নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ ধর্মীয় শিক্ষা দিয়া মাদ্রাছাসমূহ বন্ধ কৰাৰ বাবে ইতিপূর্বে কৰা ঘোষণা অনুসৰি অহা নৱেম্বৰ মাহত আনুষ্ঠানিক নির্দেশনা জাৰি কৰিবলৈ সাজু হৈছে শিক্ষা বিভাগ৷ বৃহস্পতিবাৰে শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা স্পষ্ট কৰি কয় যে ধর্মীয় শিক্ষা চৰকাৰী খৰচত হ’ব নোৱাৰে৷ নৱেম্বৰত ৰাজ্য চৰকাৰে এইক্ষেত্রত সিদ্ধান্ত ল’ব৷ উল্লেখ্য যে অসম বিধানসভাত শিক্ষা বিভাগৰ হৈ মন্ত্রী ড০ শর্মাই মাদ্রাছা আৰু সংস্কৃত টোল বন্ধ কৰাৰ এক বক্তব্য দাঙি ধৰিছিল৷ ইয়াৰ পাছতে এ আই ইউ ডি এফে মাদ্রাছা বন্ধ নকৰিবলৈ শিক্ষামন্ত্রীক এখন স্মাৰক–পত্র প্রদান কৰিছিল৷ বৃহস্পতিবাৰে এ আই ইউ ডি এফৰ উক্ত দাবী নস্যাৎ কৰি শিক্ষামন্ত্রীগৰাকীয়ে কয়– এ আই ইউ ডি এফে ইয়াৰ দাবীত স্মাৰক–পত্র দিলেও চৰকাৰে মাদ্রাছা বন্ধ কৰাৰ বাবে সিদ্ধান্ত ল’ব৷ মাদ্রাছাৰ জৰিয়তে যে ধর্মীয় শিক্ষা দিয়া নহ’ব, সেই সম্পর্কে বিধানসভাত আমি যি স্থিতি দাঙি ধৰিছিলোঁ, সেই ধৰণেই আগবাঢ়িম৷ চৰকাৰী খৰচত অসমত ধর্মীয় শিক্ষা ল’ব নোৱাৰিব৷ কোনোবাই যদি ব্যক্তিগত অথবা বেচৰকাৰীভাৱে ধর্মীয় শিক্ষানুষ্ঠান চলায়, তাত কোনো বাধা নাই৷ কিন্তু চৰকাৰী খৰচত যে কোনো ধর্মীয় শিক্ষা নহয়, সেয়া স্পষ্ট৷ ধর্মীয় শিক্ষা আমিও নিশিকাওঁ, তেওঁলোকেও শিকাব নালাগে৷ দুয়োটাৰ পাৰস্পৰিক বুজাবুজিৰে এই বিষয়ৰ পৰা আমি আঁতৰিব লাগে৷ নৱেম্বৰ মাহত আমি সিদ্ধান্ত ল’ম, ইয়াৰ বাবে কাম–কাজ চলি আছে৷ ইফালে সংস্কৃত টোলৰ প্রসংগত তেওঁ কয়– সংস্কৃত টোলৰ কাম–কাজ স্বচ্ছ নহয়৷ গতিকে টোলসমূহৰ ক্ষেত্রতো ব্যৱস্থা গ্রহণ কৰা হ’ব৷ কিন্তু টোল আৰু মাদ্রাছা একে নহয়৷ দুয়োটা পৃথক পৃথক বিষয়৷ সেয়েহে সুকীয়া সুকীয়া চৰকাৰী নির্দেশনা প্রদান কৰা হ’ব৷
Prev Post
You might also like