মানকাচৰত অনুপ্রৱেশকাৰী বাংলাদেশী নাগৰিকক গ্রেপ্তাৰ আৰক্ষীৰ
নিয়মীয়া বাৰ্তা ১৬ জানুৱাৰীঃ দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তর্গত সোণাপুৰ গাঁৱত যোৱানিশা আৰক্ষীয়ে অভিযান চলাই এজন বাংলাদেশী নাগৰিকক গ্রেপ্তাৰ কৰে৷ মানকাচৰ আৰক্ষীয়ে নিশা প্রায় ৯ বজাত সোণাপুৰ গাঁৱত অভিযান চলায়৷ বাংলাদেশী নাগৰিকজনে আৰক্ষীৰ বাহন দেখি দৌৰি পলায়নৰ চেষ্টা কৰে৷ আৰক্ষীয়ে আটক কৰি সোধা–পোছা কৰাত বাংলাদেশী নাগৰিক বুলি স্বীকাৰ কৰে৷ বাংলাদেশ নাগৰিকজন হ’ল কুৰিগ্রাম জিলাৰ ৰৌমাৰী থানাৰ হৰিনধৰা গাঁৱৰ বাসিন্দা প্রয়াত আলিম উদ্দিনৰ পুত্র আব্দুল খালেক (৫৫)৷ লক্ষণীয় যে ধৃতবাংলাদেশী নাগৰিকজন প্রায় তিনি বছৰ ধৰি ভাৰতত অবৈধভাৱে প্রৱেশ কৰি বাংলাদেশলৈ গৰু সৰবৰাহ কৰা কামত জডিত হৈ আছিল৷ এসপ্তাহ পূর্বে তেওঁ ভাৰত–বাংলাদেশ সীমান্তত থকা কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি বাংলাদেশৰ পৰা ভাৰতত প্রৱেশ কৰি গৰু নিয়াৰ যো–জা চলাই আছিল৷ আজি দুপৰীয়া ধৃত বাংলাদেশীজনক হাটশিঙিমাৰী ন্যায়িক আদালতত হাজিৰ কৰোৱা হয়৷ আদালতে তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে৷