মেজিক নম্বৰ ৬৪: একক সংখ্যাগৰিষ্ঠতাৰ পথত বিজেপি
নিয়মীয়া বার্তা, ৭ নৱেম্বৰ: দেশত ২০১৪ চনত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা অসমতো দলটোৰ সাংগঠনিক ভেটি ক্রমশঃ শক্তিশালী ৰূপত উত্থান ঘটিছে৷ তেতিয়াৰে পৰা ৰাজ্যখনত অনুষ্ঠিত লোকসভা, বিধানসভা, পৰিষদীয়, পঞ্চায়ত আদি প্রতিটো নির্বাচনতে বিজেপিয়ে সফলতা প্রদর্শন কৰি আহিছে৷ ২০১৬ চনত প্রথমবাৰৰ বাবে ৰাজ্যত বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰ গঠন হয়৷ ২০২১ চনৰ বিধানসভা নির্বাচনতো বিজেপি মিত্রজোঁটে পুনৰ ৰাজ্যৰ শাসনভাৰ দখল কৰিবলৈ সক্ষম হৈছে৷
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত ৰাজ্যত বিজেপি মিত্রজোঁটৰ চৰকাৰ গঠনৰ পাছতেই দুর্নীতি–দালালি–সমা শক্তিৰ বিৰুদ্ধে গ্রহণ কৰা কঠোৰ পদক্ষেপ, উন্নয়নৰ অবিৰত যাত্রা আৰু কৌশলী ৰাজনীতিত বিৰোধী থানবান হৈ পৰে৷ সর্বসাধাৰণ ৰাইজৰ লগতে বিৰোধী শিবিৰৰ মাজতো গেৰুৱা দলটোৰ জনপ্রিয়তা আৰু গ্রহণযোগ্যতা ইমানেই বৃদ্ধি পায় যে কংগ্রেছ আৰু এ আই ইউ ডি এফৰ বিধায়ক, নেতাৰ বিজেপি গমন আৰম্ভ হয়৷
মুখ্যমন্ত্রী ড০ শর্মাৰ কাম–কাজত আকৃষ্ট হৈ তথা ৰাজ্যখনৰ সর্বাংগীণ উন্নয়ন, বিকাশৰ স্বার্থত ইতিমধ্যে কংগ্রেছৰ দুজন বিধায়ক আৰু এ আই ইউ ডি এফৰ এজন বিধায়কে দলত্যাগ কৰি বিজেপিত যোগদান কৰাই নহয়, সদ্যসমাপ্ত উপ–নির্বাচনৰ জৰিয়তে তেওঁলোক বিজেপিৰ বিধায়ক হিচাপে নির্বাচিত হয়৷ আনকি যোৱা ৩০ অক্টোবৰত ৰাজ্যৰ ৫ বিধানসভা সমষ্টিত অনুষ্ঠিত উপ–নির্বাচনত বিজেপি আৰু মিত্রদল ইউ পি পি এলৰ প্রার্থীয়ে সর্বকালৰ অভিলেখ ভংগ কৰি বিপুল ভোটত বিজয়ী সাব্যস্ত হয়৷ উপ–নির্বাচনৰ ফলাফলে মুখ্যমন্ত্রী ড০ শর্মাৰ নেতৃত্বৰ প্রতি জনসাধাৰণে গভীৰ আস্থা প্রকাশ কৰাৰ বিপৰীতে কংগ্রেছ, এ আই ইউ ডি এফ, ৰাইজৰ দল, বি পি এফে শোচনীয়ভাৱে মুখথেকেচা খায়৷
উপ–নির্বাচনৰ ফলাফলত থৰকাছুটি হেৰুৱাই পেলোৱা বিৰোধীৰ শেহতীয়াকৈ আৰু দুজন বিধায়কে বিজেপিত যোগদানৰ বাবে সাজু হোৱা বুলি আজি সংবাদ মাধ্যমৰ আগত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই প্রকাশ কৰি মাজুলীৰ লগতে অচিৰেই তিনিটা সমষ্টিত উপ–নির্বাচন অনুষ্ঠিত হোৱাৰ ইংগিত দিছে৷ মন কৰিবলগীয়া এয়ে যে যোৱা বিধানসভা নির্বাচনৰ ফলাফল অনুসৰি বিজেপিয়ে ৬০টা সমষ্টি দখল কৰিছিল৷ মাজুলীৰ বিধায়ক তথা প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কেন্দ্রীয় মন্ত্রীসভাত স্থান লাভ কৰাৰ পৰিপ্রেক্ষিতত তেওঁ বিধায়ক পদ ত্যাগ কৰে৷ ফলত বিজেপি বিধায়কৰ সংখ্যা ৫৯লৈ হ্রাস পায়৷ সদ্যসমাপ্ত উপ–নির্বাচনত থাওৰা, মৰিয়নি আৰু ভৱানীপুৰ সমষ্টি বিজেপিৰ দখললৈ অহাত দলটোৰ বিধায়কৰ সংখ্যা ৬২লৈ বৃদ্ধি পায়৷ অসম বিধানসভাত বিজেপি একক সংখ্যাগৰিষ্ঠ দলত পৰিণত হোৱাৰ ক্ষেত্রত মেজিক নম্বৰ ৬৪ স্পর্শ কৰিবলৈ এতিয়া মাত্র দুখন আসনৰ প্রয়োজন৷ মাজুলীকে ধৰি তিনিটা সমষ্টিত উপ–নির্বাচন অনুষ্ঠিত হোৱাৰ পাছতেই বিজেপি একক সংখ্যাগৰিষ্ঠ দলত পৰিণত হোৱাটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ সেয়া বাস্তৱায়িত হোৱাৰ লগে লগে অসমত বিজেপিয়ে শাসনভাৰ লাভৰ চাৰে পাঁচ বছৰৰ ভিতৰত তথা বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ছমহীয়া কার্যকালৰ ভিতৰতেই অসমত বিজেপি অপ্রতিৰোধ্য বৃহৎ শক্তিত যে পৰিণত হ’ব সেয়া স্পষ্ট৷ ৰাজ্যখনত বিজেপি অপ্রতিৰোধ্য শক্তিত পৰিণত হোৱাৰ ক্ষেত্রত বিৰোধীৰ বিজেপি গমনেই সেই পথ মসৃণ কৰি তুলিছে৷ যোৱা ৬টা মাহত ইজনৰ পাছত সিজনকৈ বিৰোধীৰ বিধায়কে দলৰ প্রতি আস্থা হেৰুৱাই বিজেপিলৈ আকর্ষিত হোৱাটোৱেই ৰাজ্যখনত বিজেপি যে এতিয়া অপ্রতিৰোধ্য আৰু অনন্য শক্তি, সেই কথাই প্রতিপন্ন কৰে৷
ইপিনে দিছপুৰৰ সমান্তৰালভাৱে বি টি আৰতো বৃহত্তম দল হিচাপে পৰিগণিত হোৱাৰ দিশে আগবাঢ়িছে বিজেপি৷ যোৱা বছৰ ডিচেম্বৰ মাহত অনুষ্ঠিত বি টি আৰ নির্বাচনৰ ফলাফল অনুসৰি ৪০টা পৰিষদীয় সমষ্টিৰ ভিতৰত ইউ পি পি এলে ১২টা, বিজেপিয়ে ৯টা, বি পি এফে ১৭টা, জি এছ পিয়ে ১টা আৰু কংগ্রেছে ১টা সমষ্টিত জয়লাভ কৰিছিল৷ ফলাফল প্রকাশৰ পাছতেই কংগ্রেছৰ পাৰিষদজনে লগে লগে বিজেপিত যোগদান কৰে৷ ফলত বিজেপিৰ পাৰিষদৰ সংখ্যা ১০জনলৈ বৃদ্ধি পায়৷ পৰৱর্তী পর্যায়ত বি পি এফৰ এজন পাৰিষদ ৰেওৰেৱা নার্জিহাৰীয়েও বিজেপিত যোগদান কৰাত সেই সংখ্যা ১১লৈ বৃদ্ধি হয়৷ কেইদিনমান পূর্বে বি পি এফৰ আন দুজন পাৰিষদ প্রভাত বসুমতাৰী আৰু ৰাজীৱ কুমাৰ ব্রহ্ময়ো বিজেপিত যোগদান কৰাত বি টি আৰত বিজেপি পাৰিষদৰ শক্তি ১৩জনলৈ বৃদ্ধি পায়৷
বর্তমান বিটিচিত বিভিন্ন দলৰ শক্তি এনেধৰণৰ– ইউ পি পি এল ১২, বিজেপি ১৩, বি পি এফ ১৪ আৰু জি এছ পি ১৷ শেহতীয়াকৈ বি পি এফৰ আৰু কিছুসংখ্যক পাৰিষদে বিজেপিত যোগদান কৰিব বুলি ইতিমধ্যে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই প্রকাশ কৰিছে৷ ফলত বিজেপি বি টি আৰতো বৃহৎ শক্তিত পৰিণত হোৱাটো ইতিমধ্যে নিশ্চিত হৈ পৰিছে৷