নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নবেম্বৰৰ পৰা সাধাৰণ স্কুল হ’ব মাদ্ৰাছাসমূহ’

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰঃ নবেম্বৰ মাহত সাধাৰণ স্কুললৈ পৰিবৰ্তন হ’ব মাদ্ৰাছাসমূহ। যিবোৰ মাদ্ৰাছাত ধৰ্মীয় শিক্ষা দিয়া হয় সেইবোৰ মাদ্ৰাছা বন্ধ কৰা হ’ব। এই সন্দৰ্ভত নবেম্বৰ মাহত ৰাজ্য চৰকাৰে নিৰ্দেশনা জাৰি কৰিব।

আনহাতে সংস্কৃতি টোলসমূহো ভাস্কৰ বাৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ অধীনলৈ যাব। বহু সংখ্যক মাদ্ৰাছাত পঢ়া ছাত্ৰ-ছাত্ৰীয়ে নাজানে তেওঁলোকে পঢ়ি আছে কি? অভিভাৱকসকলেও নাজানে। যিসকল শিক্ষাৰ্থী বৰ্তমান মাদ্ৰাছাত পঢ়ি আছে তেওঁলোকে পাছ কৰালৈ পঢ়িব আৰু নতুনকৈ নামভৰ্তি কৰিব লগীয়া শিক্ষাৰ্থীয়ে হাইস্কুল হিচাপেহে নামভৰ্তি কৰিব লাগিব।

You might also like