নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৫-২৮ ডিচেম্বৰলৈ মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিকৰ মহাৰজত জয়ন্তী

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ অহা ২৫ ৰ পৰা ২৮ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণিৰ অনুষ্ঠানৰ লাইখুঁ‌টা স্থাপন কৰা হয়। লাইখুঁ‌টা স্থাপন কৰে বিদ্যালয়খনৰে প্ৰাক্তন ছাত্ৰ, উদযাপন সমিতিৰ সভাপতি  তথা মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই। লাইখুঁ‌টা স্থাপন কৰাৰ পিছতে উদযাপন সমিতিৰ সাধাৰণ সম্পাদক গৰাকীয়ে বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হবলগীয়া কাৰ্যসূচীৰ বিষয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰি সকলো পক্ষকে সহায় সহযোগিতা কামনা কৰে। কাৰ্যসূচী অনুসৰি, ২৫ ডিচেম্বৰ পূৱা মাৰাথান দৌৰ প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা। ২৬ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হবলগীয়া মূল কাৰ্যসূচীৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অনুষ্ঠানৰ পূৱা ১০-৩০ বজাত বাহিৰ কৰা হব বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। বিয়লিলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় অধ্যয়ন কেন্দ্ৰৰ সহযোগত ১৫খন বিদেশী ৰাষ্ট্ৰৰ ছাত্ৰ ছাত্ৰীৰ লগত মাৰ্ঘেৰিটা সমজিলাৰ ছাত্ৰ ছাত্ৰী সকলৰ সৈতে শৈক্ষিক মত বিনিময় অনুষ্ঠানৰ পিছতে সন্ধিয়ালৈ বন্তি প্ৰজ্বলন আৰু নিশালৈ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিবেশন কৰিব অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী জিতুল সোনোৱালে।২৭ ডিচেম্বৰত শিক্ষাগুৰুক সম্বৰ্ধনা জনোৱাৰ পিছতে অনুষ্ঠিত হব প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ। শেষৰ দিনা অৰ্থাৎ ২৮ ডিচেম্বৰৰ কাৰ্যসূচী অনুসৰি দিনৰ দুই বজাত অনুষ্ঠিত হব মুকলি সভা। নিশালৈ যুৱ প্ৰজন্মৰ “হাৰ্টথ্ৰৱ” কণ্ঠশিল্পী জুবিন গাৰ্গৰ লগতে অসমৰ এগৰাকী অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে গীত পৰিবেশন কৰিব। উদযাপন সমিতিৰ সমূহ বিষয়ববীয়া, সদস্য সদস্যা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী তথা বহু সংখ্যক প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ উপৰিও অঞ্চলটোৰ বহু গন্য মান্য ব্যক্তিৰ উপস্থিতিত স্থাপন কৰা লাইখুঁ‌টা স্থাপন অনুষ্ঠানটোৰ যোগেদি পৰৱৰ্তী সমূহ কাৰ্যসূচী সফল ভাবে উদযাপন কৰিবৰ বাবে উদযাপন সমিতিৰ সভাপতি ভাস্কৰ শৰ্মা, সাধাৰণ সম্পাদক সত্যৰঞ্জন বৰকাকতিয়ে সমূহ মাৰ্ঘেৰিটা বাসী ৰাইজ,শিক্ষক-শিক্ষয়িত্ৰী তথা বিভিন্ন জাতি জনগোষ্ঠী, দল সংগঠন, প্ৰাক্তন ছাত্ৰ ছাত্ৰী ও অধ্যৰত ছাত্ৰ ছাত্ৰীক আহ্বান জনাইছে।

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like