নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহেন্দ্ৰ নাথ হাজৰিকা যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত

🔹 দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান, শুভাকাংক্ষীৰ শুভেচ্ছা

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰ : যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হয় বৰহোলা নিৱাসী সাহিত্যিক, ‘সপোন কবি’ খ্যাত মহেন্দ্ৰ নাথ হাজৰিকা। এই খবৰে বৃহত্তৰ বৰহোলাবাসীক আনন্দিত আৰু গৌৰৱান্বিত কৰি তুলিছে। বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ মহেন্দ্ৰ নাথ হাজৰিকাই ইয়াৰ পূৰ্বে যোৰহাট জিলা সাহিত্য সভাৰ উপ-সভাপতি হিচাপে দায়িত্ব পালন কৰি আছিল। ভালেসংখ্যক গ্ৰন্থ, কবিতা, গল্প আদি ৰচনাৰে হাজৰিকাই দীৰ্ঘবছৰে সাহিত্য চৰ্চা অব্যাহত ৰখাৰ লগতে সাহিত্যৰ ক্ষেত্ৰখনত অঞ্চলটোৰ নাম জিলিকাই ৰাখিবলৈ সক্ষম হৈছে। এই ক্ষণত কালি মহেন্দ্ৰ নাথ হাজৰিকালৈ বৰহোলা মহাবিদ্যালয়ৰ প্ৰবক্তা অমল সোণোৱাল, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ যোৰহাট জিলাৰ সভাপতি বিজয় হাজৰিকা, বৰহোলা আঞ্চলিক সমিতিৰ সভাপতি দেৱজিৎ পাঠক, বৰহোলা সাংবাদিক সন্থাৰ সম্পাদক অজয় শইকীয়া, সভাপতি মণ্টু কোঁৱৰ, সেউজী কানন শাখা সাহিত্য সভাৰ সভাপতি ৰূপা নেওগ হাজৰিকা, সম্পাদক যদুমণি চুতীয়াকে ধৰি আছু, বীৰ লাচিত সেনাৰ বৰহোলা আঞ্চলিক সমিতি আদি বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান, শুভাকাংক্ষী ৰাইজে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে।‌ মহেন্দ্ৰ নাথ হাজৰিকাৰ নেতৃত্বত যোৰহাট জিলা সাহিত্য সভা অধিক সবল হৈ উঠিব বুলিও বহুজনে আশা প্ৰকাশ কৰিছে।

প্ৰেৰক অজয় শইকীয়া

You might also like