নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হায়দৰাবাদত মাজুলীৰ যুৱকৰ কৰুণ মৃত্যু

🔹 বন্ধুৱে হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ 
নিয়মীয়া বাৰ্তা, ২৫ ছেপ্টেম্বৰ : পঢ়া-শুনা শেষ কৰাৰ পিছতেই মাজুলীৰ প্ৰায়সংখ্যক যুৱকে কৰ্মসংস্থাপনৰ বাবে বহি:ৰাজ্যলৈ ধাপলি মেলে ৷ কিন্তু শেহতীয়াকৈ মাজুলীৰ পৰা বহি:ৰাজ্যলৈ যোৱা বহু যুৱক ৰহস্যজনক কাৰণত হায়দৰাবাদ, কেৰালা আদিত অকাল মৃত্যুক সাবটিব লগা হৈ আহিছে ৷ কিন্তু এই মৃত্যুৰ প্ৰকৃত কাৰণ আজিও গাম নাপায় মাজুলীৰ অভিভাৱকসকলে ৷ দুখীয়া পৰিয়ালৰ যুৱক হোৱাৰ বাবেই পুত্ৰৰ মৃত্যুৰ ৰহস্য উলিয়াবলৈ যাব নোৱাৰে অসমৰ বাহিৰলৈ ৷ উল্লেখ্য যে পুনৰ কালি মাজুলী ফুলনি আৰক্ষী চকীৰ অন্তৰ্গত নিকিনিখোৱাৰ উদীয়মান যুৱক ৰাকেশ বৰা (১৮)ই হায়দৰাবাদত আকস্মিকভাৱে মৃত্যুক আঁকোৱালি লোৱা ঘটনাই শোকৰ ছাঁ পেলাইছে। মৃত যুৱকজন ৰঙাচাহী গাঁও পঞ্চায়তৰ নিকিনিখোৱা গাঁও নিবাসী সুভাষ বৰাৰ পুত্ৰ।  ৰাকেশ বৰাই পিতৃ সুভাষ বৰাৰ সৈতে কৰ্মসংস্থাপন বিচাৰি চাৰি বছৰ পূৰ্বে ওলাই গৈছিল ৷ পিতা-পুত্ৰ দুয়ো বহুজাতিক কোম্পানীত বিগত চাৰি বছৰ ধৰি কাম কৰি আছিল। তেওঁলোকৰ মাজত থকা ৰুমৰ দূৰত্ব প্ৰায় দহ কিলোমিটাৰ। ঘটনা মতে, যোৱা ২২ ছেপ্টেম্বৰৰ সন্ধিয়া প্ৰায় পাঁচ বজাত সামগ্ৰী কিনিবলৈ ৰুমৰ পৰা দোকানলৈ বুলি ওলাই যায় যদিও আৰু ঘূৰি নাহিল। ২৩ ছেপ্টেম্বৰ পৰ্য্যন্ত কোনো সূং-শুত্ৰ লাভ নকৰাত সন্দেহ প্ৰকাশ কৰি সংশ্লিষ্ট আৰক্ষী থানাত ৰাকেশ বৰা নিৰুদ্দেশ হোৱা ঘটনা সন্দৰ্ভত পিতৃ সুভাষ বৰাই এজাহাৰ দাখিল কৰে। ইয়াৰ পিছত আৰক্ষীয়ে ৰাকেশৰ সন্ধানত ২৩ ছেপ্টেম্বৰৰ দিনা অভিযান চলোৱাৰ সময়ত কেৱল তেওঁৰ ম’বাইলটো উদ্ধাৰ কৰে। ইয়াৰ পিছত মাজুলী ৰঙাচাহী নিকিনিখোৱা গাঁৱৰ পৰিয়ালৰ লোকে কালি মাজুলী জিলা উপায়ুক্তক বিষয়টো অৱগত কৰাৰ পিছত বিয়লি প্ৰায় ৪ বজাত এটা ড্ৰেনৰ মাজত পৰি থকা অৱস্থাত ৰাকেশ বৰাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ মাজুলী জিলা প্ৰশাসনে পৰিয়ালৰ লোকক জানিবলৈ দিয়াৰ লগে লগে পৰিয়াল তথা আত্মীয়ৰ লগতে সমগ্ৰ মাজুলীত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ঘটনাৰ পিছত শোকসন্তপ্ত পৰিয়ালত মানুহৰ ভিৰ পৰিলক্ষিত হয়। বন্ধুৱে হত্যা কৰাৰ সন্দেহ কৰে পৰিয়ালটোৱে। উল্লেখ্য যে মাজুলী ৰঙাচাহী নিকিনিখোৱা গাঁও নিৱাসী সুভাষ বৰাৰ পৰিয়ালৰ অৱস্থা আৰ্থিকভাৱে অতি  শোচনীয় ৷ পৰিয়ালৰ লোকে মাজুলীৰ বিধায়ক আৰু মুখ্যমন্ত্ৰীলৈ ৰাকেশৰ মৃতদেহ মাজুলীলৈ আনি দিয়াৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে ৷
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড
You might also like