নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ গোৱালপৰীয়া লোকগীতৰ সাম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ অহা ২৭ ডিচেম্বৰৰ ২০ সংখ্যক মৃত্যুবার্ষিকী সৈতে সংগতি ৰাখি উদ্যোগত সিদিনা ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত দিনযোৰা কাৰ্য্যসূচীৰ আয়োজন কৰা হোৱা বুলি উদ্যোক্তা গোষ্ঠী ধুবুৰীৰ ‘চান্দৰডিংগা ফাউণ্ডেচন’ৰ তৰফৰ পৰা অৱগত কৰা হৈছে। উক্ত কাৰ্য্যসূচীৰ সৈতে সংগতি ৰাখি তথা ধুবুৰীৰ ইতিহাস প্ৰসিদ্ধ সাংস্কৃতিক ক্ষেত্ৰসমূহ বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ লক্ষ্যেৰে “ধুবুনীৰ পৰা ধুবুৰীলৈ – এক বৰ্ণিল যাত্ৰা” শীৰ্ষক এক আকৰ্ষণীয় তথ্যচিত্ৰও সিদিনা আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হ’ব বুলিও জানিব পৰা গৈছে। কাৰ্য্যসূচী অনুসৰি, অহা ২৭ ডিচেম্বৰৰ পুৱা ৯-৩০টা বজাত ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত ‘চান্দৰডিংগা ফাউণ্ডেচন’ৰ সভাপতি তথা প্ৰয়াত প্ৰতিমা পাণ্ডে বৰুৱাৰ ভাতৃ প্ৰৱীৰ বৰুৱাৰ পতাকা উত্তোলনেৰে “প্ৰতিমা – ২০২২” শীৰ্ষক সেই বিশেষ কাৰ্য্যসূচীৰ শুভাৰম্ভ ঘটিব। কাৰ্য্যসূচী অনুসৰি দিনৰ ১০ বজাত শ্বহীদ তৰ্পণ কাৰ্য্যসূচীৰ পিছত বিয়লি ৩-৩০ টা বজাৰ পৰা আৰম্ভ হ’ব স্মৃতিচাৰণ সভা। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পূৰ্বোত্তৰৰ সহঃ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা মুখ্যবক্তাৰূপে উপস্থিত থাকিবলগীয়া সেই কাৰ্য্যসূচীত আমন্ত্ৰিত অতিথি ৰূপে ধুবুৰী জিলাৰ অভিভাবক মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু কে. এ. চি. ৰ মুখ্য কাৰ্যবাহী পৰিষদ গকুল বৰ্মন উপস্থিত থাকিব বুলি উদ্যোক্তা গোষ্ঠীয়ে জনাইছে। স্মৃতিচাৰণ সভাখনৰ অন্তত বহু প্ৰত্যাশিত “ধুবুনীৰ পৰা ধুবুৰীলৈ – এক বৰ্ণিল যাত্ৰা” শীৰ্ষক তথ্যচিত্ৰখনৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰিব অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই। সন্ধিয়া ৬টা বজাত ধুবুৰী জিলাৰ উপায়ুক্ত দিৱাকৰ নাথে আনুষ্ঠিনক ভাৱে উদ্বোধন কৰা সাংস্কৃতিক সন্ধিয়াৰ কাৰ্য্যসূচীত অসমৰ জনপ্ৰিয় শিল্পী জুৱিন গাৰ্গৰ উপৰিও ভূগু কাশ্যপ, নিলোৎপল বৰা, আচুৰ্য বৰপ্ৰাত্ৰ, শ্ৰুতি বুজৰবৰুৱা আৰু অন্যান্যই গীত পৰিৱেশন কৰিব।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী