নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলী-যোৰহাট দলং হবই লাগিব :  শৃংখল চলিহা

বিশেষ বাৰ্তা, ২৫ ছেপ্টেম্বৰ : আজি মাজুলীলৈ আহে বীৰ  লাচিত সেনা অসমৰ মুখ্য সচিব শৃংখল চলিহা। মাজুলীত উপস্থিত হোৱা বীৰ লাচিত সেনাৰ মুখ্য সচিব শৃংখল চলিহাই জিলা সদৰ গড়মূৰৰ প্ৰেছ ক্লাৱত সম্বোধন কৰে এখন সংবাদ মেল। সংবাদ মেলযোগে শৃংখল চলিহাই মাজুলী-যোৰহাট সংযোগী দলংৰ নিৰ্মাণ কাম বন্ধৰ ৰখাৰ সন্দৰ্ভত কয় যে এয়া মাজুলীবাসীৰ বাবে চৰম দুৰ্ভাগ্যৰ বিষয়। দলং নিৰ্মান কাৰ্য বন্ধ ৰাখি মাজুলীবাসীক চূড়ান্ত প্ৰতাৰণা কৰা হৈছে। এইক্ষেত্ৰত কিয় চৰকাৰে উচিত পদক্ষেপ গ্ৰহণ কৰা নাই সেইটোহে লক্ষণীয় বিষয়। জানিব পাৰিছো নিৰ্মাণৰ বাবে অনা সামগ্ৰী ঘূৰাই লৈ গৈছে। এইক্ষেত্ৰত লাচিত সেনাই বাধা প্ৰদান কৰিব। দলং নিৰ্মাণ কোম্পানী বি আৰ চিৰ বাবে সমগ্ৰ মাজুলীবাসীয়ে জীয়াতু ভোগে তেন্তে দুলীয়াজানস্থিত কোম্পানী বন্ধ কৰি দিয়া হ’ব আৰু এই ক্ষেত্ৰত যদি সংঘাটৰ সৃষ্টি হ’য় তেন্তে ইয়াৰ বাবে কোম্পানীটো আৰু অসম চৰকাৰ দায়ী হ’ব। মাজুলীৰ দলঙক লৈ হেতালি খেলিবলৈ দিয়া নহ’ব বুলি স্পষ্ট মন্তব্য ৰাখে বীৰ লাচিত সেনাৰ মুখ্য সচিবগৰাকীয়ে। দলঙৰ এই দোদুল্যমান অৱস্থা সন্দৰ্ভত যদি চৰকাৰে নিজৰ স্থিতি স্পষ্ট নকৰে তেন্তে দীঘলীয়া প্ৰতিবাদ হ’ব বুলি চৰকাৰক সকীয়াই দিয়ে। মাজুলীৰ স্বাস্থ্য খণ্ডক লৈ মন্তব্য কৰি কয় যে মাজুলীৰ স্বাস্থ্যখণ্ডৰ উন্নয়ন হ’ব লাগে। চৰকাৰে গুৰুত্ব প্ৰদান কৰিব লাগে। কচুতলিৰ উচ্চেদ সন্দৰ্ভত মন্তব্য কৰি চলিহাই ক’য় যে য’ত বেদখল হৈছে তাত উচ্ছেদ কৰিবই লাগিব। আমি ইতিমধ্যে বহু জিলাত সংখ্যালঘু হৈছো। গতিকে সন্দেহযুক্ত নাগৰিকৰ পক্ষত যদি কোনোবা ৰাজনৈতিক দল থাকে তেন্তে তাক অসমৰ ৰাইজে বয়কট কৰিব। খিলঞ্জীয়া জাতি সত্তা ৰক্ষাৰ বাবে প্ৰতিবাদ হৈ থাকিব। নামনি অসম আমাৰ হাতৰ পৰা গ’ল আৰু আমি উজনি অসম ৰক্ষা কৰিবই লাগিব। ৰাজনৈতিক দল গঠনক লৈ কৰা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্তব্য কৰি ক’য় যে অসমৰ খিলঞ্জীয়া জনগনই যদি প্ৰত্যক্ষ ৰাজনৈতিক যুদ্ধ আমাৰ পৰা বিছাৰে তেতিয়া গণ অভিবৰ্ত্তনৰ যোগেৰে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। বহু লোকেই আমাৰ লগত যোগাযোগ কৰি আছে আৰু ২০২৬ চনলৈ বহু দিন আছে বুলি বিশেষ মন্তব্য কৰে নেতাগৰাকীয়ে ।
প্ৰেৰক জীৱন বৰুৱা
You might also like