নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিজাৰ্ভ ক্লজৰ পিছতেই লুভীয়া আইচি দীপজ্যোতিৰ তদন্ত আৰম্ভ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, বিশেষ বাৰ্তা,  ১৪ জুন : আৰক্ষীৰ  পোচাকত দাগ লগোৱা মাজুলীৰ বালিচাপৰি থানাৰ আই চি দিপজ্যোতি কাকতিৰ কালি ৰিৰ্জাভ ক্লজ কৰাৰ পিছত আজি আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰে ৷ আজি দুপৰীয়া  মাজুলীৰ  মেৰুৱাবাৰী গাঁৱৰ ভুক্তভোগী দিব্যজ্যোতি নাথৰ বাস গৃহত উপস্থিত হয় মাজুলী আৰক্ষীৰ দল।মাজুলী কমলাবাৰী আৰক্ষীৰ  প্ৰতিম গগৈৰ নেতৃত্বত এটি আৰক্ষী দল উপস্থিত হৈ দিব্যজ্যোতিৰ পিতৃ আনন্দ নাথ আৰু দিব্যজ্যোতি পৰা সমগ্ৰ ঘটনাৰ ভাষ্য গ্ৰহণ কৰে ৷ ইফালে এই সমগ্ৰ ঘটনাক লৈ দিব্যজ্যোতিৰ পত্নীয়ে সাংবাদিকৰ আগত কয় যে মোৰ মানুহজনক বালিচাপৰি আৰক্ষী চকীত পানী এগিলাছ দিয়াৰো মানবীয়তা নাছিল আৰক্ষীৰ ৷ টকা দাবী কৰা আৰক্ষী দিপজ্যোতি কাকতিৰ ৰিৰ্জাভ ক্লজ কৰিয়ে দায়িত্ব নাসামৰিবলৈ আহ্বান পত্নীৰ ৷ আৰক্ষীৰ ভুমিকাতো সন্তুষ্ট নহয় বুলি জানিবলৈ দি পত্নীয়ে কয় মাজুলীৰ দৰে শান্তিময় এখন সত্ৰভুমিত মানুহে মানুহক এনেদৰে মাৰধৰ কৰে আমি প্ৰকৃততে কোন পৰ্যায়লৈ গৈ আছোঁ ৷ এদল উদ্মাদ লোকক গাঁওৰক্ষী বাহিনীৰ দায়িত্ব কিয় দিছে আৰক্ষীয়ে ৷ মানুহ মাৰিবলৈ গাঁওৰক্ষী বাহিনী গঠন হৈছে নিকি ৷ গাঁওবুঢ়া , গাঁওৰক্ষী বাহিনীও তদন্তৰ আওতাত আহিব লাগে বুলি মন্তব্য পত্নী গৰাকীৰ ৷ ইফালে পিতৃয় এনে নিৰ্দয় , মানবীয়াহীন দিপজ্যোতি কাকতিৰ দৰে  আৰক্ষীৰ লোকক কৰ্তব্যৰ পৰা অপসাৰিত কৰিব লাগে বুলি মন্তব্য কৰি আজি আৰক্ষীয়ে তেওঁলোকৰ ঘৰৰ পৰা দিব্যজ্যোতিৰ মবাইল আৰু ঘটনা সংঘটিত হোৱাৰ দিনা পৰিধান কৰা কাপোৰ জব্দ কৰে বুলি আমাক অৱগত কৰে ৷ এককথাত ১০ জুনৰ নিশা প্ৰায় ১ বজাত নামনি মাজুলীৰ বাঘ গাঁৱত সংঘটিত এই মৰেল পুলিচিঙৰ  ঘটনাৰ তদন্ত চলিছে তীব্ৰ গতিত । আনহাতে আজি বিয়লি নামনি মাজুলীৰ বাঘগাঁৱত সংঘটিত হোৱা মৰেল পুলিচৰ ঘটনা ঘটনা সন্দৰ্ভত বাঘগাঁৱত উপস্থিত তদন্ত কাৰী আৰক্ষী দল। ১০ জুনৰ নিশা ১ মান বজাত গাঁও খনত  প্ৰৱেশ কৰা দিব্যজ্যোতিৰ সৈতে কি ঘটনা সংঘটিত হৈছিল তাৰ প্ৰাথমিক তদন্ত আৰম্ভ হৈছে । দিব্যজ্যোতিৰ শহুৰৰঘৰৰ ওচৰত গাড়ী ৰখোৱা অবস্থাত গাঁৱৰক্ষী বাহিনীয়ে আবদ্ধ কৰি দিব্যজ্যোতিক গাঁৱৰক্ষী বাহিনীৰ নেতৃত্বত বাঘগাঁৱৰ সমীপৰ প্ৰায় পাঁচ খন গাঁৱৰ লোকে দ্বীপজ্যোতিক আবদ্ধ কৰি চুৰৰ সন্দেহত মাৰধৰ কৰাৰ অভিযোগ তুলি কালি গড়মুৰ আৰক্ষী থানাত এজাহাৰ প্ৰদান কৰিছিল দিব্যজ্যোতিৰ পিতৃ আনন্দ থাথে ৷ আনন্দ নাথে সাংবাদিকৰ আগত বালিচাপৰি আৰক্ষীয়ে ধনদাবী আৰু ডকাইতৰ দৰে ধন লোৱাৰ অভিযোগ দিয়াৰ পিছতেই আৰক্ষীয়ে ৩৯/২০২৩/ under sec 147,148,149,341,342,324,325,387,506 ধাৰাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰাৰ লগতে আই চি দিপজ্যোতি কাকতিৰো ৰিৰ্জাভ ক্লজ কৰিছে ৷  আজি মাজুলীৰ আৰক্ষীয়ে প্ৰথমে  দিব্যজ্যোতিৰ ঘৰলৈ গৈ ভাষ্য সংগ্ৰহ কৰাৰ পিছত বাঘগাঁৱত উপস্থিত হৈ সোধপোছ আৰম্ভ কৰিছে ৷ পৰৰ্বতি সময়তহে ঘটনাই কি ৰূপ লয় সেয়া লক্ষনীয় হব।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড
You might also like