজোঁটৰ সাম্প্ৰতিক ছবিখন সলনি কৰি পেলোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

You might also like