নিয়মীয়া বাৰ্তা, ২৪ জুনঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেত্ত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ নৱম বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত মহা জনসম্পৰ্ক অভিযানৰ অংশৰূপে আজি বিজেপি ঢকুৱাখনা জিলা সমিতিৰ অন্তৰ্গত ঘিলামৰা মণ্ডল বিজেপিৰ কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰে ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী নৱ কুমাৰ দলেই । ঢকুৱাখনা জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱাই আঁত ধৰা আৰু ঘিলামৰা মণ্ডল বিজেপিৰ কাৰ্যালয়ত অনুস্থিত সংবাদ মেলত ঢকুৱাখনা, ঘিলামৰা আৰু বগীনদীৰ সংবাদ কৰ্মীসকলৰে মত বিনিময় কৰি ৰাইজৰ সমস্যাৰো বুজ লয় বিধায়কগৰাকীয়ে ৷ সেৱা, সু-শাসন আৰু গৰিবৰ কল্যাণৰ প্ৰতি নিজকে উৎসৰ্গিত কৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে যোৱা ৯টা বছৰত নতুন ভাৰত নিৰ্মাণ আৰু জনসাধাৰণৰ সৰ্বাংগীণ বিকাশৰ বাবে গ্ৰহণ কৰা শক্তিশালী পদক্ষেপ আৰু আঁচনিসমূহৰ বিষয়ে তথ্যসহ সংবাদ মেলত উল্লেখ কৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত অসমক দেশৰ অন্যতম শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিবলৈ ৰাজ্য চৰকাৰে চলাই অহা প্ৰয়াস আৰু ঢকুৱাখনা বিধানসভা সমষ্টিক ৰাজ্যৰ এটা আগশাৰীৰ সমষ্টিলৈ ৰূপান্তৰিত কৰাৰ বাবে বিগত সময়ত বিধায়কগৰাকীয়ে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বিষয়েও সংবাদ মেলত সদৰী কৰে বিধায়কগৰাকীয়ে। সংবাদ মেলত লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোহাঁই, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বসন্ত শইকীয়াৰ লগতে ঢকুৱাখনা বিজেপি জিলা সমিতিৰ অন্তৰ্গত মণ্ডল সমিতিসমুহৰ বিষয়ববীয়া সকলো উপস্থিত থাকে ৷
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি