মহাজোঁটে ১০০ৰ ওচৰা–উচৰি আসনেৰে চৰকাৰ কৰিবঃ জিতেন্দ্র সিং
ফলাফললৈ এদিনঃ চৰকাৰ গঠনৰ স্বপ্ণত বিভোৰ মহাজোঁট
নিয়মীয়া বাৰ্তা ১ মেঃ অসমত পুনৰ বিজেপি মিত্রজোঁটৰ চৰকাৰ হ’ব বুলি কালি কেইবাটাও ৰাষীয় সংবাদ মাধ্যমৰ এগ্জিট প’লত কাশ পাইছে যদিও কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে এগ্জিট প’লৰ দাবীক নস্যাৎ কৰিছে/ ইয়াৰ বিপৰীতে অসমত এইবাৰ চৰকাৰ গঠনৰ সপোনত বিভোৰ হৈ আছে মহাজোঁট৷ আনকি চৰকাৰ গঠন কৰিয়েই প্রথমতে কি কি কামত হাত দিব, সেই পৰিকল্পনা যুগুতোৱাৰ বাবে আজি মহাজোঁটৰ নেতৃবৃন্দ গুৱাহাটীৰ এখন হোটেলত বৈঠকত মিলিত হয়৷ মহানগৰীৰ জি এছ ৰোডস্থিত হোটেল গেটৱে’ গ্রেণ্ডিয়ৰত অনুষ্ঠিত মহাজোঁটৰ বৈঠকখনত আদিবাসী নেচনেল পার্টীৰ বাহিৰে মহাজোঁটৰ প্রতিটো অংশীদাৰ দলৰ প্রতিনিধি উপস্থিত থাকে৷ ভোটগণনাৰ প্রাক্ক্ষণত অনুষ্ঠিত বৈঠকখনত কালি এগ্জিট প’লে দিয়া তথ্য নস্যাৎ কৰি মহাজোঁটে এইবাৰ চৰকাৰ গঠন কৰাটো নিশ্চিত বুলি প্রতিটো অংশীদাৰ দলে দাবী কৰে আৰু চৰকাৰ গঠন কৰিয়েই বর্তমানৰ ক’ভিড পৰিস্থিতি কেনেদৰে মোকাবিলা কৰিব, ঋণত পোত খাই থকা বিত্তীয় পৰিস্থিতিৰ পৰা ৰাজ্যখনক কেনেদৰে আগুৱাই নিব, সেই বিষয়বোৰ আলোচনা কৰে৷
এই সম্পর্কত নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙে কয় যে কালি যি এগ্জিট প’ল প্রকাশ পাইছে, সেয়া বিজেপিৰ এগ্জিট প’ল৷ তেওঁলোকে কি পদ্ধতিৰে জৰীপ চলাই এগ্জিট প’ল প্রকাশ কৰিছে, সেই বিষয়ে কোনেও নাজানে৷ বিহাৰৰ এগ্জিট প’ল অসত্য প্রমাণিত হোৱাৰ দৰে ভোটগণনাৰ অন্তত অসমতো এগ্জিট প’ল অসত্য প্রমাণিত হ’ব৷ অসমত এইবাৰ মহাজোঁটৰ চৰকাৰ হোৱাটো ১০০ শতাংশই নহয়, ১০০০ শতাংশ নিশ্চিত৷ এইবাৰৰ নির্বাচনত অসমৰ যুৱ সমাজ, নাৰী সমাজৰ লগতে জনতাই কংগ্রেছক আশীর্বাদ দিছে৷ তেওঁ আৰু কয় যে নির্বাচনৰ সময়ত মহাজোঁটে ১০১ প্লাছৰ টার্গেট কৰিছিল৷ এতিয়া ফলাফলত ১০০ৰ কাষ চাপিব৷ যি সময়ত ৰাজ্যখনত ক’ভিড পৰিস্থিতিক লৈ চর্চা চলিব লাগিছিল, সেই সময়ত এগ্জিট প’লক লৈ চর্চা চলাই মানুহৰ মনোযোগ আনফালে ঢ়াল খুৱাব বিচৰা বুলিও তেওঁ গুৰুতৰ অভিযোগ কৰে৷ অসমত পুনৰ ক’ভিডৰ সংক্রমণ হোৱা সম্পর্কত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক জগৰীয়া কৰি তেওঁ কয় যে নির্বাচনৰ সময়ত মন্ত্রীগৰাকীয়ে অসমত ক’ভিড নাই, মাস্ক পিন্ধিব নালাগে বুলি কৈছিল৷
ইপিনে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই কয় যে এগ্জিট প’লৰ ওপৰত তেওঁৰ কোনো বিশ্বাস নাই৷ কোনো বিজ্ঞানসন্মত পদ্ধতিৰে এগ্জিট প’ল কৰা নহয়৷ দহ হাজাৰৰ পৰা ১৫ হাজাৰ মানুহক সোধা–পোছা কৰি যুগুতোৱা মত ডেৰ কোটি মানুহৰ মত নহয়৷ তদুপৰি এইবাৰ ক’ভিডৰ বাবে এগ্জিট প’ল যুগুতাবলৈ তেওঁলোকৰ প্রতিনিধি সকলো ঠাইলৈ যাব পৰা নাই৷ নির্দিষ্ট কিছু ঠাই, নগৰাঞ্চললৈ গৈছে৷ সেয়ে এই এগ্জিট প’ল সত্য আৰু বিজ্ঞানসন্মত ব্যৱস্থাৰ ওপৰত প্রতিষ্ঠিত নহয়৷ ২০১৮ চনত ছত্তিশগড়ত, যোৱা বছৰ বিহাৰত, ২০০৯ চনত যিদৰে লোকসভা নির্বাচনত এগ্জিট প’ল অসত্য প্রতিপন্ন হৈছিল, এইবাৰ অসমতো অসত্য প্রতিপন্ন হ’ব৷ মহাজোঁটৰ আজিৰ বৈঠকখনত এগ্জিট প’ল সম্পর্কত পর্যালোচনা কৰাৰ বিষয়ে জানিবলৈ দি সভাপতি বৰাই কয় যে মহাজোঁটৰ কোনো অংশীদাৰ দলে এগ্জিট প’লত বিশ্বাস কৰা নাই৷ সেই এগ্জিট প’ল অতিৰঞ্জিত, ৰাজনৈতিক উদ্দেশ্যপ্রণোদিত৷ আচলতে কংগ্রেছকে ধৰি মহাজোঁটৰ কাউণ্টিং এজেণ্টসকলক হতাশ কৰাৰ লগতে ভোটগণনাৰ সৈতে জড়িত বিষয়া–কর্মচাৰীক মানসিকভাৱে চাপত ৰখাৰ বাবে এগ্জিট প’লৰ ফলাফল তেনেদৰে প্রস্তুত কৰা হৈছে৷ নির্বাচনী ফলাফলত মহাজোঁটে সর্বাধিক আসন লাভ কৰি চৰকাৰ যে গঠন কৰিব, তাত কোনো সন্দেহ নাই৷ সেয়ে আজিৰ মহাজোঁটৰ বৈঠকে চৰকাৰ গঠনৰ পাছত ক’ভিড পৰিস্থিতি কেনেকৈ নিয়ন্ত্রণ কৰিব, ঋণৰ বোজাত পোত খাই থকা ৰাজ্যখনক বিত্তীয় সংকটৰ পৰা কেনেদৰে উদ্ধাৰ কৰিব, সেই বিষয়েও আলোচনা কৰে৷
আনহাতে, আঞ্চলিক গণ মর্চাৰ মুখ্য আহ্বায়ক সাংসদ অজিত কুমাৰ ভূঞাই কয় যে মহাজোঁটে চৰকাৰ গঠন কৰিবই৷ চৰকাৰ গঠনৰ লগে লগে তাৎক্ষণিকভাৱে ক’ভিড মহামাৰীৰ সমস্যাৰ সন্মুখীন হ’ব লাগিব৷ নতুন চৰকাৰখনে সেই পৰিস্থিতিৰ মোকাবিলা কেনেদৰে কৰিব, তাৰ ওপৰত আজি অংশীদাৰ দলসমূহে পৰামর্শ আগবঢ়াইছে৷ ৰাজ্যৰ বিত্তীয় পৰিস্থিতিৰ ওপৰতো আলোচনা কৰা হয়৷ তদুপৰি ভোটগণনাৰ সময়ত বিজেপিয়ে কৰিব পৰা ষড়যন্ত্রসমূহ কেনেদৰে প্রতিহত কৰা হ’ব, সেই সম্পর্কতো আলোচনা কৰে৷ ক’ভিড পৰিস্থিতি নিয়ন্ত্রণৰ ক্ষেত্রত নতুন চৰকাৰখনে নাগৰিক সমাজক জড়িত কৰাৰ ববে বিশেষজ্ঞ কমিটী গঠনৰ পোষকতা কৰিব বুলিও তেওঁ প্রকাশ কৰে৷ এগ্জিট প’লৰ বিসংগতি সন্দর্ভত তেওঁ কয় যে এটা এগ্জিট প’লত বৰাকত ১৫টা সমষ্টিৰ বিপৰীতে ২০টা সমষ্টি, পাহাৰীয়া জিলাত ৫টা সমষ্টিৰ বিপৰীতে ১০টা সমষ্টি ধৰিছে৷ সেয়ে এই এগ্জিট প’লৰ বিশ্বাসযোগ্যতা, কাৰ স্বার্থত কৰা হৈছে সেয়াও চাবলগীয়া৷
ইফালে বি পি এফৰ উপ–সভাপতি চন্দন ব্রহ্মই কয় যে মহাজোঁটৰ চৰকাৰ নিশ্চিত৷ দুই মে’ৰ পাছত মহাজোঁটে সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব৷ তাত কোনো সন্দেহ নাই৷ বি পি এফ দলে ১২টা সমষ্টিতে জয়লাভ কৰিব৷ সেইদৰে এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক কৰিমউদ্দিন বৰভূঞাই কয় যে মহাজোঁটে কমেও ৬৯খন আসনত জয়লাভ কৰি চৰকাৰ কৰিব৷ বৰাক উপত্যকাত বিজেপিয়ে তিনিখনৰ অধিক আসন নাপায়৷ আনবোৰ আসন মহাজোঁটৰ দখললৈ আহিব৷ এ আই ইউ ডি এফ দলে কমেও ১৭টা সমষ্টিত জয়লাভ কৰিব বুলি তেওঁ মন্তব্য কৰে৷ চি পি আইৰ মুনীন মহন্তয়ো মহাজোঁটৰ চৰকাৰ গঠন হোৱাটো ১০০ শতাংশ নিশ্চিত বুলি দাবী কৰে৷ মুঠতে ভোটগণনালৈ মাজত মাত্র এটা দিন বাকী থকা অৱস্থাতো মহাজোঁট চৰকাৰ গঠনৰ আশাত বন্দী হৈ আছে৷