অসমৰ সংকটঃ গান্ধীজীৰ দিকনির্দেশনা
‘আবেলি মহাত্মাৰ লগত ভ্রমণৰ বাবে ওলালোঁ৷ আমাৰ যদি কিবা কথা সুধিবলৈ বাকী আছে সুধিবলৈ ক’লত আমি প্রথমতে চৰকাৰৰ পৃষ্ঠপোষকতাত অসমখনক মুছলমান সংখ্যাগৰিষ্ঠ কৰি পাকিস্তানৰ অন্তর্ভুক্ত কৰিবলৈ বিচৰা ষডযন্ত্রৰ কথা উত্থাপন কৰিলোঁ৷ উত্তৰত তেখেতে কৈছিল যে বৰদলৈয়েও সেইটো প্রতিবেদনত উল্লেখ কৰিছে৷ সেইটো কেতিয়াও অসমীয়া ৰাইজে মানি ল’ব নালাগে৷ এখন সৰু প্রদেশলৈ যদি ওচৰ–চুবুৰীয়া প্রদেশৰো অবাধ জনপ্রব্রজন চলে আৰু শেষত যদি সেই প্রদেশৰ লোকখিনি সংখ্যালঘিষ্ঠ হ’বৰ সম্ভাৱনা থাকে, তেনেহ’লে তাৰ বিৰুদ্ধে সকলোৰে সত্যাগ্রহ কৰিবৰ অধিকাৰ আছে৷ তেখেতে কৈছিল, এই বিষয়ত কোনেও সাম্প্রদায়িকতাৰ ৰহণ দিব নোৱাৰে৷ তেনে সম্প্রদায়ৰ বিৰুদ্ধে থলুৱা লোকসকলৰ উচিত ব্যৱস্থা ল’বলৈ অধিকাৰ আছে৷’ স্বাধীনতাৰ প্রাক্ক্ষণত চৈয়দ চাদুল্লা চৰকাৰৰ প্রত্যক্ষ পৃষ্ঠপোষকতাত আৰু মৌলানা ভাছানীৰ নেতৃত্বত অসমলৈ পূর্ববংগৰ পৰা অবাধ প্রব্রজন ঘটাই মুছলিম লীগৰ অসম দখলৰ পৰিকল্পনা সন্দর্ভত আঠটা দশকৰ পূর্বেই অসমবাসীক এই দিক্নির্দেশনা দি থৈ গৈছে জাতিৰ পিতা মহাত্মা গান্ধীয়ে৷ অসমবাসীলৈ মহাত্মা গান্ধীৰ এই পৰামর্শৰ কথা বিশদভাৱে উল্লেখ কৰি গৈছে ৰাজ্যৰ প্রাক্তন মুখ্যমন্ত্রী তথা বিশিষ্ট কংগ্রেছ নেতা মহেন্দ্র মোহন চৌধুৰীয়ে৷ (গ্রন্থ ঃ গোপীনাথ বৰদলৈ)
উল্লেখ্য যে গোপীনাথ বৰদলৈৰ নির্দেশক্রমে মহেন্দ্র মোহন চৌধুৰী আৰু অক্ষয় কুমাৰ দাসে সেৱাগ্রাম আশ্রমত গান্ধীজীক সাক্ষাৎ কৰি অসমে সন্মুখীন হোৱা প্রব্রজনৰ জটিল সমস্যা সন্দর্ভত অৱগত কৰাৰ সময়ত গান্ধীজীয়ে এই গুৰুত্বপূর্ণ পৰামর্শ আগবঢ়াইছিল৷ পৰৱর্তী সময়ত গান্ধীজীৰ এই দিক্নির্দেশনামর্মেই গোপীনাথ বৰদলৈ আৰু বিষুৰাম মেধিয়ে পূর্ববংগীয় মুছলমানৰ অবাধ প্রব্রজন আৰু অসমত চলোৱা ব্যাপক বেদখলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছিল৷ অসমৰ প্রতিটো সংকটৰ মুহূর্তত মহাত্মা গান্ধীয়ে অসমবাসীৰ স্বার্থৰ অনুকূলে দৃঢ় স্থিতি গ্রহণ কৰিছিল আৰু সেইমর্মে দিক্নির্দেশনা প্রদান কৰিছিল৷ কিন্তু বৰদলৈ–মেধিৰ উত্তৰসূৰী কংগ্রেছ নেতৃত্বই গান্ধীজীৰ নির্দেশনাক নস্যাৎ কৰি ভোটবেংকৰ অংকৰে অসমলৈ বিদেশীৰ অবাধ প্রব্রজনৰ দুৱাৰ খুলিহে দিলে৷ পৰৱর্তী কালৰ কংগ্রেছ নেতৃত্বৰ এনে আত্মঘাতী নীতিয়ে অসমৰ জনগাঁথনিকে সম্পূর্ণ সলাই পেলোৱাৰ লগতে অসমক কার্যতঃ বিদেশীৰ অবাধ বিচৰণভূমিত পৰিণত কৰিলে৷
শেহতীয়াকৈ অসমত এনে এক পৰিৱেশৰ সৃষ্টি কৰা হৈছে যে বাংলাদেশীৰ অনুপ্রৱেশৰ প্রসংগ উত্থাপন কৰিলেই একাংশই সাম্প্রদায়িকতাৰ অভিযোগ উত্থাপন কৰে৷ কিন্তু আঠটা দশক পূর্বেই গান্ধীজীয়ে স্পষ্টভাৱে কৈ থৈ গৈছে যে এনে প্রব্রজনে থলুৱা লোকসকলক গ্রাস কৰাৰ উপক্রম ঘটা পৰিস্থিতিত কৰা প্রতিবাদত কোনেও সাম্প্রদায়িকতাৰ ৰহণ সানিব নোৱাৰে৷ আমাৰ বাবে দুর্ভাগ্যৰ বিষয় এয়ে যে গোপীনাথ বৰদলৈ–বিষুৰাম মেধিৰ নেতৃত্বত আৰু মহাত্মা গান্ধী–নেতাজী সুভাষ বসুৰ আশীর্বাদত যি কংগ্রেছে এসময়ত মুছলিম লীগৰ অসম দখলৰ ষডযন্ত্রৰ বিৰুদ্ধে সর্বাত্মক প্রতিৰোধ সংগ্রামত অৱতীর্ণ হৈছিল, সেই কংগ্রেছৰে পৰৱর্তী নেতৃত্বই কেৱল ভোটবেংকৰ অংকত অসমক বিদেশীৰ মুক্ত বিচৰণ ভূমিত পৰিণত হ’বলৈ এৰি দিলে৷
স্বাধীনতাৰ পূর্বৰ সংকটকালীন সময়ছোৱাত মহাত্মা গান্ধীয়ে সদায়েই অসমৰ স্বার্থত দৃঢ়ভাৱে মাত মতাৰ লগতে অসমবাসীক স্পষ্ট দিক্নির্দেশনা দি গৈছিল৷ আনহাতে, কংগ্রেছৰ সর্বভাৰতীয় সভাপতি নেতাজী সুভাষ চন্দ্র বসুৱেও অসমৰ স্বার্থৰ সুৰক্ষাৰ দিশত দৃঢ় স্থিতি গ্রহণ কৰিছিল৷ স্বাধীনতাৰ পূর্বে চাদুল্লা চৰকাৰৰ পৃষ্ঠপোষকতাত অসমলৈ পূর্ববংগৰ পৰা ঘটা ব্যাপক প্রব্রজন ৰোধৰ স্বার্থত অসমত গোপীনাথ বৰদলৈৰ নেতৃত্বত কংগ্রেছ নেতৃত্বাধীন সংযুক্ত চৰকাৰ গঠনৰ ক্ষেত্রত সর্বতোপ্রকাৰে উদ্যোগ গ্রহণ কৰিছিল সুভাষ বসুৱে৷ কংগ্রেছৰ নেতৃত্বত সন্মিলিত চৰকাৰ গঠনৰ হকে তেওঁ আহি শ্বিলঙত দীঘলীয়াকৈ বাহৰ পাতি লৈছিল৷ বৰদলৈৰ নেতৃত্বত কংগ্রেছ নেতৃত্বাধীন এই চৰকাৰ গঠনৰ ক্ষেত্রত দেশভক্ত তৰুণৰাম ফুকনেও দেহেকেহে কষ্ট কৰিছিল৷ চৰকাৰ গঠনৰ বাবে বিভিন্ন পক্ষৰ সমর্থন আদায়ৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল দেশভক্ত ফুকনে৷ কিন্তু ১৯৩৮ চনৰ ১৩ ছেপ্ঢেম্বৰত চাদুল্লা চৰকাৰৰ পতনৰ পাছতো গৱর্নৰে গোপীনাথ বৰদলৈক শপত গ্রহণৰ বাবে আমন্ত্রণ নজনোৱাত সুভাষ বসুৱে ইয়াৰ তীব্র প্রতিবাদ কৰি এক বিবৃতিত কৈছিল– ‘গৱর্নৰ বাহাদুৰে আগৰ মন্ত্রীকেইজনৰ ইস্তফা গ্রহণ কৰিলে আৰু তাৰ ঠাইত আন পাঁচজন মন্ত্রী নিযুক্ত কৰিলে৷ কিন্তু এইবিলাকক এতিয়ালৈকে শপত গ্রহণ কৰি দায়িত্ব দিয়া নাই৷ তেন্তে এইটো নহ’লনে যে সেই অতিৰিক্ত সংখ্যা গেজেট প্রকাশৰ দিনৰ পৰা এতিয়ালৈকে অসম প্রদেশ অৰাজক হৈছে, কোনো গৱর্নমেণ্টেই নাই৷ মই গৱর্নৰ বাহাদুৰক সুধিব খোজোঁ যে চৰকাৰহীন এনে এটা অৱস্থাত যে আমি অসমত এইকেইদিন আছোঁ ইয়াৰ বাবে দায়ী কোন?’ (হেৰাই যোৱা দিনবোৰ ঃ দেৱেশ্বৰ শর্মা) নেতাজীৰ এই কঠোৰ বক্তব্যৰ পিছতে গৱর্নৰৰ আমন্ত্রণক্রমে ১৯৩৮ চনৰ ২১ ছেপ্ঢেম্বৰত গোপীনাথ বৰদলৈৰ নেতৃত্বত চৰকাৰে শপত গ্রহণ কৰে৷ কিন্তু এই চৰকাৰৰ এবছৰ পূর্ণ হোৱাৰ সময়তে কংগ্রেছৰ পার্লিয়ামেণ্টৰী ব’ডৰ সিদ্ধান্তৰ আধাৰত বৰদলৈ চৰকাৰে পদত্যাগ কৰিবলগীয়া হয়৷ নেতাজী সুভাষ বসুৱে কিন্তু অসমৰ বিশেষ পৰিস্থিতিৰ কথা উল্লেখ কৰি বৰদলৈ চৰকাৰৰ পদত্যাগৰ তীব্র বিৰোধিতা কৰিছিল আৰু এই চৰকাৰখনে কার্যনির্বাহ কৰি যোৱা উচিত বুলি মত প্রকাশ কৰিছিল৷ দুর্ভাগ্যবশতঃ সুভাষ বসুৰ মতামতক আওকাণ কৰি কার্যতঃ বৰদলৈ চৰকাৰক পদত্যাগৰ বাবে বাধ্য কৰা হ’ল, যিটো স্বয়ং গান্ধীজীয়েও বিচৰা নাছিল৷ এই সন্দর্ভত ১৯৪৬ চনত মহেন্দ্র মোহন চৌধুৰীৰ জৰিয়তে গোপীনাথ বৰদলৈলৈ প্রেৰণ কৰা এক টোকাত গান্ধীজীয়ে লিখিছিল–I told Bardoloi that there was much in what Subhas Babu had said and, although I was the author of the scheme of boycott, I said Assam should not come out, if it did not feel like it. But Assam did come out. It was wrong.
বৰদলৈ চৰকাৰৰ এই পদত্যাগৰ পৰিণতিত অসমত চাদুল্লাই পুনৰ চৰকাৰ গঠনৰ সুযোগ লাভ কৰিলে৷ চৰকাৰ গঠন কৰিয়েই চাদুল্লাই মৌলানা ভাছানী আৰু অন্যান্য মুছলিম লীগ নেতাৰ সহযোগত অসমক পাকিস্তানৰ অন্তর্ভুক্ত কৰাৰ ষডযন্ত্রত পূর্ণ শক্তিৰে অৱতীর্ণ হ’ল৷ ব্রিটিছ চৰকাৰৰ আশীর্বাদত চাদুল্লা–ভাছানীহঁতে‘Grow more food’ আঁচনিৰ নামত অসমলৈ লাখ লাখ পূর্ববংগীয় মুছলমানৰ প্রব্রজন ঘটালে৷ অসমৰ লাখ লাখ বিঘা চৰকাৰী ভূমি–পতিত মাটিত অবাধ বেদখল চলোৱা হ’ল৷ এইকেইটা বছৰতে চাদুল্লা–ভাছানীৰ নেতৃত্বত অসমৰ জনগাঁথনিকে বহুলাংশে সলাই পেলোৱা হ’ল৷ ইয়াৰ পিছত গ্রুপিঙৰ অভিসন্ধিৰে অসমক পাকিস্তানৰ অন্তর্ভুক্ত কৰাৰ ষডযন্ত্রক পূর্ণ ৰূপ দিয়াৰ ব্যাপক প্রস্তুতি চলিল৷ অৱশ্যে গোপীনাথ বৰদলৈৰ সবল নেতৃত্বত অসমে গ্রুপিঙৰ ষডযন্ত্র ব্যর্থ কৰি দিবলৈ সমর্থ হ’ল৷ এইক্ষেত্রত বিষুৰাম মেধি, অম্বিকাগিৰি ৰায়চৌধুৰী, মহেন্দ্র মোহন চৌধুৰী, দেৱেশ্বৰ শর্মা আদি নেতাসকলে লোৱা সবল ভূমিকাকো আমি শ্রদ্ধাৰে স্মৰণ কৰিব লাগিব৷
অসমক গভীৰতম সংকটৰ মুখলৈ ঠেলি দিয়া গ্রুপিঙৰ এই ষডযন্ত্রৰ ক্ষেত্রত জাতিৰ পিতা মহাত্মা গান্ধীয়ে অসমৰ প্রতি আগবঢ়োৱা সহায়–সমর্থনে নিশ্চিতভাৱে এই ভয়ংকৰ দুর্যোগৰ সময়ত অসমবাসীক সঞ্জীৱনী শক্তি প্রদান কৰিছিল৷ এই গুৰুত্বপূর্ণ সন্ধিক্ষণত এনে ষডযন্ত্রৰ বিৰুদ্ধে সর্বাত্মক প্রতিৰোধ গঢ়ি তোলাৰ আহ্বান জনাই সেই সময়ত মৌন ব্রতত থকা গান্ধীজীয়ে অমিয় কুমাৰ দাসৰ জৰিয়তে গোপীনাথ বৰদলৈলৈ এখন পত্র প্রেৰণ কৰিছিল৷ গান্ধীজীৰ প্রাইভেট ছেক্রেটাৰী ডাঃ সুশীলা নায়াৰে লিখি দিয়া এই চিঠিত গান্ধীজীয়ে লিখিছিল–‘If Assam keeps quiet, it is finished. No one can force Assam to do what it does not want to do. It is autonomous to a large extent today. … I have given you all this time to steel your hearts, to give you courage. If you don’t act correctly and now, Assam will be finished. Tell Bardoloi, I don’t feel the least uneasiness. My mind is made up. Assam must not lose its soul. It must uphold it against the whole world. Else, I will say that Assam had only manikins and no men. It is an impertiment suggestion that Bengal should dominate Assam in any way.’
গান্ধীজীৰ এই উদাত্ত আহ্বান আৰু অসমৰ প্রতি মুকলি সমর্থনৰ পিছতে অসমে নতুন সঞ্জীৱনী শক্তি লাভ কৰিলে৷ গোপীনাথ বৰদলৈ, বিষুৰাম মেধি আদিৰ নেতৃত্বত গ্রুপিঙৰ প্রস্তাৱ আৰু অসমক পাকিস্তানৰ অন্তর্ভুক্ত কৰাৰ ষডযন্ত্রৰ বিৰুদ্ধে অসম সর্বশক্তিৰে প্রতিৰোধ সংগ্রামত অৱতীর্ণ হ’ল৷ অসমৰ এই সর্বাত্মক প্রতিৰোধ সংগ্রামৰ সন্মুখত শিৰ নত কৰিবলৈ বাধ্য হ’ল সর্বভাৰতীয় কংগ্রেছ নেতৃত্ব৷ মূলতঃ অসমৰ নেতৃত্বৰ প্রতিবাদৰ বাবেই কংগ্রেছে গ্রুপিঙৰ প্রস্তাৱ অগ্রাহ্য কৰিবলৈ বাধ্য হ’ল আৰু নিশ্চিতভাৱে এইক্ষেত্রত অসমৰ প্রতি গান্ধীজীৰ আশীর্বাদে অতি গুৰুত্বপূর্ণ নির্ণায়ক ভূমিকা গ্রহণ কৰিছিল৷
অসমৰ ভৱিষ্যৎ তথা থলুৱা জনসাধাৰণৰ সুৰক্ষাৰ প্রশ্ণত গান্ধীজীয়ে দেখুৱাই যোৱা পথ নির্দেশনা মানি চলিয়েই গোপীনাথ বৰদলৈ আৰু বিষুৰাম মেধিয়ে এখন সুৰক্ষিত অসম–শক্তিশালী ভাৰত গঢ়ি তোলাৰ প্রচেষ্টাত ব্রতী হৈছিল৷ দুর্ভাগ্যবশতঃ কংগ্রেছৰ পৰৱর্তী সময়ৰ নেতৃত্বই গান্ধীজীৰ এই দিক্নির্দেশনাক নস্যাৎ কৰি ওলোটা বাটেৰেহে যাত্রা আৰম্ভ কৰিলে৷ বৰদলৈ–মেধিৰ উত্তৰসূৰী ৰাজনৈতিক নেতৃত্বৰ এনে আত্মঘাতী নীতিৰ বাবেই অসমে আজিৰ চৰম প্রতিকূল পৰিস্থিতিৰ সন্মুখীন হৈছে৷ অসমৰ ভৱিষ্যৎ আজি সর্বাত্মক অনিশ্চয়তাৰ সন্মুখীন হৈছে৷ এই পৰিস্থিতিৰ পৰা পৰিত্রাণ পাবলৈ হ’লে আমি নিশ্চিতভাৱে গান্ধীজীয়ে দেখুৱাই যোৱা দিক্নির্দেশনা অনুসৰণ কৰিবই লাগিব৷ দেশ আৰু জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ স্বার্থত গান্ধীজীয়ে দেখুৱাই যোৱা পথেই এতিয়া আমাৰ একমাত্র অৱলম্বন৷ ইয়াৰ পিছতো যদি আমি ভোটবেংককেন্দ্রিক ৰাজনীতিৰে আমাৰ ভৱিষ্যৎ নির্ণয়ৰ চেষ্টা কৰোঁ, তেন্তে গান্ধীজীৰ ভাষাৰেই ইয়াৰ অনিবার্য পৰিণতি হ’ব–‘Assam will be finished.’
(আজি মহাত্মা গান্ধীৰ মৃত্যুদিৱস উপলক্ষে)