বিশেষ বাৰ্তা, ৯ জুনঃ বাৰিষাৰ আগমনৰ লগে লগে নলবাৰী জিলাৰ বহুকেইটা বাট-পথক লৈ গভীৰ চিন্তিত হৈ পৰিছে পথচাৰীসকল। জিলাখনৰ দক্ষিণ প্ৰান্তৰ মাজদিয়াত পথৰ ওপৰত থকা এটা ভগা কালভাৰ্টে বিপদ মাতিছে ৰাইজলৈ। বহুদিন ধৰি উক্ত কালভাৰ্টটোৰ মাজৰ অংশ ভাঙি থকাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় জনপ্ৰতিনিধিৰ চকুত নপৰাত স্থানীয় ৰাইজ ক্ষুদ্ধ হৈ পৰিছে। নলবাৰী চ’ক বজা -চান্দকুছি লোকনিৰ্মাণ পথৰ পৰা (খণ্ড প্ৰা: শিক্ষা বিষয়াৰ কাৰ্যালয় সমীপৰ) মাজদিয়া হৈ বি এড কলেজ সংলগ্ন পথৰটোত থকা উক্ত ভগ্ন কালভাৰ্টটোৱে সম্প্ৰতি যাতায়াত বিঘ্নিত কৰি তুলিছে। বিশেষকৈ চাইকেল, বাইক আৰোহী বিপদত পৰাৰ আশংকা কঢ়িয়াই আনিছে বিধ্বস্ত কালভাৰ্টটোৱে। উপায়হীন হৈ স্থানীয় লোকে বাঁহৰ জেং পুতি বিপদৰ সংকেট দিছে। ইপিনে, ক্ষুব্ধ একাংশ লোকে অভিযোগ কৰা মতে, লোকনিৰ্মাণ বিভাগ আৰু স্থানীয় গাঁও পঞ্চায়তৰ জনপ্ৰতিনিধিয়ে আজিলৈকে ভগা কালভাৰ্টটোৰে যাতায়াত বিপদমুক্ত কৰাৰ বাবে কোনো ব্যৱস্থা হাতত লোৱা নাই।
প্ৰেৰক অৰূপ বৰ্মন