বিশেষ বাৰ্তা, ১৯ অক্টোবৰ : দক্ষিণপাট গৃহাশ্ৰমী সত্ৰীয়া অধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে মাজুলী সন্দৰ্ভত কোৱা কেইটামান বক্তব্যক কেন্দ্ৰ কৰি সমগ্র মাজুলীৰ লগতে ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰথম অৱস্থাত আশ্ৰমী সত্ৰীয়াগৰাকীয়ে মাজুলীত খ্ৰীষ্টানৰ আগ্ৰাসনৰ প্ৰসংগত সংবাদ মাধ্যমত মন্তব্য দিবলৈ গৈ কৈছিল যে মাজুলীত যদি কেৰ’লৰ ধ্বনি শুনিব পাৰোঁ, আজান যদি শুনিব পাৰোঁ তেন্তে দুৰ্গা পূজাৰ মন্ত্ৰ শুনাতো আপত্তি নাই বুলি মন্তব্য কৰিছিল। এই মন্তব্যৰ পিছতেই সমগ্র মাজুলীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত উক্ত মন্তব্যৰ তীব্ৰ বিৰোধিতা অব্যাহত থকা সময়তে পুনৰ দ্বিতীয়বাৰৰ বাবে জনাৰ্দন দেৱ গোস্বামীয়ে- আমাক জোৰ কৰি অকল শংকৰদেৱক গুৰু বুলিবলৈ বাধ্য নকৰিব। শংকৰদেৱক আমি গুৰু বুলি কোৱা নাই। তেওঁ তিৰোতা, ব্ৰাহ্মণ আৰু ৰজাক শৰণ দিয়া নাই। শংকৰদেৱে নামঘৰ প্ৰতিষ্ঠা কৰিছিল। দামোদৰদেৱে সত্ৰ প্ৰতিষ্ঠা কৰিছিল। শংকৰদেৱ এগৰাকী ভাল সাতোৰবিদ তথা মল্লযোদ্ধাও আছিল বুলি বিতৰ্কিত মন্তব্য কৰিছিল। পুনৰ এই মন্তব্যৰ পিছতেই সমগ্ৰ অসমজুৰি সত্ৰাধিকাৰগৰাকীৰ এই মন্তব্যক ঘৃণাৰে উপচাই দিছে বিভিন্ন জনে। সত্ৰাধিকাৰগৰাকীৰ এই মন্তব্যসমূহৰ সন্দৰ্ভত শেহতীয়াকৈ মুখ খুলিছে বিতৰ্কিত জনাৰ্দন দেৱ গোস্বামীৰ জ্যেষ্ঠ ভাতৃ তথা দক্ষিণপাট সত্ৰৰ অধিকাৰ ননী গোপাল দেৱ গোস্বামীয়ে। সত্ৰাধিকাৰগৰাকীয়ে এই সন্দৰ্ভত কয় যে জনাৰ্দন দেৱ গোস্বামী সত্ৰাধিকাৰ নহয়। তেওঁ এজন সত্ৰীয়াহে। দক্ষিণপাট সত্ৰত এজন জীৱিত কালত দ্বিতীয় জন সত্ৰধিকাৰ নাথাকে। তেওঁ এজন সত্ৰীয়াহে বা বাজৰ জন সত্ৰীয়া বুলি হে জনা যায়। সংবাদ মাধ্যম আৰু সত্ৰ মহা সভাইহে তেওঁক সত্ৰধিকাৰ সজাইছে বুলি মন্তব্য কৰে। তেওঁ আৰু কয় যে-তেওঁৰ মন্তব্যৰ লগত দক্ষিণপাট মূল সত্ৰৰ সত্ৰাধিকাৰ বা বৈষ্ণৱ সহমত নহয় আমি। যদি শংকৰদেৱক কোনো লোকে জগত গুৰু বুলি কবলৈ অস্বীকাৰ কৰে বা বেয়া পায় তেখেত মাজুলীৰ লগতে অসমৰ পৰা বাহিৰলৈ গুচি যাব লাগে। শংকৰ দেৱ ,হৰিদেৱ, দামোদৰ দেৱ একে কায়া। গুৰুৰ ভিন্নতা নাই। দক্ষিণপাট সত্ৰই শংকৰদেৱৰ পৰম্পৰা জীয়াই ৰাখিছে। দক্ষিণপাট সত্ৰত গুৰু আসন প্ৰতিষ্ঠা কৰি অনুকৃতিমূলক বৃন্দাৱনী বস্ত্ৰ বোৱাৰ প্ৰস্তুতি চলোৱা হৈছিল। জনাৰ্দন দেৱ গোস্বামীৰ লগত মোৰ তেজৰ হিচাপে মোৰ দ্বিতীয় জ্যেষ্ঠ ভাতৃ। তেওঁ হিন্দু মহাসংঘ অসমৰ সভাপতি হিচাপে হিন্দু সুৰক্ষা তেওঁ দায়িত্ব কিন্তু সেই বুলি তেওঁ সকলো মন্তব্য আমাৰ মন্তব্য নহয়। তথাপি তেখেতক মাতি আনি আমি এক বৈষ্ণৱ সভা যোগেদি তেখেতক অসম, অসমীয়াৰ ক্ষতি মন্তব্য নকৰিবলৈ সকীয়াই দিয়া হৈছে বুলি সত্ৰাধিকাৰ গৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। ইফালে জনাৰ্দন দেৱ গোস্বামীৰ মন্তব্যৰ বিৰুদ্ধে বিভিন্ন জনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই সন্দৰ্ভত নতুন চামগুৰি সত্ৰৰ অধিকাৰে কয় যে-তেওঁ শংকৰদেৱক নামানে যদি অসম ত্যাগ কৰক – আকৌ এবাৰ জেল খাই আহকগৈ , কয়দী সকলক সুধিব শংকৰদেৱ গুৰু হয়নে নহয় তেওঁলোকে নহয় বুলি কলে মানি লম ৷ মুখাশিল্পী ড° হেমচন্দ্ৰ গোস্বামীয়ে কয় যে-জনাৰ্দ্দন সত্ৰাধিকাৰ নহয়। সৰ্বগুণাকৰ শংকৰদেৱেক গুৰু বুলি কওক আমি ভাল পাম। দীপক গোস্বামীয়ে কয় যে-জনাৰ্দ্দন প্ৰভু এজন বিতৰ্কিত ব্যক্তি, তেওঁ বিৰ্তক কৰি ভাল পায়। ইফালে জনাৰ্দন দেৱ গোস্বামীৰ উক্ত মন্তব্যবোৰে এটকা মহন্তৰ থলী মাজুলীক বিপথে পৰিচালিত কৰা, শংকৰদেৱৰ ওপৰত তাশ্চিল্যসূচক মন্তব্য কৰাৰ বিৰুদ্ধে এজন ব্যক্তিয়ে আজি গড়মূৰ থানাত জনাৰ্দন দেৱ গোস্বামীৰ বিৰুদ্ধে এটা গোচৰ তৰে। গুচৰীয়াই জনাৰ্দন দেৱ গোস্বামীৰ সুমতি কামনা কৰি মাজুলীবাসীৰ ওচৰত ক্ষমা খুজিবলৈ দাবী জনায়।
প্ৰেৰক জীৱন বৰুৱা