শিৱসাগৰৰ শিৱদৌল প্ৰাংগণত আৰম্ভ মহাশিৱৰাত্ৰি মহোৎসৱ
নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ সমগ্ৰ ৰাজ্যবাসীৰ বাবেই আকৰ্ষণৰ কেন্দ্ৰবিন্দু ঐতিহ্যমণ্ডিত শিৱসাগৰৰ শিৱদৌলক কেন্দ্ৰ কৰি চলিবলগীয়া মহা শিৱৰাত্ৰি মহোৎসৱ আজি নিশাৰে পৰা আৰম্ভ হল৷ পূৰ্ব নিৰ্ধাৰিত কাৰ্য্যসূচী অনুসৰিয়েই আজি নিশা চাৰে আঠ বজাত ৰাজহ আৰু দূৰ্য্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনে আনুষ্ঠানিকভাৱে মহা শিৱৰাত্ৰি মহোৎসৱৰ মেলা শুভ উদ্বোধন কৰে৷ এই উদেশ্যে মেলা উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি দলমুখ চাৰিআলিৰ সুবিশাল অস্থায়ী মণ্ডপত এখন মুকলি সভাও আৰম্ভ হয় ৷ ইফালে প্ৰথমবাৰৰ বাবে ছয়দিনীয়াকৈ অনুষ্ঠিত শিৱৰাত্ৰি মহোৎসৱৰ আটাইকেইটা দিন সূচাৰুৰূপে উদযাপন কৰাৰ স্বাৰ্থত শিৱসাগৰ জিলা আৰক্ষী প্ৰশাসনে মেলা অনুষ্ঠিত হোৱা অঞ্চলটোৰ লগতে সমগ্ৰ চহৰ খনতেই কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তুলিছে৷ সমগ্ৰ মেলাস্থলী সূক্ষ্ম নিৰীক্ষণত ৰখাৰ স্বাৰ্থত মেলাস্থলীত অৰ্ধশতাধিক চি চি কেমেৰা স্থাপন কৰাৰ লগতে জৰুৰী সেৱাৰ বাহন আৰু দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন মেলাস্থলীত সাজু কৰি ৰখা হৈছে৷ ইতিমধ্যে আজি বিয়লি পৰ্য্যন্ত দেশৰ ভিন্ন প্ৰান্তৰ আগশাৰীৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে ঘৰুৱা ব্যৱসায়িক প্ৰতিষ্ঠানে মেলাত বাণিজ্যৰ পোহাৰ মেলিব৷ বাতৰি লিখাৰ পৰলৈকে প্ৰায় পাঁচ শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠানে নিশা পৰ্য্যন্ত নিজৰ নিজৰ বিপনীসমূহ মুকলি কৰিছে ৷ ইফালে বিগত বৰ্ষসমুহৰ দৰে এইবাৰো দল প্ৰাংগণৰ গাতে লাগি থকা ফুলেশ্বৰী স্কুলৰ খেলপথাৰত যোৰহাটৰ বিখ্যাত কৰঙাৰ দা-কটাৰীৰ বিপণীসমুহে ভিৰ কৰিছে৷ মনোৰঞ্জনৰ অংশ হিচাবে নিশাৰে পৰা কেইবাটাও স্থানত আনন্দ মেলাই এক উছৱমুখৰ পৰিৱেশৰ সূচনা কৰিছে৷ ইফালে আজি পুৱাৰে পৰা ঐতিহাসিক শিৱদলত সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশত আৰম্ভ হৈছে শিৱ পূজা৷ সম্প্ৰতি শিৱদৌলৰ চৌহদত আজি সন্ধিয়াৰ পৰা শ শ শিৱভক্তই মহাদেৱৰ আৰাধনাৰ বাবে দল চৌহদত শাৰী পাতি নৈবদ্য আগবঢ়াইছে৷ আনহাতে মেলা উপলক্ষে সমগ্ৰ শিৱসাগৰ চহৰখনতেই এক উছৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ৷ ভিন্ন ধৰ্মী পেঁপা, হুইছেলৰ শব্দত মুখৰ হৈ পৰিছে মেলাস্থলী৷ দল চৌহদৰ লগতে নগৰখনৰ পৰিবহণ নিগম তিনিআলিৰ পৰা মুক্তিনাথ চাৰিআলি পৰ্য্যন্ত শ শ পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ীয়েও বিভিন্ন ধৰণৰ সামগ্ৰীৰে চহৰ খনত অৱস্থান কৰিছে ৷ আৰক্ষী প্ৰশাসনে শৃংখলাবদ্ধভাৱে ৰাইজৰ সুচল যাতায়াতৰ প্ৰতি লক্ষ্য ৰাখি মুক্তিনাথ চাৰিআলি, পৰিবহণ নিগম তিনিআলি আৰু বাবুপট্টী তিনিআলিৰ পৰা সকলো ধৰণৰ দুচকীয়া চাৰিচকীয়া বাহনৰ প্ৰৱেশ দলমুখ চাৰিআলি, হাস্পতাল ৰোড, জি এন বি ৰোডত মেলা অনুষ্ঠিত হোৱাৰ কেইদিন নিষিদ্ধ কৰিছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান