মাজুলীৰ উন্নয়নৰ কাৰণে আত্মনিয়োগ কৰি যাবলৈ মই প্ৰতিশ্ৰুতিবদ্ধঃ ভুবন গাম
মাজুলীত হোলী গীত, আতচবাজীৰে বিজয় উল্লাস বিজেপি মিত্ৰজোটৰ সমৰ্থকৰ
নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ মাজুলী বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচনত বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী ভুবন গাম জয়ী হয়। আজি হোৱা ভোট গণনাত বিজেপিৰ ভুবন গামে অন্তিম ৰাউণ্ডৰ শেষত মুঠ ৬৭,২৪২ টা ভোট লাভ কৰি অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰীক ৪২,১৪১ টা ভোটাৰ বৃহৎ ব্যৱধানত পৰাজিত কৰি বিজয় সাব্যস্ত কৰে। অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰীয়ে মুঠ ২৫,১০১ টা ভোট লাভ কৰি দ্বিতীয় স্থানত থাকে। ইফালে এছ.ইউ.চি.আই কমিউনিষ্ট দলৰ ভাইটি ৰিচঙে মুঠ ২,২৪৩ ভোট লাভ কৰে। আনহাতে এইবাৰ মাজুলী সমষ্টিত লক্ষণীয় ভাৱে মুঠ ১,৬২০ টা ন’টা ভোটো পোৱা যায়।
পুৱা ৮ বজাৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত সম্পূৰ্ণ কভিড প্ৰটকল অনুসৰি মাজুলী জিলা উপায়ুক্তৰ কাৰ্যালয়ত ১৪ টা ৰাউণ্ডত তিনিটা কোঠাৰ মুঠ ১৭ খন টেবুলত ভোট গননা অনুষ্ঠিত হয়। প্ৰথম ৰাউণ্ডৰ ভোটগননাৰ পৰাই বিজেপিৰ ভুবন গামৰ অগ্ৰগতি পৰিলক্ষিত হয়। সেই অনুসৰি ক্ৰমে প্ৰথম ৰাউণ্ডত বিজেপিৰ ভুবন গামে ৪,৮৪১ টা আৰু তেওঁৰ মূল প্ৰতিদ্বন্দী অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰীয়ে ১,১৫৫ টা আৰু এছ.ইউ.চি.আই কমিউনিষ্ট দলৰ ভাইটি ৰিচঙে ৬৪ টা ভোট লাভ কৰে। দ্বিতীয় ৰাউণ্ডত বিজেপিৰ ভুবন গামে ৪,৩৩২ টা,অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰীয়ে ১,৩৬০ টা আৰু এছ.ইউ.চি.আই কমিউনিষ্ট দলৰ ভাইটি ৰিচঙে ১১৬ টা ভোট লাভ কৰে। তৃতীয় ৰাউণ্ডত বিজেপিৰ ভুবন গামে ৪,৩৩৯ টা,অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰীয়ে ১,৯৭২ টা আৰু এছ.ইউ.চি.আই কমিউনিষ্ট দলৰ ভাইটি ৰিচঙে ১৫৩ টা ভোট লাভ কৰে। চতুৰ্থ ৰাউণ্ডত বিজেপিৰ ভুবন গামে ৫১৭৫ টা,অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰীয়ে ২০৩৮ টা আৰু এছ.ইউ.চি.আই কমিউনিষ্ট দলৰ ভাইটি ৰিচঙে ১৪৪ টা ভোট লাভ কৰে।
পঞ্চম ৰাউণ্ডত বিজেপিৰ ভুবন গামে ৪০৮৯ টা,অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰীয়ে ১৫০৩ টা আৰু এছ.ইউ.চি.আই কমিউনিষ্ট দলৰ ভাইটি ৰিচঙে ৯৮ টা ভোট লাভ কৰে। ষষ্ঠ ৰাউণ্ডত বিজেপিৰ ভুবন গামে ৪২৩০ টা,অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰীয়ে ২১৪৫ টা আৰু এছ.ইউ.চি.আই কমিউনিষ্ট দলৰ ভাইটি ৰিচঙে ১২৩ টা ভোট লাভ কৰে। সপ্তম ৰাউণ্ডত বিজেপিৰ ভুবন গামে ৩১,১২৯ টা,অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰীয়ে ১১৬৯৫ টা আৰু এছ.ইউ.চি.আই কমিউনিষ্ট দলৰ ভাইটি ৰিচঙে ৯৯৫ টা ভোট লাভ কৰে।অষ্টম ৰাউণ্ডত বিজেপিৰ ভুবন গামে ৩৬,১০৫, টা,অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰীয়ে ১৩,৩৬৬ টা আৰু এছ.ইউ.চি.আই কমিউনিষ্ট দলৰ ভাইটি ৰিচঙে ১,৪৪৫ টা ভোট লাভ কৰে। এনেদৰেই প্ৰতিটো ৰাউণ্ডতে অগ্ৰগতি লাভ কৰি বিজেপিৰ প্ৰাৰ্থী ভুবন গামে অন্তিম ৰাউণ্ডৰ শেষত মুঠ ৬৭,২৪২ টা ভোট লাভ কৰি তেওঁৰ নিকটতম প্ৰতিদ্বন্দী অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰীক ৪২,১৪১ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীয়েও মাজুলী সমষ্টিত মাত্ৰ ১৩ টা দিনৰ প্ৰচাৰ চলাই ২৫,১০১ টা ভোট লাভ কৰি এক শক্তিশালী যুঁজ দিয়ে।
উল্লেখ্য যে-সমষ্টিটোৰ এইবাৰ উপ-নিৰ্বাচনত মুঠ ১,৩৩,২২৭ গৰাকী ভোটাৰৰ বিপৰীতে ৭১.৭৬% ভোট দান হৈছিল। ইয়াৰে ৪৮,২৮৪ গৰাকী পুৰুষ ভোটাৰ আৰু ৪৭,৩১৬ গৰাকী মহিলা ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল। এই লৈ মাজুলী উপ-নিৰ্বাচনৰ ভোটদানৰ হাৰ আছিল ৭১.৭৬%। ইফালে ২০২১-ৰ বিধান সভা নিৰ্বাচনত মাজুলীৰ মুঠ ১৯৫ টা ভোট গ্ৰহণ কেন্দ্ৰত পুৰুষ আৰু মহিলা ভোটাৰ মিলি মুঠ ভোট পুল হৈছিল ১,০৪,৭০৪ টা।ইয়াৰে ৫৩,৩২০ গৰাকী পুৰুষ ভোটাৰ আৰু ৫১,৩৮৪ গৰাকী গৰাকী মহিলা ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল। এই লৈ মাজুলীত যোৱাবাৰ ভোটদানৰ হাৰ হৈছিল প্ৰায় ৮০%। কিন্তু এইবাৰ মাজুলীৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৩৩,২২৭ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ সংখ্যা হৈছে ৬৭,৮১৯ গৰাকী আৰু মহিলা ভোটাৰ সংখ্যা হৈছে ৬৫,৪০৮ গৰাকী। জিলা খনত চাৰ্ভিছ ভোটাৰ সংখ্যা হৈছে ৪০০ গৰাকী। জিলা খনত ৭ গৰাকী ডি ভোটাৰো আছিল। গতিকে এইবাৰ মাজুলীৰ উপ-নিৰ্বাচনত ৩৭,৬২৭ গৰাকী ভোটাৰে বিভিন্ন কাৰণত ভোটদানৰ পৰা বিৰত থাকিল।
মনকৰিবলগীয়া যে যোৱা ২০২১-ৰ বিধান সভা নিৰ্বাচনত মাজুলীৰ মুঠ ভোটাৰৰ ২৫,৭৬৪ গৰাকীয়েহে ভোটদান কৰা নাছিল। ইফালে হৈ যোৱা বিধান সভা নিৰ্বাচনত মাজুলীৰ পৰা বিজেপিৰ প্ৰাৰ্থী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মুঠ ৭০,৬১৮ টা ভোট লাভ কৰি তেওঁৰ নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছৰ ৰাজীৱ লোচন পেগুক ৪২,৫৭১ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল। সেইবাৰ কংগ্ৰেছৰ ৰাজীৱ লোচন পেগুৱে ২৮,০৪৭ টা ভোট লাভ কৰিছিল। কিন্তু এইবাৰো উপ-নিৰ্বাচনত মাজুলীত ভোটদানৰ হাৰ কম হোৱাৰ চৰ্তেও লক্ষণীয় ভাৱে বিজেপি প্ৰাৰ্থী ভুবন গামে ৬৭,২৪২ টা ভোট লাভ কৰি ৪২,১৪১ টা ভোটৰ ব্যৱধানত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী গৰাকীক পৰাজিত কৰি বিজয় সাব্যস্ত কৰাত মাজুলীৰ বিজেপি মিত্ৰজোটৰ সমৰ্থক সকলৰ মাজত ব্যাপক উল্লাস পৰিলক্ষিত হয়। বিজয় নিশ্চিত হোৱাৰ পিছতেই বিজেপি প্ৰাৰ্থী ভুবন গাম উপায়ুক্ত কাৰ্যালয়ৰ পৰা বিজয় চিহ্ন প্ৰদৰ্শন কৰি বাহিৰলৈ ওলাই আহে। ইয়াৰ পিছতে সমৰ্থক সকলে এখন খোলা জীপত বিজয়ী প্ৰাৰ্থী ভুবন গামক উঠাই বিজয় সমদল কৰি ফাকু গুৰি চটিয়াই, নৃত্য, গীত আৰু আতচবাজী ফুটাই আনন্দ উল্লাস প্ৰদৰ্শন কৰি গড়মূৰ স্থিত মাজুলী মিনি ষ্টেডিয়ামত উপস্থিত হয়। তাতেই মিত্ৰজোটৰ আটাইকেইটা দলৰ নেতৃ বৃন্দই বিজয়ী প্ৰাৰ্থী ভুবন গামক এডাল বৃহৎ ফুলৰ মালাৰে অভিনন্দন জনায়।
ইয়াৰ পিছতে উপস্থিত ৰাইজক মঞ্চৰ পৰাই সস্তাংগে প্ৰণাম কৰি ভাষণ প্ৰসংগত গামে কয় যে-মাজুলীবাসীৰ ওচৰত মই চিৰ কৃতজ্ঞ। আগন্তুক সময়ত সকলোকে লগত লৈ মই মাজুলীৰ উন্নয়নৰ কাৰনে আত্মনিয়োগ কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এই ক্ষেত্ৰত মই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, লক্ষীমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱাক মই বিশেষভাৱে সলাগ লৈছোঁ বুলি উল্লেখ কৰে। বিজয়ী প্ৰাৰ্থী ভুবন গামে মিত্ৰ দল অসম গণ পৰিষদ, সন্মিলিত গণশক্তি অসমৰ নেতৃত্বকো ধন্যবাদ জনায়।
ইফালে ইয়াৰ পিছতে বিজেপিৰ বিজয়ী প্ৰাৰ্থীগৰাকীয়ে গড়মূৰ স্থিত জিলা বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ দলীয় কাৰ্যকৰ্তা সকলৰ আদৰণি গ্ৰহণ কৰি পোনেই কমলাবাৰী স্থিত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কাৰ্যালয়ত উপস্থিত হৈ ভাৰত মাতাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি সেৱা লয়। ইফালে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীয়ে নিজৰ পৰাজয় স্বীকাৰ কৰি খুবেই কম দিনতে মাজুলীবাসী ৰাইজে দিয়া সহাৰিৰ বাবে ৰাইজক কৃতজ্ঞতা জনাই পৰৱৰ্তী সময়ত সততাৰ যুঁজ খন আগবঢ়াই লৈ যোৱা হ’ব বুলি উল্লেখ কৰে। ভুবন গামৰ বিজয়ত অসম গণ পৰিষদৰ মাজুলী জিলা সমিতি আৰু সন্মিলিত গণশক্তি – অসমৰ মাজুলী জিলা সমিতিয়ে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে মিত্ৰজোঁটৰ ভোটদাতা ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছে ।
প্ৰেৰকঃ ৰূপজ্যোতি বৰা