নিয়মীয়া বাৰ্তা, ৬ জুনঃ সফলতা লাভত দৰিদ্ৰতা কেতিয়াও হেঙাৰ নহয় ৷ আৰ্থিক দীনতাকো নেওচি কেৱল শিক্ষাকে জীৱনৰ ব্ৰত হিচাপে লৈ সুখ্যাতি অৰ্জন কৰি তাকেই প্ৰমাণ কৰি দেখুৱালে মাজুলীৰ মাধৱী শইকীয়াই ৷ আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত মাজুলী জিলাৰ কুঁহিয়াৰবাৰী গাঁৱৰ নিবাসী নগেন শইকীয়া আৰু বুলু শইকীয়াৰ জীয়ৰী মাধৱী শইকীয়াই ষ্টাৰ নম্বৰসহ ৮৪ শতাংশৰে প্ৰথম স্থান অধিকাৰ কৰাত গাওঁখনত সৃষ্টি হৈছে এক উছৱমুখৰ পৰিৱেশ ৷ মাজুলীৰ অগ্ৰণী শিক্ষানুষ্ঠান জোনাকী ছমহীয়া আটী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ছাত্ৰীগৰাকী অৱতীৰ্ণ হৈ ইংৰাজীত ৬৬, অসমীয়াত ৯০, সমাজ শাস্ত্ৰত ৮৪, হেল্থ কেয়াৰত ৯১ আৰু ৰাজনীতি বিজ্ঞানত ৮৯ নম্বৰসহ প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে ৷ ছাত্ৰীগৰাকীৰ সুখ্যাতিত অঞ্চলটোৰ লগতে পিতৃ-মাতৃৰ মুখত হাঁহি বিৰিঙাৰ উপৰি মাধৱীয়ে অধ্যয়ন কৰা বিদ্যালয়খনতো এক উছৱমুখৰ পৰিবেশে বিৰাজ কৰিছে ৷ মাধৱীৰ এই সফলতাত এতিয়া পিতৃ-মাতৃৰ লগতে সকলো উৎফুলিত যদিও আৰ্থিক অনাটনৰ বাবে ছাত্ৰীগৰাকীক উচ্চ শিক্ষাৰে শিক্ষিত কৰি তোলাত পিতৃ-মাতৃ সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে ৷ সাধাৰণ কাঠ মিস্ত্ৰীৰ কাম কৰা নগেন শইকীয়াৰ জীয়ৰী মাধৱীয়ে আৰ্থিক দীনতাকো নেওচি কেৱল শিক্ষাকে জীৱনৰ ব্ৰত হিচাপে লৈ সুখ্যাতি অৰ্জন কৰি প্ৰমাণ কৰি দেখুৱালে যে দৰিদ্ৰতা কেতিয়াও সফলতাত হেঙাৰ হ’ব নোৱাৰে৷
প্ৰেৰক ৰূপজ্যোতি বৰা