🔹 চৰকাৰী আঁচনিৰ পৰা বঞ্চিত গাওঁবাসী
নিয়মীয়া বাৰ্তা, ২৮ আগষ্ট : নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত মাদুৰি নপাম আলিটো শোচনীয় হৈ পৰাত ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰায় ৩০টা পৰিয়ালৰ যাতায়াতত সমস্যা হৈছে ৷ স্বাধীনতাৰ ৭৭ বছৰৰ পাছতো মাত্ৰ ১০০ মিটাৰ পথত ব্লক ইটা দিয়াৰ বাহিৰে গাঁওবাসীয়ে একো চৰকাৰী আঁচনি পাবলৈ সক্ষম হোৱা নাই ৷ আনকি জল জীৱন আঁচনিও এই চুবুৰিটোত কাৰ্যকৰী কৰা নাই এইপৰ্যন্ত ৷ স্থানীয় ৰাইজে মহকুমাধিপতিৰ যোগেদি জনস্বাস্থ্য কাৰিকৰী বিভাগক আবেদন দিয়াৰ পাছতো আজিলৈকে জল জীৱন আঁচনিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ অঞ্চলটোৰ মূল পথছোৱাৰ মাত্ৰ এশ মিটাৰ পথ ব্লক দিয়াৰ পাছত আৰু বৃদ্ধি নকৰাৰ ফলত ৰাইজে দিনকদিনে সমস্যাত পৰিবলগীয়া হৈছে ৷ মন্ত্ৰী, বিধায়ক, সাংসদক ৰাইজৰ সমস্যাৰ কথা কৈ কৈ ভাগৰি পৰি গাঁঠিৰ ধন ভাঙি আজি ৰাইজে শ্ৰমদান কৰি পথ মেৰামতি কৰে ৷
প্ৰেৰক নেকিব আহমেদ