মাজুলীৰ ৪৭ ভকত ভাগিনৰে দিছপুৰৰ আৱাসত মুখ্যমন্ত্রীৰ নৈশভোজ
গুৱাহাটীত চিৰিয়াখানা–তাৰকাগৃহ্ চাই অভিভূত ভাগিন
নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্রীৰ আমন্ত্রণমর্মে মাজুলীৰ দক্ষিণপাট সত্র আৰু আউনীআটী সত্রৰ ৪৭গৰাকী ভকত ভাগিনৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বুধবাৰে নৈশ আহাৰ গ্রহণ কৰিলে৷ মুখ্যমন্ত্রীৰ দিছপুৰস্থিত চৰকাৰী আৱাসত মুখ্যমন্ত্রী ড০ শর্মাৰ সৈতে নৈশ আহাৰ গ্রহণ কৰাৰ পূর্বে ভাগিনহঁতে তেওঁলোকৰ অতি মৰমৰ মামাৰ সুস্বাস্থ্য কামনাৰে প্রার্থনা কৰাৰ লগতে সত্রীয়া সংস্কৃতি প্রদর্শনেৰে মামাৰ মংগল কামনা কৰে৷ গুৰু বন্দনাৰ পৰা মাটি আখৰালৈকে বিভিন্ন সত্রীয়া সংস্কৃতিৰ প্রদর্শনো কৰে৷ ভাগিনহঁতে মুখ্যমন্ত্রী ড০ শর্মাক সম্বর্ধনা জনোৱাৰ লগতে মুখ্যমন্ত্রীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি মধুৰ বার্তালাপতো মিলিত হয়৷ নৈশ আহাৰ গ্রহণৰ পূর্বে হৰিধ্বনি আৰু প্রার্থনা কৰে৷ নৈশ আহাৰত মাটিমাহৰ আঞ্জা, মাছৰ ব্যঞ্জন, মচুৰ দাইলকে ধৰি কেইবাবিধ দাইল, বেঙেনা পিটিকা, টোপোলা ভাত, চালাড, আছাৰ আদিৰ লগতে বিভিন্ন থলুৱা খাদ্য প্রদান কৰা হয়৷ আহাৰ গ্রহণৰ মাজতেই ভাগিনহঁতে মুখ্যমন্ত্রী ড০ শর্মাক মাজুলীত ভাওনা চাবলৈ অনুৰোধ জনায়৷
ইয়াৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তেওঁ এইবাৰ মাজুলীলৈ গৈ ওৰেনিশা ভাগিনহঁতৰ সৈতে ভাওনা উপভোগ কৰিব৷ মুখ্যমন্ত্রী ড০ শর্মাই লগতে উত্তৰ গুৱাহাটীৰ দলংখন হৈ উঠিলে ভাগিনহঁতক গুৱাহাটীলৈ আনি উত্তৰ গুৱাহাটীলৈ নিয়াৰ লগতে ৰোপ ৱে’ত উঠোৱাৰ উপৰি উৰাজাহাজতো উঠোৱাৰ ব্যৱস্থা কৰিব৷ ভাগিনহঁতে কালিয়েই তেওঁলোকক উৰাজাহাজেৰে ওভতাৰ ব্যৱস্থা কৰাৰ প্রসংগ উত্থাপন কৰাত মুখ্যমন্ত্রী ড০ শর্মাই অহাবাৰ তেওঁলোকক যোৰহাটৰ পৰা উৰাজাহাজেৰে গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰিব বুলি প্রতিশ্রুতি দিয়ে৷
ভাগিনহঁতৰ সৈতে মুখ্যমন্ত্রী ড০ শর্মাই নৈশ আহাৰ গ্রহণ কৰাৰ সময়ত মুখ্যমন্ত্রীৰ পত্নী ৰিণিকি ভূঞা শর্মা আৰু কন্যাই সমগ্র ব্যৱস্থাৰ তদাৰক কৰে৷ ভাগিনহঁত মুখ্যমন্ত্রীৰ বাসগৃহত উপস্থিত থকাৰ সময়ত মন্ত্রী অতুল বৰা, কেশৱ মহন্ত, বিমল বৰা, যোগেন মহন, মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱা, বিধায়ক বলীন চেতিয়া, দিগন্ত কলিতা আদিও উপস্থিত থাকে৷ নৈশ আহাৰৰ অন্তত মুখ্যমন্ত্রী ড০ শর্মাই ভাগিনহঁতক একোটাকৈ উপহাৰৰ টোপোলা আগবঢ়ায়৷ ইপিনে মুখ্যমন্ত্রীৰ আমন্ত্রণমর্মে মঙলবাৰে গুৱাহাটীত উপস্থিত হোৱা ভাগিনহঁতে বুধবাৰে দিনৰ ভাগত গুৱাহাটীৰ চিৰিয়াখানা, তাৰকাগৃহ আৰু ছায়েন্স মিউজিয়ামলৈ যায়৷ গুৱাহাটীৰ চিৰিয়াখানাত তেওঁলোকে বাঘ, সিংহ, ভালুক, গঁড়, পহু, ঘঁৰিয়াল, জলহস্তী, হলৌ বান্দৰকে ধৰি বিভিন্ন চৰাই–চিৰিকটি চাই অভিভূত হৈ পৰে৷ আনকি চিৰিয়াখানাখনত থকা ‘চুমি’ নামৰ মইনা চৰাইটোৰ সৈতে ভাগিনহঁতে উমলে৷ সেইদৰে তাৰকাগৃহত ভাগিনহঁতে সৌৰজগতৰ বিভিন্ন গ্রহ–উপগ্রহ আৰু বিভিন্ন নক্ষত্র আদিৰ লগতে প্রযুক্তিবিদ্যা চাই অভিভূত হয়৷ ইয়াৰ পাছতে তেওঁলোকে ছায়েন্স মিউজিয়ামলৈ যায়৷