নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰ : সত্ৰভূমি মাজুলীত দিনকদিনে বৃদ্ধি হৈ অহা খীষ্টানৰ আগ্ৰাসনক লৈ মাত মাতি আহিছিল গৃহাশ্ৰমী সত্ৰৰ সত্ৰীয়া জনাৰ্দ্দন দেৱ গোস্বামীয়ে ৷ মাজুলীত খৃষ্টান আগ্ৰাসনৰ বিষয়ত ক্ষোভ প্ৰকাশ কৰি দক্ষিন পাটৰ গৃহাশ্ৰমী সত্ৰৰ সত্ৰীয়া জনাৰ্দন দেৱগোস্বামীয়ে মাজুলীত দুৰ্গা পূজাৰ পোষকতা কৰাৰ বিৰ্তক চলি থকাৰ মাজতে পুনৰ জনাৰ্দ্দন দেৱ গোস্বামীয়ে জগতগুৰু খ্যাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত বহু আপত্তি জনক মন্তব্য কৰাত সমগ্ৰ অসমৰ লগতে মাজুলীতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ সামাজিক মাধ্যমত এক প্ৰকাৰে এক প্ৰতিবাদৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে। গোস্বামীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত গোচৰো তৰিছে মাজুলীৰ যুৱক পৰাগ কলিতাই। সমগ্ৰ অসমতেই সত্ৰীয়া জনৰ ওপৰত অসমৰ ৰাইজ ৰুষ্ট হৈ পৰিছে। মাজুলীৰ সত্ৰাধিকাৰ প্ৰমূখ্যে বিভিন্ন সংগঠনে সংবাদ মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সত্ৰীয়া জনক বাক্য বানেৰে থকা- সৰকা কৰা পৰিলক্ষিত হৈছে। ইফালে আজি মাজুলী জিলা সত্ৰ মহাসভাৰ উদ্যোগত নতুন কমলাবাৰী সত্ৰত অসম সত্ৰ মহাসভাৰ কাৰ্যকৰী সভাপতি তথা গড়মূৰ সৰু সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীহৰিদেৱ গোস্বামীৰ সভাপতিত্ব এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাত বহু দল সংগঠনৰ প্ৰতিনিধি আৰু বিভিন্ন সত্ৰৰ প্ৰতিনিধি তথা বিভিন্ন গাঁৱৰ ৰাইজে উপস্থিত থাকে। আজি অলপ দিনৰ পূৰ্বে অসম সত্ৰ মহাসভাৰ পৰা বহিষ্কাৰ হোৱা এইগৰাকী জনাৰ্দ্দন গোস্বামী কোনো সত্ৰৰ সত্ৰাধিকাৰ নহয় বা তেওঁৰ কোনো সত্ৰই নাই সেই কথা ঐতিহাসিক দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰে স্পষ্ট কৰি দিয়াত কেৱল চৰকাৰে দিয়া সুবিধা ল’বলৈ নিজে সত্ৰাধিকাৰ বুলি জাহিৰ কৰাটো সভাই নিশ্চিত কৰে। তদুপৰি হিন্দু মহাসংঘৰ সভাপতি ৰূপে এনে উদ্ভট মন্তব্য কৰাৰ আৰত তৃতীয় শক্তি জড়িত আছে বুলি সভাত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তব্য ডাঙি ধৰে। তদুপৰি খৃষ্টান আগ্ৰাসন ৰোধ কৰাৰ নামত মাজুলীৰ কোটিকলীয়া সম্প্ৰতিৰ থলিত বৃষবৃক্ষ ৰোপন কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱকো তুচ্ছ তাচ্ছিল্য কৰাৰ দু:সাহস কৰা এই গৰাকী লোকৰ ওপৰত ব্যবস্থা নললে ভবিষ্যতৰ দিনত মাজুলীৰ ধৰ্মীয়, সামাজিক, সাংস্কৃতিক দিশত এক অশুভ পৰম্পৰা অৱনতি সংকেট বুলি বিবেচনা কৰি সভাত বিশিষ্ট লোক সকলে মত পোষণ কৰে। সভাত সৰ্ব সন্মতি ক্ৰমে বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰস্তাৱত উল্লেখ থকা অনুসৰি জনাৰ্দন গোস্বামীৰ অক্ষমণীয় অপৰাধৰ বাবে ৰাজহুৱা সভাযোগে অহা ২৪ ঘণ্টাৰ ভিতৰত ক্ষমা খুজিবলৈ সভাই দাবী জনায় আৰু ভবিষ্যতে এনে ধৰণৰ বিতৰ্কিত মন্তব্য নকৰিবলৈ সকিয়াই দিয়ে। আনহাতে ২৪ ঘণ্টাৰ ভিতৰত ব্যবস্থা নললে আজিৰ সভাই আদালতৰ যোগে গোচৰ তৰিবলৈ অসম সত্ৰ মহাসভাই কুণ্ঠাবোধ নকৰিব বুলি নিশ্চিত কৰি প্ৰস্তাৱ গ্ৰহণ কৰে। আনহাতে এইগৰাকী সত্ৰীয়া মাজুলীৰ সত্ৰ সমাজ আৰু গ্ৰাম্য সমাজে সমাজৰ সকলো দিশতে বৰ্জনীয় কৰাৰ আন এক প্ৰস্তাৱ সভাই গ্ৰহণ কৰে।সভাত উপস্থিত থাকি পুৰণি চামগুৰি সত্ৰৰ উদ্যোগত অনুষ্ঠিত হবলগীয়া অসম অংকীয়া ভাওনা সমাৰোহৰ উদযাপন সমিতিৰ সভাপতি তাৰা মহন্তই কালিলৈ হ’ব লগীয়া সমাৰোহৰ এখন সভাত জনাৰ্দন গোস্বামীক সকলো বিষয় বাবৰ পৰা অব্যাহতি দিয়া হব বুলি সদৰি কৰে। সভাই বৰ্তমান মাজুলীত অসমৰ বাহিৰৰ কিছুমান ধৰ্মীয় উপকৰণে গা কৰি উঠা লক্ষ্য কৰি সত্ৰীয়া সংস্কৃতিত আঘাট হানিব খোজা বিষয়ত আশ্চৰ্যকৰ উত্থান ৰোধ কৰাৰ বাবে মাজুলী জিলাৰ উপায়ুক্তলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰি নিৰাময়ৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। সভাত নতুন কমলাবাৰী সত্ৰৰ সত্যজিৎ মহন্ত,মহেশ গোস্বামী,ৰামসাগৰ নাথ, লোহিত বৰা,ভ আনন্দ হাজৰিকা,ৰেনুমালা দত্ত, প্ৰসন্ন গোস্বামী, গোবিন কুমাৰ খাউণ্ড,অনিল দত্ত,যুগল হাজৰিকা, আদি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তব্য ৰাখে। সভাখনৰ আঁত ধৰে সম্পাদক পুতুল মহন্তই।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড