✅মাজুলীৰ বালিচাপৰি টহলদাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে ধন দাবীৰ বিস্ফোৰক অভিযোগ
✅লুভীয়া আৰক্ষী বিষয়া দ্বীপজ্যোতি কাকতিৰ বিৰুদ্ধে গোচৰ ভুক্তভোগী পৰিয়ালৰ:
✅আৰক্ষী সঞ্চালকপ্ৰধানলৈ টুইটৰ পাছতে মাজুলী আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে:
✅অভিযোগকাৰী আনন্দ নাথে বৰ্ণনা কৰিলে আৰক্ষীৰূপী ডকাইতৰ কৰ্মকাণ্ড
বিশেষ বাৰ্তা, ১৩ জুন : পুনৰ অসম আৰক্ষীৰ দূৰ্নীতিগ্ৰস্ত বিষয়াই মাজুলীত সংঘটিত কৰিলে এক গৰ্হিত কাৰ্য। মাজুলীৰ মেৰুৱাবাৰী গাঁৱৰ দিব্যজ্যোতি নাথ নামৰ যুৱকজনে দেওবাৰে নিশা মাজুলীৰ এখন গাঁৱত ভাওনা চাবলৈ গৈছিল। ভাওনা শেষ কৰি দিব্যজ্যোতিয়ে নিজ ঘৰ মেৰুৱাবাৰীলৈ উভতি নাহি নামনি মাজুলীৰ বাঘগাৱৰ শহুৰেকৰ ঘৰত নিশা থাকিবলৈ যাওঁতে বাঘগাওঁত এক লোমহৰ্ষক কাণ্ড সংঘটিত হয়। ঘটনা অনুসৰি নিশা গাঁৱত প্ৰৱেশ কৰা যুৱকজনক সন্দেহবসতঃ গাঁৱৰ একাংশ লোকে নিৰ্মমভাৱে যুৱকজনক প্ৰহাৰ কৰে। মুমুৰ্ষ অৱস্থাত থকা যুৱক জনক স্থানীয় এজন লোকে চিনি পাই বালি চাপৰি তহলদাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক ঘটনাটো অৱগত কৰাত আৰক্ষীয়ে যুৱকজনক উদ্ধাৰ কৰি আৰক্ষী তহলদাৰী চকীলৈ আনে । এই ঘটনাৰ পাছত যুৱকজনক যথা সময়ত চিকিৎসা নকৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে দিব্যজ্যোতি নাথৰ পিতৃ আনন্দ নাথৰ পৰা আৰক্ষী বিষয়া দ্বীপজ্যোতি কাকতীয়ে পাঁচ হাজাৰ টকা দাবী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।এজাক উন্মত্ত লোকে নিৰ্দোশী এজন যুৱকক সত্ৰপীঠ মাজুলীত মৰেল পুলিচিঙেৰে অভি-নীল কাণ্ডৰ দৰে অতি নিৰ্দয়ভাৱে প্ৰহাৰ কৰা ঘটনা আৰু জনতাৰ সুৰক্ষাৰ বাবে থকা আৰক্ষী বিষয়াৰ ধন দাবী ঘটনাৰ উচিত তদন্ত বিচাৰি ভুক্তভোগী পৰিয়ালে আৰক্ষী সঞ্চালক প্ৰধানলৈ টুইট কৰাৰ পাছতে এই ভয়ংকৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে মাজুলী আৰক্ষীয়ে।দিব্যজ্যোতি নাথৰ পিতৃয়ে গড়মূৰ আৰক্ষী থানাত-কেছ নম্বৰ ৩৯/২৩ ত গোচৰ ৰুজু কৰিছে আৰু এই ঘটনাৰ সৈতে জড়িত দোষীক কৰায়ত্ব কৰাৰ লগতে আৰক্ষী বিষয়া দ্বীপজ্যোতি কাকতিৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ জনাইছে ভুক্তভোগী পৰিয়ালটোৱে।ইফালে অসম আৰক্ষীৰ নাক কটা এই কাণ্ডাই মাজুলীৰ আৰক্ষীক নাক কাটি লে বুলি সচেতন মহলে সমালোচনা মুখৰ কৰি তুলিছে মাজুলী। ৰাইজৰ মতে অসম আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ নিকা আৰু স্বচ্ছ নিযুক্তিৰ ফলত এটকাও নিদিয়াকৈ চাকৰি পোৱা অসম আৰক্ষীৰ এছ আই দ্বীপজ্যোতি কাকতিয়ে কিয় এনে আশাত পন্থাৰ দোষ দৰিদ্ৰ লোকৰ পৰা ডকাইতৰ দৰে ধান দাবী কৰিছে সেই সন্দৰ্ভত অসম আৰক্ষীয়ে যে দুৰ্নীতি চূড়ান্ত ভাবে চলি আছে সেই কথাকেই পতিয়ন হোৱা বুলি সচেতন ৰাইজে মন্তব্য কৰিছে।
প্ৰেৰক জীৱন বৰুৱা