বাৰ্তা ব্যুৰ, গোৱালপাৰা : গোৱালপাৰাৰ মহাত্মা গান্ধী ছিনিয়ৰ ছেকেণ্ডাৰীত পুনৰ ছাত্ৰীৰ আত্মহত্যাক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ বিৱৰণী মতে আজি দুপৰীয়া বিদ্যালয়খনত জিৰণি দিয়াত ছাত্ৰীসকলে কোঠাত গৈ চিলিং ফেনৰ লগত নিজৰ উৰণাৰে ডিঙিত চিপজৰী লৈ থকা অৱস্থা প্ৰত্যক্ষ কৰি হুৱাদুৱাৰ সৃষ্টি হয়। জানিব পৰা মতে আত্মহত্যা কৰা ছাত্ৰীগৰাকীৰ নাম আছমিনা খাতুন। দ্বাদশ শ্ৰেণীৰ বিজ্ঞান শাখাৰ ছাত্ৰীগৰাকী কালি ঘৰৰ পৰা হোষ্টেলত আহিছিল। আজি গাটো ভাল নোহোৱা বুলি কৈ বিদ্যালয়ৰ অধ্যক্ষক আজিৰ বাবে ছুটি বিচাৰি আবেদন দাখিল কৰিছিল। লগৰীয়া ছাত্ৰীসকলে শ্ৰেণীত পাঠদান কৰিবলৈ যোৱাৰ সুযোগতে ছাত্ৰীগৰাকীয়ে নিজৰ উৰণাৰে ফেনৰ লগত চিপ লৈ আত্মহত্যা কৰে। জানিব পৰা মতে বৰপেটাৰ বাঘবৰ আৰক্ষী চকীৰ সমীপৰ বাঘবৰ গাঁৱৰ ইলাত আলীৰ কন্যা আছমিনা খাতুনে (১৭) চহৰৰ ভালুকডুস্থিত মহাত্মা গান্ধী ছিনিয়ৰ ছেকেণ্ডাৰীত দ্বাদশ শ্ৰেণীৰ বিজ্ঞান শাখাত অধ্যয়ন কৰি আছিল আৰু ছাত্ৰীগৰাকীৰ ককায়েক ফুলবৰ আলী আহমেদে বিদ্যালয়খনৰ লৰাৰ হোষ্টেলৰ ৱাৰ্ডেন আৰু শিক্ষকতা হিচাপে কাম কৰি আছিল। নিজৰ ভগ্নী আত্মহত্যাৰ কথা অৱগত হৈ তৎক্ষণাত ছাত্ৰীগৰাকীৰ কোঠাত গৈ চিপৰ পৰা নমাই দিয়ে।ইপিনে বিদ্যালয় কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিয়াত অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ঋতুৰাজ দোলে, সদৰ আৰক্ষী বিষয়া, চড়ৰ আৰক্ষী বিষয়াৰ দলে বিদ্যালয়খনত উপস্থিত হয়। ইপিনে শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত কল্যাণী কংকনা দাস, সহকাৰী চক্ৰবিষয়া চিন্ময় কলিতা উপস্থিত হৈ প্ৰাথমিক তদন্ত কৰি ছাত্ৰী গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এতিয়া কি কাৰণত ছাত্ৰী গৰাকীয়ে চৰম পথ বাছি লবলগীয়া হৈছিল তাক জানিব পৰা হোৱা নাই যদিও আৰক্ষীৰ তদন্তত সকলো পোহৰলৈ আহিব। উল্লেখ্য যে যোৱা ২৭এপ্ৰিলতো বিদ্যালয়খনত এগৰাকী ছাত্ৰই আত্মহত্যা কৰিছিল। বিদ্যালয়খনৰ অষ্টম শ্ৰেণীৰ ছাত্র নিলোভজ্যোতি বৰ্মণ (১৩) হোষ্টেলৰ কোঠাত আত্মহত্যা কৰিছিল। যোৱা ২৭ এপ্ৰিলৰ পুৱা ৮ বজাত হোষ্টেলৰ পাঠদান চলি থকাৰ সময়তে ছাত্ৰ গৰাকীয়ে শৌচাগাৰত যোৱাৰ কথাকৈ তেওৰ কোঠাত চীপ লৈ আত্মহনন কৰে। ভালেখিনি সময় যোৱাৰ পিছতো পাঠদানত উপস্থিত নোহোৱাত কেইজনমান ছাত্ৰই কোঠাত গৈ চীপ লৈ থকা প্ৰত্যক্ষ কৰে আৰু জীৱিত থাকিব পাৰে বুলি ভাৱি ছাত্ৰ জনক তৎক্ষণাত গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ইয়াকে কেন্দ্ৰ কৰি বিদ্যালয়খনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছিল। উক্ত ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই আজি পুনৰ এগৰাকী ছাত্ৰীৰ আত্মহত্যাৰ ঘটনাকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।উক্ত ঘটনা সন্দৰ্ভত আমছুৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতি আনিমুল হক চৌধুৰীয়ে কয় যে এমাহ পাৰ নৌহওতেই একেখন বিদ্যালয়ত দুগৰাকী কৈ ছাত্ৰ ছাত্ৰী আত্মহত্যা কৰাটো অতি দুৰ্ভাগ্যজনক। গতিকে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়।
প্ৰেৰক উদিত নাৰায়ণ কলিতা