নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয় মথুৰা-বৃন্দাবনত পৰিণত মাজুলী

🔹 মাজুলীৰ ৰাসক অনন্য মাত্ৰা প্ৰদান কৰিব শিশু ৰাসে
নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰ : শৰতৰ সংগোপন আগমনত উন্মনা নদী কন্যা  মাজুলীৰ আকাশ ৷ শৰৎ কালৰে ৰাতি নিৰ্মল গগন, আকাশে চন্দ্ৰমা জ্বলে পূৰ্ণিমাৰ ৰাত্ৰি কালে, অপৰূপা ভৈল বৃন্দাবন ৷ এক কথাত দ্বিতীয় বৃন্দাবন-মথুৰালৈ পৰ্যবসিত হৈছে মাজুলী ৷ কৃষ্ণৰ বাঁহীৰ অমিয়া সুৰত আজিৰ পৰা মতলীয়া  ১৬০০ গোপী ৷ সত্ৰভূমিত এমাহজুৰি  দুপৰ নিশালৈকে চলা কৃষ্ণ জন্ম আৰু শংখচূড় বধৰ আখৰাৰ অন্তত সত্ৰীয়া-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ প্ৰধান ধৰ্মীয় উৎসৱ  শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱক লৈ আজিৰ পৰা জিলাখনৰ সৰ্বত্ৰে উদুলি-মুদুলি পৰিৱেশ । শাৰদীয় উৎসৱৰ মহাআয়োজনেৰে আজিৰ পৰা ২৯ নৱেম্বৰলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে শ্ৰীশ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা। দেশী-বিদেশী পৰ্যটক তথা ভক্ত-দৰ্শকৰ পৰা সদায়েই বিপুল সমাদৰ লাভ কৰা  ৰাস মহোৎসৱ এই বছৰো পৰ্যটকৰ  আকৰ্ষণীয় হোৱাকৈ আৰু দৰ্শকৰ পৰা সমাদৰ লাভৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ নতুন কাৰিকৰী কৌশল আৰু মহাৰাসত বিলীন হ’ব  দেশী-বিদেশী পৰ্যটক । বিগত বৰ্ষৰ তুলনাত বিশ্বৰ ভিন্ন দেশৰ পৰা অহা বিদেশী পৰ্যটকৰ সংখ্যা কমিছে যদিও সীমিতসংখ্যক  পৰ্যটকে এতিয়াও ভিৰ কৰিছে সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীত । চাৰিদিনীয়াকৈ উদযাপন হ’বলগীয়া এইবাৰ মাজুলীৰ ৰাসক ভকতিদুৱাৰ আঞ্চলিক জ্যোতি ৰংঘৰৰ শিশু ৰাসে অনন্য মাত্ৰা প্ৰদান কৰিব ৷ মাজুলীত ৰাস মহোৎসৱ উদযাপন  হৈ অহাৰ পৰাই জ্যেষ্ঠসকলেই  ৰাসৰ কংশালয়, নন্দালয় আদিত অভিনয় কৰি আহিছে ৷ কিন্তু এই সকলো ৰাস মঞ্চতকৈ সুকীয়া ভকতিদুৱাৰ অঞ্চলৰ ৰাস ৷ শিশু কংসৰ  অট্টহাস্য, সেনাপতি কালকেটোৰ উন্মাদ স্বৰূপ, বসুদেৱ, দৈৱকীৰ কৰুণ বিননিৰ প্ৰতিফলন, শিশু নন্দ, যশোদাৰ পুত্ৰপ্ৰেম, কৃষ্ণপ্ৰেমে মতলীয়া কৰিব দৰ্শকক ৷ এমাহজোৰা আখৰাৰ অন্তত আপোন পাহৰা হৈ ভকতিদুৱাৰ অঞ্চলত শিশু ৰাস মঞ্চস্থ কৰা কাৰ্য্যই শিশুসকল কোনোগুণে যে কম নহয়, সেই কথা এই মঞ্চত অভিনয় কৰা শিশুসকলে প্ৰতিফলন কৰি দেখুৱাইছে ৷ যাক  লৈ এতিয়া সকলো সত্ৰ আৰু মঞ্চৰ সমান্তৰালভাৱে ভকতিদুৱাৰ আঞ্চলিক জ্যোতি ৰংঘৰত ২৮ নৱেম্বৰত অনুষ্ঠিত হ’ব শিশু ৰাসৰ কৃষ্ণ জন্ম আৰু শংখচূড় বধৰ পৰা মহাৰাসলৈকে সকলো চৰিত্ৰতে অভিনয় কৰিব অঞ্চলটোৰ বছা বছা শিশুশিল্পীয়ে । পুৱাৰ পৰা ৰাতি দুপৰলৈকে ৰাসলীলাৰ গীত-মাতে মাজুলীক এতিয়া দ্বিতীয় মথুৰা-বৃন্দাবনলৈ পৰ্যবসিত  কৰিছে । অতিথিক আদৰিবলৈ সাজু জিলাখনৰ তিনি শতাধিক গাঁৱৰ  জনসাধাৰণ ৷
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড
You might also like