নিয়মীয়া বাৰ্তা, ১৪,মে’ : মাজুলীত দুদিনীয়া ভ্ৰমনসূচীৰে কালি নিশা আহি উপস্থিত হোৱা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি মাজুলীৰ উপায়ুক্তৰ সভাকক্ষত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। বিশেষকৈ উক্ত সভাত ফ’ৰটিফাইড চাউল, নতুন ৰেচন কাৰ্ড, অমৃত সৰোবৰ, প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ), মহাত্মা গান্ধী এনৰেগা, পঞ্চদশ বিত্তীয় আয়োগ আদি বহুকেইটা বিষয়ত জিলা ভিত্তিক খটিয়ান লয়। মন্ত্ৰী গৰাকীয়ে বিভাগীয় পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত কয় যে-প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, অমৃত সৰোবৰকে ধৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ আচনি ৰূপায়ণত মাজুলী জিলাৰ কাম-কাজ সন্তোষজনক হৈছে। আজি আমি এটা কথা জনাবলৈ বিচাৰোঁ যে মাজুলীত উৎপাদিত থলুৱা সামগ্ৰী সমূহক মাজুলী ব্ৰেণ্ড হিচাপে ৰাজ্য চৰকাৰে এতিয়াৰে পৰা অগ্ৰাধিকাৰ দিব। মাজুলী নামটোক লৈ অসমৰ মানুহৰ এটা আৱেগিক সম্পৰ্ক আছে। মাজুলীৰ উৎপাদিত সামগ্ৰীৰে গুৱাহাটীত এখন মেলা কৰাৰ সিদ্ধান্ত লোৱা হৈছে।সেই মেলাৰ জড়িয়তে মাজুলীৰ ৩০ হাজাৰ মহিলাৰ উৎপাদিত সামগ্ৰী সমূহ অসমৰ বিভিন্ন স্থানলৈ লৈ যোৱাৰ এক আভিলাসী প্ৰচেষ্টা হাতত লৈছোঁ বুলি উল্লেখ কৰে। ইফালে পুৱাই মাজুলীৰ লোহিত নদীৰ পাৰত প্ৰাতঃ ভ্ৰমণ কৰাৰ পিছতেই মন্ত্ৰী গৰাকীয়ে মাজুলীৰ উত্তৰ কমলাবাৰী, ঐতিহাসিক আউনীআটী সত্ৰ আৰু নতুন কমলাবাৰী সত্ৰ পৰিদৰ্শন কৰে। মন্ত্ৰী গৰাকীয়ে উত্তৰ কমলাবাৰী সত্ৰত মঞ্জিৰা তাল বজোৱাৰো শিক্ষা গ্ৰহণ কৰে। আনহাতে মন্ত্ৰী গৰাকীক দেশ তথা ৰাজ্যৰ সাম্প্ৰতিক ৰাজনীতিৰ সন্দৰ্ভত সাংবাদিক সোধা কেইটামান প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে। বিশেষকৈ এ আই ইউ ডি এফে বিজেপি বিৰোধী একত্ৰিত দল সমূহৰ সৈতে চামিল হবলৈ দলটোৰ নেতৃত্বই নিতিশ কুমাৰকে ধৰি ৰাষ্ট্ৰীয় দল সমূহৰ ৰাষ্ট্ৰীয় নেতা সমূহক লগ ধৰা সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ প্ৰতিক্ৰিয়া বিচৰাত মন্ত্ৰী গৰাকীয়ে কয় যে এ আই ইউ ডি এফটো এটা পাৰ্টি হ’ল নেকি বুলি মন্তব্য কৰে। ইফালে সদ্য ঘোষিত কৰ্ণাটক বিধান সভা নিৰ্বাচনত বিজেপি শোচনীয় পৰাজয় সন্দৰ্ভত সোধা আন এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে-কৰ্ণাটকত চৰকাৰ পৰিৱৰ্তন কৰাৰ এক পৰম্পৰা আছে। তাত আমাৰ চৰকাৰ যিহেতু আছিল গতিকে তাৰ জনসাধাৰণে এবাৰ শাসক দলক বিচাৰে আৰু এবাৰ বিৰোধীক বিচাৰে। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা সকলে যথেষ্ট কষ্ট কৰিছিল। তাৰ ৰাইজৰ জনাদেশক সন্মান জনাইছোঁ। আগন্তুক দিনত আমাৰ কৰবাত যদি কিবা ভুল হৈছিল আমি বিশ্লেষণ কৰিব লাগিব। মই ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি হিচাপে আগন্তুক লোকসভা, পঞ্চায়ত নিৰ্বাচনৰ বাবে আমাৰ কাৰ্যকৰ্তা সকলক চৰকাৰ আছে বুলি অহংকাৰ ভাৱ এৰি কামত লাগিবলৈ আহ্বান জনাইছোঁ। আনহাতে কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলে আগন্তুক নিৰ্বাচন সমূহত প্ৰভাৱ পেলাব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে-ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন এই চৰকাৰে মানুহৰ হৃদয়ত স্থান পাইছে। গতিকে যেতিয়ালৈকে ভাৰতীয় স্বাভিমান, অসমীয়া স্বাভিমান থাকিব তেতিয়ালৈকে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ থাকিব। সেইবোৰ আধাৰতে কাম-কাজ কৰি থকা হৈছে। গতিকে কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলে অসমত তিল মাত্ৰও প্ৰভাৱ নপৰে বুলি তেওঁ উল্লেখ কৰে।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড